ৰাফায়েল | |
---|---|
ৰাফায়েলৰ চিত্ৰ[1] | |
নাম | Raffaello Sanzio da Urbino |
জন্ম | ২৮ মাৰ্চ, ১৪৮৩ বা ৬ এপ্ৰিল, ১৪৮৩ Urbino, Marche, ইটালী |
মৃত্যু | ৬ এপ্ৰিল, ১৫২০ (৩৭ বছৰ) ৰোম, ইটালী |
দেশ | ইটালীয় |
পেচা | চিত্ৰকলা আৰু স্থাপত্য |
বিপ্লৱ | উচ্চ নৱজাগৰণ |
ৰাফায়েল (ইংৰাজী: Raffaello Sanzio da Urbino)[2] ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা (clarity of form) তথা সৃষ্টিৰ সৰলতা (ease of composition)ৰ বাবে প্ৰসিদ্ধ। মাইকেলেঞ্জেল' আৰু লিঅ'নাৰ্ড' দা ভিন্সিৰ লগতে এইগৰাকী শিল্পীক সেইসময়ৰ অন্যতম পথ-প্ৰদৰ্শক শিল্পী হিচাপে গণ্য কৰা হয়।[3]
ৰাফায়েলৰ জন্ম হৈছিল ইটালীৰ মাৰ্চে (Marche) অঞ্চলৰ আৰ্বিন' (Urbino) নামৰ এখন সৰু চহৰত।[4] এই চহৰতে তেওঁৰ পিতৃ জিঅ'ভেনি চান্তি (Giovanni Santi) য়ে ডিউকৰ সভাসদত শিল্পী ( court painter) হিচাপে কাম কৰিছিল।
১৪৯১ চনত ৰাফায়েলৰ আঠ বছৰ বয়সতে মাতৃ মাগিয়া ( Màgia) মৃত্যুমুখত পৰে। ইয়াৰ পিছতে ১৪৯৪ চনত তেওঁৰ পিতৃৰো মৃত্যু হয়। কমবয়সতে মাউৰা হৈ পৰা ৰাফায়েলে খুড়াকৰ তত্ত্বাবধানত ডাঙৰ হয়। তেওঁৰ কৈশোৰ অৱস্থাতে অঁকা এখন স্ব-প্ৰতিকৃতিৰ যোগেদি ৰাফায়েলে পোন-প্ৰথমে প্ৰতিভাৰ পৰিচয় দিয়ে।[5] পৰৱৰ্ত্তীকালত তেওঁ আৰ্বিন'ত অন্য এগৰাকী শিল্পী পাওল' উচ্ছেল' (Paolo Uccello) ৰ সান্নিধ্যলৈ আহে আৰু অংকন সম্পৰ্কীয় কিছু প্ৰশিক্ষণ লাভ কৰে।[6]
ৱিকিমিডিয়া কমন্সত ৰাফায়েল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |