ৰাভেন পখিলা (Common Raven) | |
---|---|
Papilio castor | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. castor |
বৈজ্ঞানিক নাম | |
Papilio castor Westwood, 1842 |
ৰাভেন পখিলা (ইংৰাজী: Common Raven, বৈজ্ঞানিক নাম-Papilio castor) দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷
মতা ৰাভেন পখিলাৰ পাখিৰ ওপৰফালৰ বৰণ ক'লা৷ পাখিত হালধীয়া-মটিয়া বৰণৰ দাগ (scale) থকা দেখা যায়৷ তদুপৰি পাতলীয়াকৈ দীঘলীয়া আঁচ কিছুমানো থকা দেখা যায়৷ ইয়াৰ পিছফালৰ পাখি ( hind wing) ত ক্ৰীমবৰণীয়া দাগ কিছুমান থাকে, তাতে ডিম্বাকৃতিৰ এটা দাগ থাকে৷ আগফালৰ পাখি ( fore wing) ত তললৈ সৰু সৰু বগা দাগ থকা দেখা যায়৷
মাইকী ৰাভেন পখিলাৰ পাখিৰ ওপৰৰ অংশ (upperside) মতা ৰাভেন পখিলাতকৈ শেঁতা বৰণীয়া হয়৷ কিন্তু ইয়াৰ পাখিত থকা হালধীয়া বা ৰঙচুৱা দাগবোৰ বেছি ঘন হয়৷ ইয়াৰ আগফালৰ পাখিৰ দাগবোৰ মতা ৰাভেন পখিলাটোৰ দৰেই হয়৷ কেৱল ওপৰিঞ্চিকৈ ইয়াৰ পিছফালৰ পাখিত বিয়পি যোৱা ধূসৰ বগা দাগ কিছুমান থাকে৷ ইয়াৰ এন্টানাডাল ক'লা বৰণৰ, মূৰ, থ'ৰাক্স আৰু পেট অংশ ধূসৰ মটীয়া আৰু বগা ফুটুকীয়া হোৱা দেখা যায়৷ [1]
ৰাভেন পখিলাৰ মূল প্ৰজাতি (nominate ) হৈছে Papilio castor৷ ইয়াৰে অন্যান্য ওচৰ সম্পৰ্কীয় প্ৰজাতিবোৰ হ'ল
উত্তৰ-পূব ভাৰত, ম্যানমাৰ আৰু দক্ষিণ-পূব এছিয়াত ৰাভেন পখিলা দেখিবলৈ পোৱা যায় আৰু কিছুমান সময়ত অসমতো দেখিবলৈ পোৱা যায়।