মেজৰ ৰাম ৰাঘোবা ৰাণে পি.ভি.চি | |
---|---|
![]() | |
জন্ম | ২৬ জুন, ১৯১৮ চেণ্ডিয়া, কাৰৱাৰ জিলা, বোম্বাই প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটক, ভাৰত) |
মৃত্যু | ১১ জুলাই, ১৯৯৪ (৭৬ বছৰ) পুনে, মহাৰাষ্ট্ৰ |
আনুগত্য | ![]() ![]() |
চাকৰি/শাখা | ![]() ![]() |
চাকৰিৰ কাৰ্যকাল | ১৯৪০–১৯৬৮ |
পদমৰ্যদা | ![]() |
চাৰ্ভিছ নাম্বাৰ | IC-7244[1] |
ইউনিট | বোম্বাই চেপাৰছ |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধ |
পুৰস্কাৰ | ![]() |
মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (ইংৰাজী: Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।
ৰাম ৰাঘৱ ৰাণেই ১৯১৮ চনৰ ২৬ জুনত এটা দৰিদ্ৰ পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[2][3] তেওঁলোকৰ পৰিয়াল কৰ্ণাটকৰ চেণ্ডিয়া গাঁৱৰ এটা কোংকনী ভাষী মাৰাঠী পৰিয়াল আছিল।[4] ৰাণেৰ প্ৰাথমিক শিক্ষা পিতৃৰ সঘনাই বদলিকৰণ হোৱাৰ বাবে বিশৃংখল হৈ পৰিছিল। ১৯৩০ চনত তেওঁ ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে চলোৱা অসহযোগ আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হয়। আন্দোলনৰ সৈতে তেওঁৰ জড়িত হোৱাই তেওঁৰ পিতৃক আতংকিত কৰি তুলিছিল আৰু তেখেতে পৰিয়ালটোক চেণ্ডিয়াত থকা পূৰ্বপুৰুষৰ গাঁওখনলৈ ঘূৰাই লৈ গৈছিল।[5]
২০০৬ চনৰ ৭ নৱেম্বৰত কৰ্ণাটকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিচ্চত আই.এন.এছ চাপাল ৱাৰশ্বিপ মিউজিয়ামৰ কাষতেই ৰানেৰ স্মৃতিত এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। ইয়াক উদ্বোধন কৰিছিল ক্ষুদ্ৰ উদ্যোগৰ প্ৰাক্তন মন্ত্ৰী শিবানন্দ নাইক আৰু সভাপতিত্ব কৰিছিল তেতিয়াৰ ফ্লেগ অফিচাৰ কমাণ্ডাৰ-ইন-চিফ, ৱেষ্টাৰ্ণ কমাণ্ড, ভাইচ এডমিৰেল সংগ্ৰাম সিং বাইচে।[6]
|