![]() | ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
Ramakrishna ৰামকৃষ্ণ পৰমহংস | |
---|---|
![]() দক্ষিণেশ্বৰত ৰামকৃষ্ণ পৰমহংস | |
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৮৩৬ |
প্ৰকৃত নাম | গদাধৰ চট্টোপাধ্যায় |
উপাধি/সন্মান | পৰমহংস |
গুৰু | ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায় |
দৰ্শন | অদ্বৈত বেদান্ত, ভক্তি |
ৰামকৃষ্ণ পৰমহংস (ⓘ) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথোঁ ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন। [উদ্ধৃতিৰ প্ৰয়োজন]
ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগৰ গাঁও কামাৰপুকুৰত। তেওঁৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায়[1] আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী। ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেওঁৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল।
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
![]() |
১৮৫৫ চনত কলকাতাৰ এগৰাকী চহকী কৈৱৰ্ত সম্প্ৰদায়ৰ মহিলা ৰাণী ৰাসমণিয়ে নিৰ্মাণ কৰা দক্ষিণেশ্বৰ কালি মন্দিৰত ৰামকুমাৰে পূজাৰী হিচাপে যোগদান কৰিছিল।[2] ৰামকৃষ্ণ আৰু তেওঁৰ ভতিজাক হৃদয় ৰামকুমাৰৰ সহকাৰী ৰূপে মূৰ্তি সজোৱাৰ কামত নিয়োজিত হৈছিল। ১৮৫৬ চনত ৰামকুমাৰৰ মৃত্যুৰ পিছত ৰামকৃষ্ণই মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।[3] কলকতাৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেওঁৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল। কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেওঁৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিণেশ্বৰত থকা কালী মাতাৰ মন্দিৰত ককায়েকে তেওঁক পুৰোহিতৰ দায়িত্ব সঁপিলে। ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত। এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেওঁ লাভ কৰিলে পৰম দিব্য জ্ঞান।
ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল। আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেওৰ পথ প্ৰদৰ্শক। তেওঁ ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল। ওণ ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয়দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেওঁলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা। সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল।
জীৱনৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰতে থাকিবলৈ ল'লে। শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেওঁ মাথোঁ হাঁহিবলৈ ধৰিলে। তেওঁৰ শিষ্যসকলে তেওঁক ঠাকুৰ নামেৰে মাতিছিল। ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয়ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল। আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথোঁ অজ্ঞানৰ আন্ধাৰ। ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেওঁ হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেওঁৰ আত্মাই শান্তি নাপাব। ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল।
ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উছৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ।
তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।
![]() |
ৱিকিমিডিয়া কমন্সত Ramakrishna সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিউদ্ধৃতিত ৰামকৃষ্ণ পৰমহংস বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
![]() |
ৱিকিউৎসত ৰামকৃষ্ণ পৰমহংস বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |