ৰামচন্দ্ৰ গুহ |
---|
জন্ম |
২৯ এপ্ৰিল, ১৯৫৮ ডেৰাডুন |
---|
পেচা |
ইতিহাসবিদ, লেখক, বুদ্ধিজীৱী, অধ্যাপক |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
মাতৃশিক্ষায়তন |
দিল্লী বিশ্ববিদ্যালয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
ইণ্ডিয়া আফটাৰ গান্ধী (২੦੦৭), গান্ধী বিফৰ ইণ্ডিয়া (২੦১৩), গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড (২੦১৮), |
---|
দাম্পত্যসংগী |
সুজাতা কেশৱন |
---|
ৱেবছাইট |
https://ramachandraguha.in/ |
ৰামচন্দ্ৰ গুহ (জ. ২৯ এপ্ৰিল, ১৯৫৮, ইংৰাজী: Ramchandra Guha) এগৰাকী ভাৰতীয় ইতিহাসবিদ, পৰিৱেশতন্ত্ৰবিদ, লেখক আৰু বুদ্ধিজীৱী৷[1] তেওঁৰ গৱেষণাৰ ক্ষেত্ৰবোৰত সামাজিক, ৰাজনৈতিক, পৰিৱেশতন্ত্ৰ আৰু ক্ৰিকেটৰ ইতিহাস অন্তৰ্ভুক্ত৷ তেওঁ আধুনিক ভাৰতৰ ইতিহাস বিষয়ত এগৰাকী মান্যতাপ্ৰাপ্ত পণ্ডিত৷ আমেৰিকান হিষ্টৰিকেল এছচিয়েশ্যন(AHA)-এ গুহক ২੦১৯ চনৰ বাবে সন্মানজনক বিদেশী সদস্য বঁটা প্ৰদান কৰিছিল৷ উক্ত সংস্থাটোৱে স্বীকৃতি প্ৰদান কৰা তেওঁ একমাত্ৰ ভাৰতীয় ইতিহাসবিদ৷[2]
এক বিশাল পৰিসৰ সামৰি লৈ ৰামচন্দ্ৰ গুহই আধুনিক ভাৰতৰ সমাজ-ৰাজনৈতিক ইতিহাস বিষয়ত তিনিখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰিছে৷ তাৰ ভিতৰত গান্ধী বিফৰ ইণ্ডিয়া (২੦১৩) আৰু গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড (২੦১৮) শীৰ্ষক গ্ৰন্থ দুখন হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ নায়ক মহাত্মা গান্ধীৰ দুটা খণ্ডৰ জীৱনী৷ আনখন গ্ৰন্থ হ’ল ইণ্ডিয়া আফটাৰ গান্ধী (২੦੦৭), য’ত ১৯৪৭ চনৰপৰা ২੦੦৭ চনলৈ ভাৰতৰ ইতিহাস সন্নিৱিষ্ট হৈছে৷ তিনিওখন গ্ৰন্থই বাণিজ্যিক আৰু সমালোচনাত্মক সঁহাৰি লাভ কৰিছে৷[2]
ৰামচন্দ্ৰ গুহৰ জন্ম হৈছিল ১৯৫৮ চনৰ ২৯ এপ্ৰিল তাৰিখে ডেৰাডুন(বৰ্তমান উত্তৰাখণ্ডত)ৰ এটি তামিল ব্ৰাহ্মণ পৰিয়ালত৷[3][4] তেওঁৰ দেউতাক সুব্ৰহ্মণিয়াম ৰামদাস গুহই ডেৰাডুনৰ ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউটত চাকৰি কৰিছিল৷ তেওঁৰ মাতৃ আছিল এগৰাকী হাইস্কুল শিক্ষক৷ তেওঁৰ শৈশৱ ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউটৰ চৌহদতে অতিবাহিত হৈছিল৷[2]
গুহই স্কুলীয়া শিক্ষা লাভ কৰিছিল কেম্ব্ৰিয়ান হল আৰু ডুন স্কুলৰপৰা৷ ডুনত পঢ়ি থাকোতে তেওঁ স্কুলৰ বাতৰিকাকত দ্য ডুন স্কুল ৱিকলীত লিখিছিল আৰু অমিতাভ ঘোষৰ সৈতে হিষ্ট্ৰী টাইমছ নামৰ এখন গ্ৰন্থ সম্পাদনা কৰিছিল৷ ১৯৭৭ চনত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টীফেন্স কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰপিছত দিল্লী স্কুল অৱ ইকনমিক্সৰপৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট কলকাতাৰপৰা চিপকো আন্দোলনৰ ইতিহাস আৰু প্ৰাক-ইতিহাস বিষয়ত আলোকপাত কৰি কৰা গৱেষণাৰ বাবে পিএইচ-ডি লাভ কৰে৷ তেওঁৰ গৱেষণা গ্ৰন্থখন পিছত দ্য আনকুইট ওডছ: ইকলজিকেল চেইঞ্জ এণ্ড পীজেণ্ট ৰেজিছটেন্স ইন দ্য হিমালয় নামেৰে প্ৰকাশ পায়৷[2]
ৰামচন্দ্ৰ গুহই ক্ৰিকেট, পৰিৱেশতন্ত্ৰ, ৰাজনীতি আৰু ইতিহাসকে ধৰি বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰিছে৷ তেওঁ ২੦১৯ চনত এবছৰৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ এগৰাকী অতিথি অধ্যাপক আছিল৷ তেওঁ নিজে ২੦੦৪ চনত জন্ম দিয়া নিউ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী৷ তেওঁ ক্ৰিয়া, ষ্টেনফৰ্ড, ইয়েল, বাৰ্লিন ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডী, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স আৰু বাৰ্কেলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছে৷[2]
ৰামচন্দ্ৰ গুহই বেংগালুৰু মহানগৰত বাস কৰে৷ তেওঁৰ বিয়া হৈছিল গ্ৰাফিক ডিজাইনাৰ সুজাতা কেশৱনৰ সৈতে৷ তেওঁলোকৰ দুটি সন্তান৷ তেওঁলোকৰ পুত্ৰ কেশৱ গুহ এগৰাকী ঔপন্যাসিক৷ গুহই মদ্যপাণ নকৰে৷[2]
- ২੦੦৩ টনত চেন্নাই গ্ৰন্থমেলাত আৰ. কে. নাৰায়ণ বঁটা৷
- ২੦੦৯ চনত পদ্মভূষণ উপাধি৷
- ২੦১১ চনত ইণ্ডিয়া আফটাৰ গান্ধী গ্ৰন্থৰ বাবে সাহিত্য অকাদেমী বঁটা৷
- ২੦১১ চনত ইয়েল বিশ্ববিদ্যালয়ৰপৰা মানৱবিদ্যা বিষয়ত সন্মানজনক ডক্টৰেট উপাধি৷
- ২੦১৫ চনত ফুকোৱুকা এছিয়ান কালশ্যাৰ বঁটা৷
- ২੦১৯ চনৰ বাবে দ্য আমেৰিকান হিষ্টৰিকেল এছচিয়েশ্যনৰপৰা সন্মানজনক বিদেশী সদস্য বঁটা৷
- গুহ, ৰামচন্দ্ৰ (১৯৮৯). দ্য আনকুইট ওডছ: ইকলজিকেল চেইঞ্জ এণ্ড পীজেণ্ট ৰেজিছটেন্স ইন দ্য হিমালয়, ১৯৮৯, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-520-22235-9.
- গুহ, ৰামচন্দ্ৰ (১৯৯২). ৱিকেটছ ইন দ্য ইষ্ট, ১৯৯২, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-562809-8.
- গুহ, ৰামচন্দ্ৰ; গেডগিল, মাধৱ (১৯৯৩). ডিছ ফিছাৰ্ড লেণ্ড: এন ইকলজিকেল হিষ্ট্ৰী অৱ ইণ্ডিয়া, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-520-08296-0৷
- গুহ, ৰামচন্দ্ৰ; বৈদ্যনাথ, টি. জি (১৯৯৪). এন ইণ্ডিয়ান ক্ৰিকেট অমনিবাছ, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-563427-3.
- গুহ, ৰামচন্দ্ৰ; গেডগিল, মাধৱ (১৯৯৫). ইকলজি এণ্ড ইকুৱেলিটী: দ্য ইউজ এণ্ড এবিউজ অৱ নেশ্যাৰ ইন কণ্টেম্পৰাৰী ইণ্ডিয়া, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0-415-12524-6.
- গুহ, ৰামচন্দ্ৰ; এলিয়েৰ. জোৱান মাৰ্টিনেজ (১৯৯৭). ভেৰাইটিজ অৱ এনভাৰোনমেণ্টেলিজম: এছেইজ নৰ্থ এণ্ড ছাউথ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-1-85383-329-8.
- গুহ, ৰামচন্দ্ৰ (১৯৯৮). ছচিয়েল ইকলজী, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-564454-8.
- গুহ, ৰামচন্দ্ৰ; আৰ্নল্ড, ডেভিড (১৯৯৮). নেশ্যাৰ, কালশ্যাৰ, ইম্পিৰিয়েলিজম: এছেইজ অন দ্য এনভাৰোনমেণ্টেল হিষ্ট্ৰী অৱ ছাউথ এছিয়া, ভাৰত, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-564075-5.
- গুহ, ৰামচন্দ্ৰ (১৯৯৯). ছেভেজিং দ্য চিভিলাইজড: ৱেৰিয়াৰ এলৱিন, হিজ ট্ৰাইবেলছ এণ্ড ইণ্ডিয়া, বাৰ্কেলে, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ; ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-0-19-564781-5.
- গুহ, ৰামচন্দ্ৰ (২੦੦੦). স্পিন এণ্ড আডাৰ টাৰ্নছ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0-14-024720-6.
- গুহ, ৰামচন্দ্ৰ (২੦੦੦). এন এনথ্ৰপলজিষ্ট এমাং দ্য মাৰ্ক্সিষ্টছ, এণ্ড আডাৰ এছেইজ, নতুন দিল্লী, ভাৰত, অৰিয়েণ্ট ব্লেক ছন, ISBN 978-81-7824-001-5.
- গুহ, ৰামচন্দ্ৰ (২੦੦১). দ্য পিকাডৰ বুক অৱ ক্ৰিকেট, ভাৰত, পেন মেকমিলান, ISBN 978-0-330-39613-4.
- গুহ, ৰামচন্দ্ৰ; কৃষ্ণণ, এম (২੦੦੦). নেশ্যাৰ্ছ স্পকছমেন: এম কৃষ্ণণ এণ্ড ইণ্ডিয়ান ৱাইল্ডলাইফ, পিকাডৰ, ISBN 978-0-19-565911-5.
- গুহ, ৰামচন্দ্ৰ (২੦੦৪). এ কৰ্নাৰ অৱ এ ফৰেইন ফিল্ড: এন ইণ্ডিয়ান হিষ্ট্ৰী অৱ এ ব্ৰিটিছ স্পৰ্ট, পিকাডৰ, ISBN 978-0-330-49117-4.
- গুহ, ৰামচন্দ্ৰ (২੦੦৪). দ্য লাষ্ট লিবাৰেল এণ্ড আডাৰ এছেইজ, পাৰ্মানেণ্ট ব্লেক, ISBN 978-81-7824-073-2.
- গুহ, ৰামচন্দ্ৰ (২੦੦৪). দ্য ষ্টেটছ অৱ ইণ্ডিয়ান ক্ৰিকেট: এনেকডটেল হিষ্ট্ৰীজ, পাৰ্মানেণ্ট ব্লেক, ISBN 978-81-7824-108-1.
- গুহ, ৰামচন্দ্ৰ (২੦੦৬). হাউ মাচ্চ ছুড এ পাৰ্ছন কনজিউম?: থিংকিং থ্ৰ’ দ্য এনভাৰোনমেণ্ট, বাৰ্কেলে; অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ: ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া প্ৰেছ, ISBN 978-93-5009-259-0.
- গুহ, ৰামচন্দ্ৰ (২੦੦৭). ইণ্ডিয়া আফটাৰ গান্ধী: দ্য হিষ্ট্ৰী অৱ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেমক্ৰেচি, পিকাডৰ, ISBN 978-0-330-50554-3.
- গুহ, ৰামচন্দ্ৰ; পেৰী, জনাথন পি (২੦১১). ইনষ্টিটিউশ্যনছ এণ্ড ইনইকুৱেলিটীজ: এছেইজ ইন অনাৰ অৱ আন্ড্ৰে বেটেলি, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ, ISBN 978-0-19-807552-3.
- গুহ, ৰামচন্দ্ৰ (২੦১২). মেকাৰ্ছ এৱ মডাৰ্ন ইণ্ডিয়া, পেংগুইন ইণ্ডিয়া,ISBN 978-0-14-341924-2.
- গুহ, ৰামচন্দ্ৰ (২੦১২). পেট্ৰিয়টছ এণ্ড পাৰ্টিজানছ, পেংগুইন, ISBN 978-0-670-08386-2.
- গুহ, ৰামচন্দ্ৰ (২੦১৩). গান্ধী বিফৰ ইণ্ডিয়া, পেংগুইন, ISBN 978-0-670-08387-9.
- গুহ, ৰামচন্দ্ৰ (২੦১৪). এনভাৰোনমেণ্টেলিজম: এ গ্লবেল হিষ্ট্ৰী, ইউনাইটেড কিংডম, পেংগুইন ইউকে, ISBN 978-0-321-01169-5.
- গুহ, ৰামচন্দ্ৰ (২੦১৬). ডেমক্ৰেটছ এণ্ড ডিছেণ্টাৰ্ছ, ভাৰত, পেংগুইন ইণ্ডিয়া, ISBN 978-0670089369.
- গুহ, ৰামচন্দ্ৰ (২੦১৮). গান্ধী: দ্য ইয়েৰ্ছ ডেট চেইঞ্জড দ্য ৱৰ্ল্ড, ১৯১৪-১৯৪৮, Knopf. ISBN 978-0-385-53231-0.
- গুহ, ৰামচন্দ্ৰ (২੦২੦). দ্য কমনৱেল্থ অৱ ক্ৰিকেট: এ লাইফলং লাভ এফেয়াৰ উইথ দ্য মষ্ট ছাবটল এণ্ড ছফিষ্টিকেটেড গেইম নওন অৱ হিউমেনকাইণ্ড, হাৰ্পাৰ কলিনছ, ISBN 978-93-90327-28-7.
- গুহ, ৰামচন্দ্ৰ (২੦২২). ৰেবেলছ এগেইনষ্ট ৰাজ: ৱেষ্টাৰ্ন ফাইটাৰ্ছ ফৰ ইণ্ডিয়াজ ফ্ৰীডম, হাৰ্পাৰ কলিনছ, ISBN 978-0-008-49876-4.
- গুহ, ৰামচন্দ্ৰ (২੦੦৬). স্পীকিং ৱিথ নেশ্যাৰ : দ্য অৰিজিনছ অৱ ইণ্ডিয়ান এনভাৰোনমেণ্টেলিজম, ফৰ্থ ইষ্টেট ইণ্ডিয়া,. ISBN 978-9362134905.
- গুহ, ৰামচন্দ্ৰ (২੦੦৬). দ্য কুকিং বুকছ: এ লিটাৰেৰী মেমইৰ, জাগেৰনাট, ISBN 978-9353457099.
- ↑ 1.0 1.1 https://ramachandraguha.in/about-the-author
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 https://en.wikipedia.org/wiki/Ramachandra_Guha
- ↑ https://www.newslaundry.com/2017/06/14/response-ramchandra-guha-gandhi-caste
- ↑ https://scroll.in/article/1005143/ramachandra-guha-celebrating-the-life-of-keshav-desiraju-a-true-nehruvian-indian