বিশেষকৈ জলচৰ চৰাইৰ বাসস্থান হিচাপে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়ৰ ৰামছৰ সন্ধি | |
---|---|
![]() | |
ৰামছৰ ল'গ' | |
স্বাক্ষৰ | ২ ফেব্ৰুৱাৰী ১৯৭১ |
অৱস্থিতি | ৰামছাৰ, মজান্দৰন, ইৰাণ |
প্ৰযোজ্য | ২১ ডিচেম্বৰ ১৯৭৫ |
স্থিতি | ৭ খন ৰাজ্যৰ দ্বাৰা অনুমোদন |
দলসমূহ | ১৭১[1] |
Depositary | ইউনেস্কোৰ সঞ্চালক প্ৰধান |
ভাষাসমূহ | ইংৰাজী, ফৰাচী, স্পেনিছ, আৰু পাৰ্চী |
বিশেষকৈ জলচৰ চৰাইৰ বাসস্থান হিচাপে আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ জলাশয়ৰ ৰামছাৰ চুক্তিখন ৰামছাৰ স্থান (জলাভূমি) সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে এক আন্তৰ্জাতিক চুক্তি।[2] ইয়াক কনভেনচন অন ৱেটলেণ্ডছ বুলিও কোৱা হয়। ১৯৭১ চনত এই চুক্তি স্বাক্ষৰিত হোৱা ইৰাণৰ ৰামছাৰ চহৰৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
প্ৰতি তিনি বছৰৰ মূৰে মূৰে চুক্তিবদ্ধ পক্ষসমূহৰ প্ৰতিনিধিসকলে চুক্তিবদ্ধ পক্ষসমূহৰ সন্মিলন (COP) হিচাপে বৈঠকত মিলিত হয়। এয়া চুক্তিখনৰ নীতি নিৰ্ধাৰণকাৰী অংগ যিয়ে চুক্তিখনৰ কাম-কাজ পৰিচালনা কৰাৰ বাবে সিদ্ধান্ত (প্ৰস্তাৱ আৰু পৰামৰ্শ) গ্ৰহণ কৰে আৰু যাৰ ফলত ইয়াৰ পদ্ধতি উন্নত কৰা পক্ষসমূহে ইয়াৰ লক্ষ্যসমূহ কাৰ্যকৰী কৰিবলৈ সক্ষম হয়।[3] ২০১৫ চনত উৰুগুৱেৰ পুন্টা ডেল এষ্টেত অনুষ্ঠিত হৈছিল COP12। ২০১৮ চনৰ অক্টোবৰ মাহত সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত COP13 অনুষ্ঠিত হৈছিল।
আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়ৰ তালিকাত ২০২২ চনৰ জুলাই মাহত ২৫৫,৬৪০,৪০২ হেক্টৰ ভূমি সামৰি লোৱা ২,৪৪৫ টা ৰামছাৰ স্থান অন্তৰ্ভুক্ত কৰা হৈছে। [4]
২০২২ চনত ভাৰতৰ পাঁচটা নতুন জলাশয়ে ৰামছাৰ স্থানৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰিছে, যাৰ ফলত দেশত ৰামছৰ স্থান ৫৪ লৈ বৃদ্ধি হৈছে। পাঁচটা নতুন ৰামছাৰ স্থান হৈছে— তামিলনাডুৰ "কৰিকিলি চৰাই অভয়াৰণ্য", পল্লিকৰণাই "মাৰ্চ ৰিজাৰ্ভ ফৰেষ্ট" আৰু "পিচাৱৰাম মেংগ্ৰোভ"; মিজোৰামৰ "পালা জলাশয়" আৰু মধ্যপ্ৰদেশৰ "সাখ্যাসাগৰ"[5]
ৰামছাৰ ছাইট তথ্য সেৱা (RSIS) হৈছে এটা সন্ধানযোগ্য ডাটাবেছ যিয়ে প্ৰতিটো ৰামছাৰ ছাইটৰ তথ্য সংৰক্ষণ আৰু প্ৰদান কৰে। [6]
![]() |
ৱিকিমিডিয়া কমন্সত ৰামছৰ সন্মিলন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |