ৰামন পৰিমালা | |
---|---|
জন্ম | ২১ নৱেম্বৰ, ১৯৪৮ |
বাসস্থান | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ক্ষেত্ৰ | বীজগণিত |
কৰ্মস্থান | এমৰি বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | মুম্বাই বিশ্ববিদ্যালয়, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান |
ডক্তৰেল পৰামৰ্শদাতা | আৰ শ্ৰীধৰন |
ডক্তৰেল বিদ্যাৰ্থী | সুজাতা ৰামোদৰাই সুৱেশ ৱেনাপল্লী |
উল্লেখনীয় বঁটা | শান্তি স্বৰূপ ভাটনাগৰ বঁটা (১৯৮৭) |
ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮)[1] এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2] বহু বছৰ ধৰি তেখেতে মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান অধ্যাপক হিচাপে কাম কৰিছিল। তেওঁৰ গৱেষণাত সংখ্যা তত্ত্ব, বীজগণিতীয় জ্যামিতি, আৰু ট'প'লজিৰ ব্যৱহাৰ হয়৷[3]
ভাৰতৰ তামিলনাডুত পৰিমালাৰ জন্ম আৰু শৈশৱকাল পাৰ হৈছিল।[4] তেখেতে চেন্নাইৰ সাৰদা বিদ্যালয় ছোৱালী হাই স্কুল আৰু ষ্টেলা মাৰিচ কলেজত শিক্ষাগ্ৰহণ কৰিছিল। তেখেতে ১৯৭০ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰি ১৯৭৬ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ উপদেষ্টা আছিল টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) ৰামায়েনগৰ শ্ৰীধৰন।[5] সংখ্যাতত্ব, টপোগণিত আৰু বীজগাণিতিক জ্যামিতিৰ সহায় লৈ ঘাইকৈ তেখেতে বীজগণিতৰ ক্ষেত্ৰত গৱেষণা কৰিছে। বীজগণিতৰ কেইবাটাও দীৰ্ঘদিনীয়া তত্ব সমৰ্থন বা নাকচ কৰি তেখেতে নানা গৱেষণাপত্ৰ প্ৰকাশ কৰিছে।