ৰামবুটান | |
---|---|
![]() | |
বাকলি গুচোৱা আৰু নুগুচোৱা ৰামবুটান | |
![]() | |
ৰামবুটান ফল | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Nephelium |
প্ৰজাতি: | N. lappaceum |
দ্বৈৰাশিক নামকৰণ | |
Nephelium lappaceum L.[2] |
ৰামবুটান (বৈজ্ঞানিক নাম: Nephelium lappaceum) হৈছে Sapindaceae পৰিয়ালৰ এজোপা মধ্যম আকাৰৰ গ্ৰীষ্মমণ্ডলীয় উদ্ভিদ। এই গছৰ ফলকো ৰামবুটান বোলা হয়। ৰামবুটান দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ।[1] ই খাদ্যৰ উপযোগী আন কেইবাটাও ফল যেনে লিচু, লেটেক, পুলাছন আৰু গুইনেপৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত।[3][4]
"ৰামবুটান" শব্দটো মালয়েছিয়ান শব্দ ৰাম্বুটৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে 'চুলি' যি এই ফলবোৰৰ গাত থকা অসংখ্য চুলিসদৃশ তন্তুক সূচায়।[3][4] একেদৰে, ভিয়েটনামত ইয়াক চ'ম চ'ম (অৰ্থাৎ 'অবিন্যস্ত চুলি') বুলি কোৱা হয়।[5]
ৰামবুটানৰ জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰ হৈছে মালয়েছিয়া-ইণ্ডোনেছিয়া অঞ্চল।[3] দক্ষিণ পূব এছিয়াৰ অঞ্চলসমূহ, যেনে মালয়েছিয়া, থাইলেণ্ড, ম্যানমাৰ, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু ফিলিপাইনছত বিস্তৃতভাৱে ইয়াৰ খেতি কৰা হয়।[6][7] এই অঞ্চলৰ পৰা গছবিধ এছিয়া, আফ্ৰিকা, অ'চেনিয়া আৰু মধ্য আমেৰিকালৈ বিস্তাৰিত হৈছে।[8]
১৩ৰ পৰা ১৫ শতিকাত, ভাৰতীয় মহাসাগৰৰ বাণিজ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰব ব্যৱসায়ীসকলে পূব আফ্ৰিকাৰ জাঞ্জিবাৰ আৰু পেম্বালৈ ৰামবুটান আনিছিল।[3] ভাৰতৰ কিছু কিছু অঞ্চলত সীমিত সংখ্যক ৰামবুটান গছ আছে। ঊনবিংশ শতিকাত ডাচ্চসকলে তেওঁলোকৰ দক্ষিণ-পূব এছিয়াৰ উপনিৱেশৰ পৰা দক্ষিণ আমেৰিকাত থকা ছুৰিয়ানামলৈ ৰামবুটান আনিছিল। পৰৱৰ্তী সময়ত, ইয়াৰ সঁচ গ্ৰীষ্মমণ্ডলীয় আমেৰিকালৈ প্ৰসাৰিত হয়, আৰু কলম্বিয়া, ইকুৱেডৰ, হণ্ডুৰাছ, কোষ্টাৰিকা, ট্ৰিনিদাদ আৰু কিউবাৰ উপকূলীয় নিম্নভূমিসমূহত ইয়াক ৰোপণ কৰা হয়। ১৯১২ চনত ইণ্ডোনেছিয়াৰ পৰা ফিলিপাইনছলৈ ৰামবুটানৰ আগমণ ঘটে।[3] ১৯৫০ৰ দশকলৈকে ইয়াৰ বিতৰণ সীমিত আছিল।
১৯০৬ চনত জাভাৰ পৰা আমদানি কৰা বীজৰ সৈতে দক্ষিণ-পূব আমেৰিকালৈ ৰামবুটানৰ সঁচ কঢ়িয়াই অনাৰ প্ৰচেষ্টা চলে যদিও প'ৰ্ট' ৰিকোৰ বাহিৰে এই প্ৰজাতিৰ খেতি সফল নহ'ল।[3][4]
ই এবিধ চিৰসেউজ উদ্ভিদ। ইয়াৰ উচ্চতা ১৫-২৪ মিটাৰ (৪৯-৭৯ ফুট) পৰ্যন্ত হ'ব পাৰে।[4] পাতৰ দৈৰ্ঘ্য ১৪-৩০ ছে:মি: হয়। ফুলবোৰ ক্ষুদ্ৰকায়, পাহিবিহীন, চক্ৰাকাৰ আৰু ১৫-৩০ ছেঃমিঃ বহল।[4]
ৰামবুটান গছ পুৰুষ (যি কেৱল বাঁজী ফুল উৎপন্ন কৰে আৰু ফল উৎপন্ন নকৰে) বা স্ত্ৰী (যি ফুল কেৱল কাৰ্য্যকৰীভাৱে স্ত্ৰী) বা উভয়লিংগী (যি গৰ্ভৱতী ফুল উৎপত্তি কৰে আৰু ইয়াত পুৰুষ ফুলৰ এটা ক্ষুদ্ৰ শতাংশ থাকে) হ'ব পাৰে।
ৰামবুটানৰ ফলটো ঘূৰণীয়া বা অণ্ডাকাৰ হয়। ই এগুটীয়া। ই ৩-৬ ছেঃমিঃ (কেতিয়াবা ৮ ছে:মি:লৈকে) দীঘল আৰু ৩-৪ ছে:মি: বহল হয়। ১০-২০ টা ফল একেলগে থূপ খাই থাকে। ইয়াৰ বাকলি ৰঙা বৰণৰ (কেতিয়াবা কমলা বা হালধীয়া) হয়।[9]
ফলটোৰ মঙহাল অংশ বগা বা পাতল গুলপীয়া হয়। ইয়াৰ সোৱাদ মিঠা আৰু আঙুৰৰ দৰে সামান্য এচিডযুক্ত গোন্ধৰ।[4]
ইয়াৰ বীজ উজ্জ্বল ক'লা আৰু প্ৰায় ১.৩ ছে:মি: ব্যাসৰ।[4][7][10]
ৰামবুটান উষ্ণ গ্ৰীষ্মমণ্ডলীয় জলবায়ুৰ উদ্ভিদ আৰু ই আৰু ১০°C-ৰ তলৰ তাপমাত্ৰাৰ প্ৰতি সংবেদনশীল। ই বাণিজ্যিকভাৱে বিষুৱ ৰেখাৰ ১২-১৫°-ৰ ভিতৰত হয়।[4][11] ই সাগৰপৃষ্ঠৰ পৰা ৫০০ মিটাৰ (১,৬০০ ফুট) উচ্চতাত ভালকৈ বৃদ্ধি পায় আৰু জৈৱিক পদাৰ্থ সমৃদ্ধ বোকা বা বালি মাটিত ভালদৰে বৃদ্ধি পায়। ই যথেষ্ট পানী প্ৰবাহিত হোৱা পৰ্বতীয়া অঞ্চলতো হয়।[11]
ৰামুবুটানৰ পুলি গ্ৰাফ্টিং, এয়াৰ-লেয়াৰিং, আৰু বাডিঙৰ দ্বাৰা কৰিব পাৰি।[11] বাডিং পদ্ধতিৰে কৰা গছবোৰে ২ৰ পৰা ৩ বছৰৰ পিছত ফল দিব পাৰে আৰু ৮ৰ পৰা ১০ বছৰৰ পিছত সৰ্বোত্তম উৎপাদন হয়। বীজৰ পৰা গছবোৰে ৫-৬ বছৰৰ পিছত ফল দিয়ে।