ৰামায়ণ | |
---|---|
শৈলী | পৌৰাণিক |
নিৰ্মাতা | ৰামানন্দ সাগৰ |
পৰিচালক | ৰামানন্দ সাগৰ |
অভিনয়ত | অৰুণ গোবিল দীপিকা চিখলিয়া সুণীল লাহড়ী দাৰা সিঙ |
সংগীত পৰিচালক | ৰবীন্দৰ জৈন |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ৭৮ |
প্ৰযোজনা | |
কাৰ্যবাহী প্ৰযোজক | সুভাষ সাগৰ |
প্ৰযোজক | ৰামানন্দ সাগৰ আনন্দ সাগৰ মোতি সাগৰ |
সম্পাদক | সুভাষ সেগগল |
চিত্ৰগ্ৰহণকাৰী | অজিত নায়ক |
কেমেৰাৰ ছেটআপ | মাল্টি-কেমেৰা |
দৈৰ্ঘ্য | ৩৫ মিনিট |
ষ্টুডিঅ’ | সাগৰ ফিল্মছ |
সম্প্ৰচাৰ | |
মূল ছেনেল | ডিডি নেছ'নেল |
দৃশ্যৰ ফৰমেট | |
প্ৰদৰ্শনৰ সময় | ২৫ জানুৱাৰী ১৯৮৭ | – ৩১ জুলাই ১৯৮৮
কালক্ৰম | |
উত্তৰসূৰী | লৱ কুশ |
সংশ্লিষ্ট ধাৰাবাহিক | ৰামায়ণ (২০০৮) |
ৰামায়ণ হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।[1] ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত এই ধাৰাবাহিকখন নিৰ্মাণ হৈছিল আৰু কাহিনীটোৰ মূল ভিত্তি আছিল বাল্মিকীৰ "ৰামায়ণ" আৰু তুলসীদাসৰ "ৰামচৰিত মানস"।[2] ধাৰাবাহিখনৰ ভিউৱাৰশ্বিপ আছিল ৮২%, যিটো যিকোনো ভাৰতীয় ধাৰাবাহিকৰ বাবেই অভিলেখসৃষ্টিকাৰী। ৰামায়ণৰ প্ৰতিটো খণ্ডৰ বাবে ডিডি নেছ'নেল ৪০ লাখ টকা উপাৰ্জন কৰিছিল।[3]
২০২০ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ৰামায়ণ পুনৰ সম্প্ৰচাৰিত হয় আৰু গোলকীয় প্ৰেক্ষাপটত কেইবাটাও নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পুনৰসম্প্ৰচাৰিত ৰামায়ণে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰ্শনপ্ৰাপ্ত ধাৰাবাহিকৰ মৰ্যাদা লাভ কৰে।[4][5][6][7][8][9]