সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ২০০৯[1] |
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | নতুন দিল্লী, ভাৰত |
কৰ্মচাৰী | ৬৪৯[2] |
বাৰ্ষিক বাজেট | প্ৰায় ₹১১৫ কোটি[2] |
সংস্থাৰ কাৰ্যবাহী | যোগেশ চান্দেৰ মোদী, আইপিএছ, সঞ্চালক প্ৰধান |
পিতৃ সংস্থা | গৃহ মন্ত্ৰণালয় |
ৱেবছাইট | www |
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা।[3] ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে। ৰাজ্যসমূহৰ পৰা বিশেষ অনুমতি নোলোৱাকৈয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থায়ে সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ চলায় থাকিব পাৰে। ২০০৮ চনৰ ৩১ ডিচেম্বত সংসদত গৃহীত হোৱা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বিধি ২০০৮ ৰ অনুসৰি ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।[4][5][6][7]
২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদ আক্ৰমণৰ ঠিক পিছতেই ভাৰতত এক স্বতন্ত্ৰ সন্ত্ৰাসবাদ বিৰোধী অনুসন্ধান সংস্থাৰ অভাৱ অনুভৱ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা স্থাপন কৰা হৈছিল। ইয়াৰ দণ্ডাজ্ঞাৰ হাৰ অতি উচ্চ। বৰ্তমান এই হাৰ ৯৫%। এতিয়ালৈকে ই পঞ্জীভুক্ত কৰা ১৮৫টা গোচৰৰ ভিতৰত ১৬৭টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে।[8]
ৰাধা বিনোদ ৰাজু ইয়াৰ প্ৰথম সঞ্চালক প্ৰধান আছিল।[9][10]বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া যোগেশ চান্দেৰ মোদী ইয়াৰ সঞ্চালক প্ৰধান। তেওঁ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে।[11]