ৰাষ্ট্ৰীয় নিমখ সত্যগ্ৰহ স্মৃতিসৌধ | |
---|---|
![]() | |
প্ৰতিষ্ঠা | ৩০ জানুৱাৰী ২০১৯ |
অৱস্থিতি | ডাণ্ডী, নৱসাৰী, গুজৰাট, ভাৰত |
স্থানাংক | 20°53′29″N 72°47′59″E / 20.89139°N 72.79972°Eস্থানাংক: 20°53′29″N 72°47′59″E / 20.89139°N 72.79972°E |
প্ৰকাৰ | স্মৃতিসৌধ |
ৱেবছাইট | nssm.in |
ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক বা ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক (ইংৰাজী: National Salt Satyagraha Memorial) বা দাণ্ডী স্মাৰক ভাৰতৰ গুজৰাটৰ ডাণ্ডী নামৰ এখন গাঁৱত অৱস্থিত এক স্মৃতিসৌধ। এই স্মাৰকৰ দ্বাৰা লোণ সত্যাগ্ৰহৰ অংশগ্ৰহণকাৰীসকলক সন্মান জনোৱা হয়। এই লোণ সত্যাগ্ৰহ আছিল ঔপনিৱেশিক ভাৰতৰ এক অহিংস কাৰ্য যিটোত ১৯৩০ চনত মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল। ১৫ একৰ (৬১,০০০ মিটাৰ বৰ্গফুট) জুৰি বিস্তৃত এই স্মৃতিসৌধটো উপকূলীয় চহৰ ডাণ্ডীত অৱস্থিত, য'ত ১৯৩০ চনৰ ৫ এপ্ৰিলত লোণ সত্যাগ্ৰহৰ অন্ত পৰে আৰু সাগৰৰ পানী উতলাই নিমখ উৎপাদন কৰি ব্ৰিটিছৰ নিমখৰ ওপৰত একচেটিয়া অধিকাৰ ভংগ হয়।[1] আনুমানিক ৮৯ কোটি টকা (১১ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যয়ৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল।[2]
ৰাষ্ট্ৰীয় নিমখ সত্যগ্ৰহ স্মৃতিসৌধৰ বিকাশৰ প্ৰকল্পটো হাই লেভেল মেমৰিয়েল কমিটি(High Level Dandi Memorial Committee, HLDMC)ৰ কল্পনা আৰু পৰামৰ্শত নিৰ্মিত হৈছিল আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়এ ইয়াক সমৰ্থন কৰিছিল[3] আৰু লগতে আই আই টি মুম্বায়ে ডিজাইন সমন্বয় সংস্থা হিচাপে সেৱা আগবঢ়াইছিল।[4] ২০১৯ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্মৃতিসৌধ উদ্বোধন কৰে।[5]
এই স্মৃতিসৌধটো ইংৰাজী "A" আখৰৰ আকৃতিৰ ৪০ মিটাৰ (১৩০ ফুট) ষ্টীলৰ ফ্ৰেম, যিয়ে দুখন হাতৰ প্ৰতীক বুজায়। সাগৰৰ উপকূলৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক জাৰণ নোহোৱা পদাৰ্থৰে গঠিত কৰা হয়। কীৰ্তিচিহ্নটোৰ শিখৰত নিমখৰ স্ফটিকটোক প্ৰতিনিধিত্ব কৰা ২.৫ টন (২৫০০ কিলোগ্ৰাম) ওজনৰ কাঁচৰ ঘনকটোৱে নিমখ চিহ্নিত কৰে। ঘনকটো ৰাতি লেজাৰ লাইটৰ দ্বাৰা আলোকিত কৰা হয় যিয়ে এটা পিৰামিডৰ দৃশ্য সৃষ্টি কৰে। ঘনকটোৰ ছাউনিৰ তলত, গান্ধীৰ এটা ৫ মিটাৰ (১৬ ফুট) ওখ মূৰ্তি আছে। ২০১৪ চনত মুম্বাইত এই মূৰ্তিটো ষাঠিটা পৃথক পৃথক টুকুৰা গোটাই এটা মূৰ্তিত একত্ৰিত কৰি ডাণ্ডীলৈ লৈ যোৱা হৈছিল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ দুবছৰতকৈও অধিক সময় লাগিছিল। এই ভাস্কৰ্য সদাশিৱ সাথে নামৰ এজন শিল্পীৰ দ্বাৰা নিৰ্মিত। [6]