ৰাৱণ | |
---|---|
![]() | |
খ্ৰীষ্টিয় অষ্টাদশ শতিকাৰ ৰাৱণৰ মূৰ্তি | |
পূৰ্বসূৰী | কুবেৰ |
উত্তৰাধিকাৰী | বিভীষণ |
দাম্পত্য সঙ্গী | |
সন্তান | |
মাতৃ | কৈকেষী |
পিতৃ | ঋষি বিশ্ৰবা |
ৰাৱণ (ইংৰাজী: Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।[1][2]
ৰামায়ণত, ৰাৱণক ঋষি বিশ্ৰবা আৰু কৈকেষীৰ জ্যেষ্ঠ পুত্ৰ বুলি বৰ্ণনা কৰিছে। তেওঁ ৰামৰ পত্নী সীতাক লংকালৈ অপহৰণ কৰি আনি অশোক বাটিকাত বন্দী কৰি ৰাখিছিল,[3] আৰু ৰাৱণে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। পিছত ৰামে বানৰ ৰজা সুগ্ৰীৱ আৰু তেওঁৰ বানৰসৈন্যৰ সৈতে ৰাৱণৰ লংকা আক্ৰমণ কৰে। ৰামে ৰাৱণক হত্যা কৰি প্ৰিয় পত্নী সীতাক উদ্ধাৰ কৰিছিল।[4][5]
তেওঁৰ ছয়জন ভাই আৰু দুজনী ভনী আছিল।[1]
ক্ৰমিক নং | পিতৃ | মাতৃ | ভাই | ভনী |
---|---|---|---|---|
১ | ঋষি বিশ্ৰবা | দেৱবৰ্ণিনী | কুবেৰ | ------ |
২ | ঋষি বিশ্ৰবা | কৈকেষী | বিভীষণ | ------ |
৩ | ঋষি বিশ্ৰবা | কৈকেষী | কুম্ভকৰ্ণ | ------ |
৪ | ------ | ------ | খৰ | ------ |
৫ | ------ | ------ | দূষণ | ------ |
৬ | ------ | ------ | ৰজা অহিৰাৱণ | ------ |
৭ | ------ | ------ | ------ | কুম্ভিণী |
৮ | ঋষি বিশ্ৰবা | কৈকেষী | ------ | শূৰ্পনখা |
ভাগৱত পুৰাণ অনুসৰি, ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ (ব্ৰহ্মাৰ মন বা চিন্তা শক্তিৰ পৰা জন্ম হোৱা পুত্ৰ) বিষ্ণুৰ দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিল।
তপস্যা শক্তিৰ ফলত চাৰি কুমাৰক শিশু যেন দেখিছিল, যদিও তেওঁলোকৰ বয়স বহুত বেছি আছিল। বৈকুণ্ঠৰ দ্বাৰপাল জয় আৰু বিজয়ে কুমাৰসকলক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দি লগতে কয় যে, বিষ্ণু বিশ্ৰাম আছে সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ’ব নোৱাৰে।[6] উত্তৰত কুমাৰগণে খঙত জয় আৰু বিজয়ক কয় যে, বিষ্ণুৱে তেওঁৰ ভক্তসকলৰ বাবে সদায় উপলব্ধ। কুমাৰগণে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে, তেওঁলোক দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণু তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দ্বাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে, চাৰি কুমাৰৰ অভিশাপ ওলোতাব নোৱাৰি। তাৰ পৰিৱৰ্তে, তেওঁ জয়া আৰু বিজয়ক দুটা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ’ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত সাতটা জন্ম লোৱা আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে তিনিটা জন্ম লোৱা। ইয়াৰে যিকোনো এটা দণ্ডবিহাৰ পিছত, তেওঁলোকে পুনৰ বৈকুণ্ঠত মৰ্যাদা প্ৰাপ্ত কৰিব পাৰিব আৰু স্থায়ীভাৱে তেওঁৰ সৈতে থাকিব পাৰিব। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা সাতটা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ শত্ৰু হিচাপে পৃথিৱীত তিনিটা জন্ম লোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিটো জন্মতে বিষ্ণুক লগ পাব লাগিব আৰু তিনিটা জন্মতে বিষ্ণুৰ শত্ৰু হ'ব লাগিব।
সত্য যুগৰ সময়ত তেওঁলোকৰ প্ৰথম দিতি (দক্ষ প্ৰজাপতিৰ কন্যা) আৰু ঋষি কাশ্যপৰ ঘৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হিচাপে জন্ম গ্ৰহণ কৰিছিল, যাক বিষ্ণুৰ বৰাহ (গাহৰি অৱতাৰ) আৰু নৰসিংহ (পুৰুষ-সিংহ অৱতাৰ) অৱতাৰে দ্বাৰা হত্যা কৰিছিল। ত্ৰেতা যুগৰ সময়ত তেওঁলোকৰ দ্বিতীয় জীৱনত ৰাৱণ আৰু কুম্ভকৰ্ণ হিচাপে জন্মগ্ৰহণ কৰে আৰু ৰামৰ হাতত মৃত্যুবৰণ কৰে।
দ্বাপাৰ যুগৰ সময়ত তেওঁলোকৰ তৃতীয় জীৱনত শিশুপাল আৰু দন্তৱক্ৰ হিচাপে জন্মগ্ৰহণ কৰে যাক বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই হত্যা কৰিছিল। জয় আৰু বিজয়ে তিনিওটা জীৱনতে তেওঁলোক ভাতৃ হিচাপে জন্মগ্ৰহণ কৰিছিল।
![]() |
ৱিকিমিডিয়া কমন্সত ৰাৱণ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|