ৰীতা দেৱী | |
---|---|
২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰা অৱস্থাত ৰীতা দেৱী | |
জন্ম | ৰীতা ৰায় ১১ অক্টোবৰ, ১৯৪২ (৮২ বছৰ) অসম, ভাৰত |
পেচা | সমাজ কৰ্মী |
দাম্পত্যসঙ্গী | মানৱেন্দ্ৰ কিশোৰ দেৱ বৰ্মণ |
পিতৃ-মাতৃ | ধীৰেন্দ্ৰ ৰায় চৌধুৰী কমলা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী, ২০১২ |
ৰীতা দেৱী বৰ্মা (ইংৰাজী: Reeta Devi Varma, জন্ম: ১১ অক্টোবৰ ১৯৪২) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন 'ইলা ন্যাস'ৰ প্ৰতিষ্ঠাপক।[1] সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]
১৯৪২ চনৰ ১১ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত অসম প্ৰদেশৰ ধনী জমিদাৰী পৰিয়ালত ৰীতা দেৱীৰ জন্ম হৈছিল।[3] তেওঁৰ পিতৃ ধীৰেন্দ্ৰ ৰায় চৌধুৰী এগৰাকী বিখ্যাত চাহৰ দালাল আছিল। তেওঁৰ মাতৃ কমলা এগৰাকী ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত আৰু কটন কলেজৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰথম গৰাকী মহিলা অধ্যাপক আছিল।[4]
স্নাতক ডিগ্ৰী লাভ কৰা পিছত ৰীতা দেৱীয়ে পিতৃৰ ইচ্ছাৰ বিৰুদ্ধে ব্ৰিটিছ এয়াৰৱেছত এয়াৰ হোষ্টেজ হিচাপে যোগদান কৰিছিল। পিছলৈ তেওঁ এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল।[4] ১৯৬৪ চনত ত্ৰিপুৰা ৰাজপৰিয়ালৰ মানৱেন্দ্ৰ কিশোৰ দেৱ বৰ্মণৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।[4] মানৱেন্দ্ৰ কিশোৰ দেৱ বৰ্মণ জয়পুৰৰ মহাৰাণী ৰাজমাতা গায়ত্ৰী দেৱীৰ ভতিজা আছিল।
তেওঁ ঘোঁৰা দৌৰ বৰ ভাল পাইছিল আৰু কলকাতা ৰেছ কোৰ্টত অনুষ্ঠিত শুক্ৰবাৰৰ ঘোঁৰা দৌৰত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল। ঘোঁৰা দৌৰত বিজয়ী হোৱাৰ পিছত ধনৰ একাংশ মাদাৰ টেৰেছাৰ মিছনেৰীছ অফ চেৰিটিত দান কৰিছিল। তেওঁ এক ব্যস্ত ৰাজহুৱা জীৱন অতিবাহিত কৰিছিল।[4] তেওঁ ডেভিড বেইলী আৰু এন্থনী স্নোডনৰ দৰে প্ৰখ্যাত ফটোগ্ৰাফাৰৰ প্ৰতিকৃতিৰ বিষয় আছিল। ১৯৭১ চনত সত্যজিৎ ৰায়ৰ ছবি 'সীমাবদ্ধ'ত তেওঁ বিশেষ ভূমিকা ৰূপায়ণ কৰিছিল।[4]
তেওঁৰ স্বামী মানৱেন্দ্ৰ কিশোৰ দেৱ বৰ্মণৰ মৃত্যু হয়। তেওঁলোকৰ কোনো সন্তান নাছিল।[4][3] তাৰপিছত তেওঁ দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বাস কৰিবলৈ লয়[5] আৰু ইলা ন্যাসৰ মুৰব্বী হিচাপে কাম-কাজ অব্যাহত ৰাখে।[3]
ৰীতা দেৱী ষোল্ল বছৰ বয়সৰ পৰায়ে মাদাৰ টেৰেছাৰ সৈতে জড়িত আছিল আৰু তেওঁ ৰীতা দেৱীক সামাজিক জীৱনত অনুপ্ৰাণিত কৰিছিল। ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ পিছত ৰীতা দেৱীয়ে শৰণাৰ্থী শিবিৰৰ পৰিদৰ্শন কৰিছিল আৰু ভুক্তভোগীসকলৰ যত্ন ল'বলৈ শিবিৰৰ ভিতৰত বাস কৰে।[4] কলকাতাত দুখীয়া-নিছলা, ৰুগীয়া, শয্যাশায়ী মানুহৰ বাবে মাদাৰ টেৰেছায়ে স্থাপন কৰা 'নিৰ্মল হৃদয়'ত প্ৰায়ে গৈছিল। ইয়াত তেওঁ মজিয়া পৰিষ্কাৰ কৰিছিল আৰু আৰ্তসকলৰ কাষত থিয় দিছিল।[4]
তেওঁৰ সামাজিক কাৰ্যকলাপ সমূহ সুচাৰুৰূপে পালন কৰিবলৈ ৰীতা দেৱীয়ে ১৯৯৪ চনৰ ২৬ অক্টোবৰ তাৰিখে তেওঁৰ শাহু ইলা দেৱীৰ নামেৰে নামকৰণ কৰা এক বেচৰকাৰী প্ৰতিষ্ঠান 'ইলা ন্যাস' প্ৰতিষ্ঠা কৰে।[6] পৰৱৰ্তী বছৰত তেওঁ গুৱাহাটীত চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ সৈতে প্ৰথম এম্বুলেন্স সেৱা আৰম্ভ কৰে আৰু ১৯৯৬ চনত তেওঁ মিছনেৰীজ অৱ চেৰিটিৰ বাবে চিকিৎসালয় স্থাপনত সহায় কৰিছিল। এবছৰ পিছত তেওঁ ১৯৯৭ চনত [[[এইডছ]]ত পীড়িতসকলৰ বাবে অসমৰ জনজাতীয় গাঁৱত আন এটা চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল।
ৰীতা দেৱীয়ে তেওঁৰ কাৰ্যকলাপ দিল্লীলৈ স্থানান্তৰ কৰে আৰু ৰাজধানী চহৰৰ বাবে প্ৰথম ম'বাইল ক্লিনিক ২০০৩ চনত আৰম্ভ কৰে।[6] একে বছৰতে ইলা ন্যাসে গুৱাহাটীৰ বেতকুছিত এইচ.আই.ভি. আৰু যক্ষ্মা ৰোগীৰ বাবে এখন চিকিৎসালয় নিৰ্মাণ কৰিছিল। তেওঁ এই চিকিৎসালয় নিৰ্মাণৰ বাবে ধন গোটোৱাৰ বাবে তেওঁৰ বাহনখন বিক্ৰী কৰিছিল।[4] কেন্দ্ৰটোৰ বিশখন বিছনাযুক্ত এটা ইউনিত 'স্নেহালয়'লৈ দান কৰা হৈছিল।[7] কেথলিক সম্প্ৰদায়ৰ ফাটিমা চিষ্টাৰ্চৰ দ্বাৰা পৰিচালিত এই দাতব্য প্ৰতিষ্ঠান এতিয়া 'ইলা স্নেহালয়' বুলি জনা যায়।[8]
ইলা ন্যাসে এলটনজন এইডছ ফাউণ্ডেচনৰ সহযোগত ২০০৭ চনত দ্বিতীয় দিল্লী ভিত্তিক ইউনিট আৰম্ভ কৰে।[3] তাৰপিছত ২০১২ চনত তৃতীয় ইউনিট আৰম্ভ কৰিছিল। ইলা ন্যাসৰ ম'বাইল ক্লিনিক নেটৱৰ্কত ১২ গৰাকী চিকিৎসক, ৪ গৰাকী ফাৰ্মাচিষ্ট, ৬ গৰাকী স্ক্ৰীণাৰ, ৩ গৰাকী চালক আৰু ২ গৰাকী প্ৰশাসনিক কৰ্মী আছে।[6][9] এই ম'বাইল ইউনিটবোৰে দিল্লীৰ বিভিন্ন স্থানত সপ্তাহত ছয় দিনে চিকিৎসা সেৱা প্ৰদান কৰে আৰু ৰোগ নিৰ্ণয়, পৰীক্ষা, চিকিৎসা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰে।[6] ইলা ন্যাসৰ মুখ্য কাৰ্যালয় দিল্লীৰ সুজান সিং পাৰ্কত অৱস্থিত।[10] ন্যাসে দান-দক্ষিণা আৰু দাতব্য অনুষ্ঠানৰ সহায়ত প্ৰয়োজনীয় পুঁজি গঠন কৰে।[3][11]