ৰীমা দাস | |
---|---|
![]() ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰীমা দাস | |
জন্ম | ১৯৮২ ছয়গাঁও, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কটন কলেজ পুণে বিশ্ববিদ্যালয় |
পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ |
উল্লেখযোগ্য কৰ্ম | ভিলেজ ৰকষ্টাৰ্ছ বুলবুল কেন চিং |
ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত।[1][2] তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।[3] এই বোলছবি খনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণ কমল, ৰীমা দাসলৈ শ্ৰেষ্ঠ সম্পাদনা, ভণিতা দাসলৈ শ্ৰেষ্ঠ শিশু শিল্পী আৰু মল্লিকা দাসলৈ শব্দ গ্ৰহণৰ ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4] হালধীয়া চৰায়ে বাওধান খায়ৰ পিছত শ্ৰেষ্ঠ বোলছবিৰ স্বৰ্ণ কমল লাভ কৰা ভিলেজ ৰকষ্টাৰ দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি। ভিলেজ ৰকষ্টাৰছে ২০১৮ চনৰ একাডেমী পুৰস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছে। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।
২০১৮ চনত জিকিউ (GQ) আলোচনীয়ে ৰীমা দাসক ৫০ গৰাকী প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ শাৰীলৈ সন্মানিত কৰিছে।[5] ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত ৰীমা দাসক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[6]
১৯৮২ চনত কামৰূপ জিলাৰ ছয়গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ৰীমাৰ জন্ম হয়। তেওঁৰ পিতৃ এজন শিক্ষক। ৰীমায়ে তেওঁৰ প্ৰাথমিক শিক্ষা ছয়গাঁৱতে গ্ৰহণ কৰে। তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ পুণে বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সৰুৰে পৰা ৰীমা অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল। মাত্ৰ ছয় বছৰ বয়সতে তেওঁ প্ৰথম বাৰৰ বাবে মঞ্চত অভিনয় কৰিছিল।
পঢ়া শেষ হোৱাৰ পিছত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (National Eligibility Test, NET)-ত উত্তীৰ্ণ হয়। কিন্তু অভিনয়ৰ প্ৰতি থকা ৰাপৰ বাবে তেওঁ মুম্বাই গুচি আহে। সৰু সুৰা অভিনয়ৰ প্ৰশিক্ষণ লাভ কৰি ৰীমায়ে দুই এখন নাটকত অভিনয় কৰে। তাৰে ভিতৰত পৃথ্বি থিয়েটাৰত অভিনয় কৰা মুন্সী প্ৰেমচন্দৰ "গোদান" অন্যতম। কিন্তু সোনকালে তেওঁ অনুভৱ কৰিলে যে অভিনয় তেওঁৰ পেছা হব নোৱাৰে। সেই সময়ত তেওঁ বিশ্ববিখ্যাত ছবি নিৰ্মাতা সত্যজিৎ ৰায়, মাজিদ মাজিদি আদিৰ ছবি চাই ছবি পৰিচালনাৰ ক্ষেত্ৰৰ ফালে আকৰ্ষিত হয়। তাৰ পিছত তেওঁ নিজৰ এটা কেমেৰা কিনে আৰু কোনো আনুষ্ঠানিক ছবি নিৰ্মাণৰ শিক্ষা অবিহনে ছবি নিৰ্মাণৰ মন বান্ধি অসমলৈ ঘূৰি আহে। ছবি নিৰ্মাণৰ সাধাৰণ শিক্ষাখিনি তেওঁ ইণ্টাৰনেটত ভিডিঅ' চাই আৰু কিতাপ পঢ়ি লাভ কৰে।
অসমলৈ আহি তেওঁ পোন প্ৰথমে "প্ৰথা" নামৰ চুটি ছবি নিৰ্মাণ কৰে। এই ছবি খনে চুটি ছবি মহোৎসৱ এখনত প্ৰদৰ্শিত হোৱাত উৎসাহ পাই তেওঁ তেওঁৰ প্ৰথম ছবি "অন্তৰ্দৃষ্টি" নিৰ্মাণ কৰে। এই ছবি খনে প্ৰাগ চিনে বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবি আৰু প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল। তেওঁ নিজেও অভিনয় কৰা এই বোলছবিখন লৈ তেওঁ সন্তুষ্ট নহল। আৰু তেওঁ তেওঁৰ দ্বিতীয় ছবি ভিলেজ ৰকষ্টাৰ্ছ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে।
সম্পূৰ্ণ চাৰি বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ২০১৭ চনত টৰোণ্টো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিলেজ ৰকষ্টাৰ্ছে মুক্তি লাভ কৰে। লগে লগে তেওঁৰ খ্যাতি গোটেই বিশ্বতে বিয়পি পৰে। তেওঁ কোনো পেশাদাৰী অভিনেতা নোহোৱাকৈ কেৱল গাঁৱৰ ল'ৰা ছোৱালীৰ সৈতে কোনো সহযোগী নোহোৱাকৈ নামমাত্ৰ বাজেটতে নিৰ্মাণ কৰা ছবিখন বহু ক্ষেত্ৰতে বিৰল। উল্লেখযোগ্য যে এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা, সম্পাদনা, চিত্ৰগ্ৰহণ, চিত্ৰনাট্য ৰচনা ইত্যাদি সকলো কাম তেওঁ অকলেই সমাধা কৰিছিল। সহযোগী হিচাপে আছিল কেৱল ভগ্নী মল্লিকা দাস। এই ছবিখনে দেশ বিদেশৰ প্ৰায় ৮০খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমাদৰ লাভ কৰাৰ উপৰিও ৪৪টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
ভিলেজ ৰকষ্টাৰ্ছৰ অভূতপূৰ্ব সফলতাৰ পিছত ২০১৮ চনত তেওঁ তৃতীয়খন ছবি বুলবুল কেন চিং নিৰ্মাণ কৰে। এইখনো কেইবাখনো চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু বিখ্যাত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ মনোনয়ন লাভ কৰিছে। ২০১৮ চনৰ শেষৰ ফাললৈ এইখনে দুটা আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৮ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানক তেওঁক সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰা হয়।
২০২২ চনত ৰীমা দাসে 'তৰা'ছ হাছবেণ্ড' (Tora's Husband) নামৰ তৃতীয়খন ছবি প্ৰযোজনা, পৰিচালনা কৰে৷ ইয়াৰ লগতে ছবিখনৰ সম্পাদনা, দৃশ্যগ্ৰহণৰ দায়িত্বও তেখেতে চম্ভালে৷ [7]২০২২ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়৷ ইয়াৰ পিছত একেটা বছৰতে বুছান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰিমিয়াৰ সম্পন্ন হয়৷ একেটা বছৰতে কলিকতাতো ছবিখনৰ ভাৰতীয় প্ৰিমিয়াৰ হৈ যায়৷ ছবিখন ৰীমা দাসে কভিড-১৯ত মৃত্যুবৰণ কৰা তেখেতৰ পিতৃ ভাৰত চন্দ্ৰ দাসলৈ উছৰ্গা কৰিছে৷ [8]
২০২৩ বৰ্ষৰ এছিয়ান প্ৰজেক্ট মাৰ্কেট (APM)ৰ বাবে বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (বিআইএফএফ)ৰ ৩০টা প্ৰকল্পৰ ভিতৰত ৰীমা দাসৰ শেহতীয়া প্ৰকল্প ‘মাল্তী মাই লাভ’ (Malti My Love) অন্তৰ্ভুক্ত হৈছে। এছিয়াৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বিনিয়োগ আৰু সহ-প্ৰযোজনা বজাৰ এপিএম-এ এইবাৰৰ সংস্কৰণৰ বাবে ৩০টা প্ৰকল্প নিৰ্বাচন কৰিছে। ৫০খন দেশৰ পৰা দাখিল হোৱা মুঠ ৩৯৯টা প্ৰকল্পৰে এই বছৰটো দ্বিতীয় সৰ্ববৃহৎ প্ৰতিযোগিতা বুলি অভিহিত হৈছে ৷ ৰীমা দাসৰ উক্ত সৃষ্টি প্ৰেমিক-প্ৰেমিকাৰ কাহিনীৰে সমৃদ্ধ৷[9] [10]