ৰেখা | |
---|---|
ফিল্মফেয়াৰ গ্লেমাৰ এণ্ড ষ্টাইল এৱাৰ্ডত ৰেখা | |
জন্ম | ভানুৰেখা গণেশন ১০ অক্টোবৰ, ১৯৫৪ (৭০ বছৰ) মাদ্ৰাছ, মাদ্ৰাছ ষ্টেট (বৰ্তমানৰ চেন্নাই, তামিলনাডু) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | চেক্ৰেড হাৰ্ট কনভেণ্ট, চেন্নাই |
দাম্পত্যসঙ্গী | মুকেশ আগৰৱালা |
পিতৃ-মাতৃ | জেমিনী গণেশন (পিতৃ) পুষ্পাৱলী (মাতৃ) |
আত্মীয়-স্বজন | সাবিত্ৰী (সতীয়া মাতৃ) কমলা চেলভাৰাজ (বিমাতা ভগ্নী) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০১০) শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
ভানুৰেখা গণেশন (ইংৰাজী: Bhanurekha Ganesan; জন্ম ১০ অক্টোবৰ ১৯৫৪) ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন আৰু অতি নিপুণ অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম ৰেখা।[1] তেওঁ ১৮০খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ মুখ্য ধাৰা তথা সমান্তৰাল ধাৰাৰ ছবিত বহুতো শক্তিশালী আৰু জটিল নাৰী চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে। ২০১০ চনত তেওঁক ভাৰত চৰকাৰৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছে।[2]
ৰেখা আছিল চলচ্চিত্ৰ অভিনেতা জেমিনী গণেশন আৰু অভিনেত্ৰী পুষ্পাৱলীৰ জীয়ৰী। ৰেখাই এজনী শিশুশিল্পী ৰূপে তেলেগু চলচ্চিত্ৰ ‘ইণ্টি গুট্টু’ৰে (১৯৫৮) অভিনয় জীৱনৰ পাতনি মেলে। শিশুশিল্পী ৰূপে অভিনয় কৰা আন এখন ছবি ‘ৰঙ্গুলা ৰত্নম’ (১৯৬৬)। মূল ভূমিকাত অভিনয় কৰা তেওঁৰ প্ৰথম ছবি কন্নড় ভাষাৰ- ‘অপাৰেচন জেকপট নাল্লি চি.আই.ডি. ৯৯৯’ (১৯৬৯)। হিন্দী ছবিত প্ৰবেশ ‘সাৱন-ভাদো’ৰে (১৯৭০), যিখন ছবিয়ে তেওঁক উঠি অহা তাৰকা ৰূপে প্ৰতিষ্ঠা দিছিল। আৰম্ভণি কালৰ এনে সফলতাৰ পিছতো ৰেখা প্ৰচাৰ মাধ্যমৰ দ্বাৰা তেওঁৰ চেহেৰা আৰু ওজনৰ বাবে সমালোচিত হৈছিল। শৰীৰৰ সৌন্দৰ্যৰ বাবে বাবে তেওঁ কাম কৰাৰ উপৰিও অভিনয় কৌশলৰ বিকাশ তথা হিন্দী ভাষাৰ দক্ষতা বঢ়োৱাৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু ইয়াৰ সুফলো দেখা গৈছিল। ১৯৭৮ চনৰ ছবি ‘ঘৰ’ আৰু ‘মুকদ্দৰ কী চিকন্দৰ’ৰ অভিনয় তেওঁৰ অতি সফল কৰ্মজীৱনৰ সূত্ৰপাত বুলি চিহ্নিত হৈছিল। ১৯৮০ আৰু ১৯৯০ৰ দশকটোত তেওঁ হিন্দী ছবিজগতৰ অন্যতম শীৰ্ষপৰ্যায়ৰ তাৰকা আছিল।[3]
কৌতুকধৰ্মী ছবি ‘খুবচুৰত’ৰ (১৯৮০) অভিনয়ৰ বাবে ৰেখাই প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ অধিকাৰী হয়। ইয়াৰ পিছত তেওঁক ‘বচেৰা’ (১৯৮১), ‘এই হী ভুল’ (১৯৮১), ‘জীৱন ধাৰা’ (১৯৮২) আৰু ‘অগৰ তুম না হোতে’ৰ (১৯৮৩) মূল ভূমিকাত দেখা যায়। জনপ্ৰিয় ধাৰাৰ হিন্দী ছবিত দপদপাই থকাৰ সময়তে ৰেখাক নৱ-বাস্তৱবাদী চলচ্চিত্ৰ বা সমান্তৰাল ধাৰাৰ চলচ্চিত্ৰতো সক্ৰিয় অংশগ্ৰহণ কৰা দেখা গৈছিল। তেওঁৰ সমান্তৰাল ধাৰাৰ কেইখনমান ছবি হ’ল- ‘কলয়ুগ’ (১৯৮১), ‘বিজেতা’ (১৯৮২) আৰু ‘উৎসৱ’ (১৯৮৪)। এইটো ধাৰাৰে ‘উমৰাও জান’ৰ (১৯৮১) বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৮০ৰ দশকৰ মাজভাগত এক সাময়িক বিপৰ্যয় আহে যদিও নাৰীকেন্দ্ৰিক প্ৰতিশোধমূলক ছবিৰ যি নতুন জোঁৱাৰ আহে আৰু তাত যিসকল অভিনেত্ৰী চামিল হৈ আছিল, তাৰ ভিতৰত ৰেখাও আছিল অন্যতম। তেনে এখন নাৰীকেন্দ্ৰিক প্ৰতিশোধমূলক ছবি 'খুন ভৰী মাঙ্গ'ৰ (১৯৮৮) যোগেদি তেওঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা জিকিবলৈ সক্ষম হয়।[4]
১৯৯০ চনত ৰেখাই উদ্যোগপতি মুকেশ আগৰৱালাক বিয়া কৰায়। এবছৰ পিছত তেওঁ যেতিয়া আমেৰিকাত আছিল, মুকেশে আত্মহত্যা কৰে আৰু লিখি থৈ যায় যে তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। ইয়াৰ পূৰ্বে মুকেশে বহুকেইবাৰ আত্মহত্যাৰ চেষ্টা চলাইছিল।[5] ১৯৭৩ চনত প্ৰচাৰ মাধ্যমত খবৰ ৰটে যে তেওঁ বিনোদ মেহৰাক বিয়া কৰাইছে। কিন্তু ২০০৪ চনত এটা টেলিভিচন চেনেলত চিমি গাৰৱেলৰ সৈতে হোৱা সাক্ষাৎকাৰভিত্তিক অনুষ্ঠানত বিনোদ মেহৰাক বিয়া কৰোৱা কথাটো ৰেখাই নস্যাৎ কৰে আৰু মেহৰাক তেওঁৰ এজন শুভাকাঙ্খী হিচাপে উল্লেখ কৰে।[6] বৰ্তমান ৰেখা মুম্বাইৰ বান্দ্ৰাত তেওঁৰ নিজা ঘৰত বসবাস কৰি আছে।[7]
|