ৰেখা ভৰদ্বাজ | |
---|---|
২০১৪ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে বেংগালুৰুৰ ফিনিক্স মাৰ্কেটচিটিত এলাইভ ইণ্ডিয়া ইন কনচাৰ্ট (চিজন ৩)ত প্ৰদৰ্শন কৰি থকা অৱস্থাত ৰেখা ভৰদ্বাজ | |
প্ৰাথমিক তথ্য | |
জন্ম | ২৪ জানুৱাৰী, ১৯৬৪ (৬১ বছৰ) দিল্লী, ভাৰত |
সংগীতৰ প্ৰকাৰ | নেপথ্য কণ্ঠশিল্পী |
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৯৭ - বৰ্তমান |
ৰেখা ভৰদ্বাজ (ইংৰাজী: Rekha Bhardwaj, জন্ম: ২৪ জানুৱাৰী ১৯৬৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী ভাষাৰ উপৰিও বঙালী, মাৰাঠী, পঞ্জাবী আৰু মালায়ালম ভাষাতো গান গাইছে।[1] তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত দুটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[2][3]
১৯৬৪ চনৰ ২৪ জানুৱাৰী তাৰিখে দিল্লীত ৰেখা ভৰদ্বাজৰ জন্ম হৈছিল। তেওঁ পৰিয়ালত ৬ গৰাকী ভাই-ভনীৰ ভিতৰত পাঁচ গৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান আছিল।
তেওঁ ১৯৯১ চনত জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক, সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী বিশাল ভৰদ্বাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[4] ১৯৮৪ চনত নতুন দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ বাবে প্ৰস্তুতি কৰোঁতে তেওঁ তেওঁক প্ৰথমবাৰৰ বাবে লগ পাইছিল।[5]
ৰেখা ভৰদ্বাজক প্ৰথমতে তেওঁৰ বায়েকে সংগীতৰ প্ৰশিক্ষণ দিছিল। তেওঁ পণ্ডিত অমৰনাথৰ অধীনত আনুষ্ঠানিকভাবে সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[6]
ৰেখাই ১৯৯৭ চনত চাচী ৪২০ ত "এক আৰু দিন দি" গানেৰে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ভৰদ্বাজৰ 'ইশ্কা ইশ্কা' শীৰ্ষক প্ৰথম এলবামটো দহ বছৰ পিছত ২০০২ চনত মুক্তি পাইছিল। ইয়াৰ সফলতাৰ জৰিয়তে তেওঁ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে আৰু ২০০৬ চনৰ তেওঁৰ স্বামী বিশাল ভৰদ্বাজৰ 'ওমকাৰা'ত "নামক ইশক কা"ৰ দৰে তেওঁৰ জনপ্ৰিয় গীত গাইছিল। তাৰ পিছত ২০০৯ চনৰ দিল্লী-৬ ছবিত ছত্তীশগঢ়ী লোকগীতৰ আধাৰত এ আৰ ৰহমানৰ গীত "চাচুৰাল গেণ্ডা ফুল"ত কণ্ঠদান কৰিছিল। এই গীতৰ জৰিয়তে তেওঁ প্ৰথম শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[4]
তেওঁ '৭ খুন মাফ'ৰ (২০১১) গীত "ডাৰ্লিং"ত কণ্ঠদান কৰাৰ বাবে ঊষা উথুপ সৈতে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০১১ চনতে তেওঁ 'ইচকিয়া' ছবিত 'বড়ি ধীৰে জ্বলি' গীত বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তাৰ পিছত তেওঁ 'বৰ্ফি' (২০১২)ত 'ফিৰ লে আয়া দিল' আৰু 'য়ে জৱানী হে দিৱানী'ত (২০১৩) "ঘাঘৰা" গীতত কণ্ঠদান কৰে। তেওঁ 'ডেৰ ইচকিয়া' (২০১৪) ছবিখনৰ "হামাৰী আতাৰিয়া পে" গানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ 'বদলাপুৰ'ত অৰিজিত সিঙৰ সৈতে গোৱা "জুদাই" গানটো ২০১৫ চনৰ জানুৱাৰী-মাৰ্চত মিৰ্ছি মিউজিক আৰু দি ইকোনমিক টাইমছৰ ৰেটিং অনুসৰি শীৰ্ষ ১৫টা গানৰ তালিকাত ১৪ তম স্থান লাভ কৰিছিল।
২০১৯ চনত তেওঁ অনুপামা ৰাগাৰ "কিউ মে তুমহাৰী" গীতত কণ্ঠদান কৰে।[7]
বছৰ | পুৰস্কাৰ | শিতান | মনোনীত গীত (চলচ্চিত্ৰ/এলবাম) | ফলাফল | উৎস |
---|---|---|---|---|---|
২০০৯ | মিৰ্ছি সংগীত বঁটা | বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী | "চাচুৰাল গেন্দা ফুল" ('দিল্লি-৬) | বিজয়ী | [8] |
২০১০ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী | "চাচুৰাল গেন্দা ফুল" ('দিল্লি-৬') | বিজয়ী | [9] |
২০১১ | মিৰ্ছি সংগীত বঁটা | বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী | "ডাৰ্লিং" ('৭ খুন মাফ') | বিজয়ী | [10] |
২০১১ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী]] | "বাড়ে ধীৰে জ্বলি" ('ইচকিয়া') | বিজয়ী | [11] |
২০১২ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী | "ডাৰ্লিং" ('৭ খুন মাফ') | ঊষা উথুপৰ সৈতে যৌথভাৱে | [12] |
২০১৩ | মিৰ্ছি সংগীত বঁটা | বৰ্ষশ্ৰেষ্ঠ ৰাগ-ভিত্তিক গীত | "এক ঘড়ি" ('ডি-ডে') | বিজয়ী | [13] |
২০১৪ | হম পুৰস্কাৰ | শ্ৰেষ্ঠ মৌলিক গীত | "কভি আশনা কভি আজনবি" ('হামনশিন') | মনোনীত | [14] |
২০১৫ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী | "হামাৰি আটাৰিয়া পে" ('ডেৰ ইচকিয়া') | মনোনীত | [15] |
|