ৰেচন তন্ত্ৰ | |
---|---|
![]() 1. মানুহৰ ৰেচন তন্ত্ৰ: 2. বৃক্ক, 3. ৰেনেল পেলভিছ, 4. বৃক্ক নলী, 5. মুত্ৰ থলী, 6. মুত্ৰ নলী, 7. এড্ৰেনেল গ্ৰন্থী (বিৱচ্ছেদত) ৰক্তবাহিকা: 8. ৰেচন ধমনী আৰু ৰেচন সিৰা, 9. পূৰ্ব মহাসিৰা, 10. উদৰীয় সিৰা, 11. সাধাৰণ ইলিয়াক ধমনী আৰু সাধাৰণ ইলিয়াক সিৰা পৃষ্ঠীয় দৃশ্যত: 12. যকৃৎ, 13. বৃহদীন্ত্ৰ, 14. পেলভিছ | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | ছিষ্টেমা ইউৰিনেৰিয়াম |
TA98 | A08.0.00.000 |
দেহতাত্ত্বিক পৰিভাষা |
ৰেচন তন্ত্ৰ (ইংৰাজী: Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।[1]
বৃক্কত তেজৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়।
এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।