ৱাংগালা | |
---|---|
ৱাংগালা | |
পালন কৰে | গাৰো জনজাতি |
প্ৰকাৰ | কৃষিভিত্তিক উৎসৱ জনগোষ্ঠীয় উৎসৱ |
তাৰিখ | ছেপ্টেম্বৰ-ডিচেম্বৰ |
সংঘটন | বাৰ্ষিক |
ৱাংগালা (ইংৰাজী: Wangala) হৈছে একধৰণৰ কৃষিভিত্তিক উৎসৱ।[1] কৃষিভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ইয়াৰ লগতে বাংলাদেশৰ মৈমনচিঙসকলেও এই উৎসৱ পালন কৰে। উৎসৱৰ পাছত, তেওঁলোকে সূৰ্য দেৱতা মিচি ছালজোংৰ প্ৰতি ধন্যবাদ প্ৰকাশ কৰে। সূৰ্য দেৱতাই কৃষিৰ উৎপাদনত সহায় কৰিছে বুলি তেওঁলোকে ভাবে। ৱাংগালা উৎসৱ সাধাৰণতে ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে উদযাপিত হয়। গাঁওভেদে উদযাপনৰ তাৰিখবোৰ সুকীয়া হয়।[2][3][4]
১৯৭৬ চনৰ মেঘালয়ৰ তুৰাৰ পৰা ১৮ কিলোমিটাৰ নিলগত থকা আছানাঙত পোনপ্ৰথমবাৰৰ বাবে এশজনীয়া ঢোলবাদকৰ উৎসৱ আৰম্ভ হৈছিল। সেই বছৰৰ ৬ আৰু ৭ ডিচেম্বৰত এই উৎসৱ পালিত হৈছিল। তেতিয়াৰ পৰাই এই উৎসৱটি প্ৰতিবছৰে পালিত হৈ আহিছে। পৰৱৰ্তী সময়ত এই উৎসৱটিৰ পৰিসৰ বৃদ্ধি হয় আৰু প্ৰতিৱেশী বাংলাদেশ আৰু কাৰ্বি আংলঙৰ পৰাও নৃত্যৰ দল আহিবলৈ ধৰে। এই উৎসৱৰ শ্ৰেষ্ঠ নৃত্য দললৈ আগবঢ়োৱা পুৰস্কাৰো সন্তোষজনক। এশজনীয়া ঢোলৰ উৎসৱটিক ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাই সহায় কৰে। এই উৎসৱ চাবলৈ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক স্তৰৰ অনেক পৰ্যটকৰ আগমন ঘটে।[5]
সাধাৰণতে ৱাংগালা দুই-তিনিদিনৰ পৰা আৰম্ভ কৰি এসপ্তাহপৰ্যন্ত পালন কৰা হয়। শেহতীয়াকৈ এই উৎসৱটি চহৰাঞ্চলতো বিয়পি পৰিছে। তেওঁলোকে চহৰত এদিনৰ বাবে এই উৎসৱ পালন কৰে। ইয়াৰ উদ্দেশ্য হৈছে উৎসৱটি সংৰক্ষণ কৰা। ৱাংগালাৰ পৰম্পৰাগত শৈলীৰ সন্ধান কৰিলে নিৰ্জন "Songsarek" গাঁওসমূহত তাক বিচাৰি পোৱা যায়। এইসমূহ গাঁও মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত আছে। ৱাংগালাৰ বাণিজ্যিক আৰু বহুকথিত ৰূপ এটা এশজনীয়া ঢোল উৎসৱত (100 Drums Festival) দেখিবলৈ পোৱা যায়। এই উৎসৱ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ আছানঙত দৃশ্যমান হয়। এই বৃহৎ অনুষ্ঠানটি দুই-তিনিদিনলৈকে চলে আৰু ক্ৰীড়া, খাদ্য, কলা আৰু সংস্কৃতিৰ বিভিন্ন উপাদান জড়িত অনুষ্ঠান পালন কৰা হয়।
ৰুগালা (অৰ্থ-চাউলৰ পৰা তৈয়াৰী মদ ঢালা) আৰু চা-চাৎ চো-আ (অনুজ্ঞা-পত্ৰ জ্বলোৱা) আদি পৰম্পৰা উৎসৱৰ প্ৰথম দিনা পূজাৰীৰ দ্বাৰা পালন কৰা হয়। পূজাৰীজনক "কমল" বুলি কোৱা হয়। নকমা নামৰ ঘৰটোৰ ভিতৰত এইসমূহ পৰম্পৰা পালন কৰা হয়। উৎসৱৰ শেষৰ দিনা ৰঙচঙীয়া কাপোৰ পৰিহিত পুৰুষ-মহিলাসকলে ঢোল, পেপাৰ সৈতে নৃত্য কৰি, মূৰত শিৰস্ত্ৰাণ পিন্ধি দামা গোগাটা পালন কৰে।[5] ডেকাসকলে চৰাই খেদাৰ নিচিনাকৈ মুখেৰে শব্দ কৰে। কোনো কোনো আঢ্যৱন্ত মুখিয়ালৰ ঘৰত এই সময়ত ধুনী জ্বলোৱা ৰীতি প্ৰচলিত আছে। ইয়াৰ পিছত পানী মিহলি চাউলৰ গুড়িৰে ঘৰৰ বেৰত প্ৰলেপ দিয়া হয় আৰু উপস্থিত মানুহখিনিৰ গাতো ঘঁহি দিয়া দেখা যায়। ইয়াক এক পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।[6]
ৱাংগালাৰ সময়ত, ডেকা আৰু জ্যেষ্ঠসকলে তেওঁলোকৰ ৰঙীন কাপোৰ ডাকমাণ্ডা, ডাকচাৰী নাইবা গেণ্ডো পৰিধান কৰে। ইয়াৰ লগতে ড'মে নামৰ শিৰস্ত্ৰাণ পৰিধান কৰে। ইয়াৰ পিছত ঢোলৰ বাজোনৰ তালে তালে নৃত্য কৰে। কাট্টা ডোকা, আজিয়া, ডানি ডোকা আদি নৃত্য এইকেইদিনত পৰিৱেশন কৰা হয়।[5]