ৱাহিদা আমিৰী

ৱাহিদা আমিৰী (ইংৰাজী: Wahida Amiri) এগৰাকী আফগান পুথিভঁৰালী আৰু মহিলা অধিকাৰ কৰ্মী। তালিবান আৰু মহিলাৰ শিক্ষা আৰু কৰ্মৰ অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰতিবাদৰ অবিৰত প্ৰচেষ্টাৰ বাবে তেওঁক বিবিচি ১০০ মহিলা ২০২১ৰ তালিকাত স্থান দিয়া হৈছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰা আমিৰীয়ে ১৯৯৬ চনত তালিবানে চৰকাৰত যোগদান কৰাৰ ঠিক আগতেই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।[2] তেওঁলোকৰ এটা আদেশ আছিল ছোৱালীৰ বাবে স্কুল বন্ধ কৰা৷ সেইবাবে আমিৰীয়ে তেওঁৰ শিক্ষা বন্ধ হোৱাৰ শংকাত ভুগিলে।[3] তেওঁৰ বহু আত্মীয়ই আফগানিস্তানৰ উত্তৰ অংশৰ পাঞ্জশ্বিৰলৈ পলায়ন কৰে যদিও দেউতাকে তাতে থাকিবলৈ বাছি লৈছিল। মাকৰ মৃত্যুৰ পিছত আমিৰীৰ পিতৃয়ে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু পৰিয়ালটো পাকিস্তানলৈ স্থানান্তৰিত হয়।[2] আমিৰীয়ে পৰিয়ালটোৰ বাবে বাবে ৰন্ধা-বঢ়া আৰু চাফ-চিকুণ আদি কামত সহায়ৰ হাত আগবঢ়াব বুলি ঠাৱৰ কৰা হৈছিল।

আমিৰীৰ বয়স যেতিয়া ১৫ বছৰ আছিল, তেতিয়া ১১ ছেপ্টেম্বৰৰ আক্ৰমণ সংঘটিত হৈছিল৷ পিছত তালিবানে ক্ষমতা হেৰুৱাইছিল।[4] তাৰ পিছত পৰিয়ালটো কাবুললৈ উভতি যায়৷ কাবুলত ছোৱালীৰ বাবে পুনৰ শিক্ষা মুকলি কৰা হয় আৰু মহিলাসকলে কাম কৰিব পৰা হ'ল।[5] কিন্তু আমিৰীৰ বাবে জীৱনটো একেই থাকিল৷ এতিয়া তেওঁৰ বাবে মুকলি হৈ শিক্ষা লাভ কৰাৰ বিপৰীতে পৰিয়ালৰ বাবে ৰন্ধা-বঢ়া আৰু চাফাই কাম কৰাটোৱেই গুৰুত্বপূৰ্ণ হৈ পৰিছিল। কাবুললৈ উভতি অহাৰ পাঁচ বছৰৰ পাছত অৱশেষত আমিৰীক তেওঁৰ ভাগিনীয়েকে স্কুলত নামভৰ্তি কৰিবলৈ উৎসাহিত কৰে।[2]

স্কুলৰ পিছত আমিৰীক আইন অধ্যয়ন কৰিবলৈ ডুনিয়া বিশ্ববিদ্যালয়ত গ্ৰহণ কৰা হয়, য'ত তেওঁ ভাৰ্জিনিয়া উলফৰ প্ৰতি থকা অনুৰাগ আৱিষ্কাৰ কৰে৷ তেওঁ "এ ৰুম অৱ ৱানছ অ'ন" পঢ়ি প্ৰেৰণা পায়।[1] আমিৰীয়ে স্নাতক হোৱাৰ পিছত এটা সৰু পুথিভঁৰাল খুলিছিল, য'ত তেওঁ নাৰীবাদৰ বিষয়ে আলোচনাৰ আয়োজন কৰিছিল।[2]

সক্ৰিয়তা

[সম্পাদনা কৰক]

২০২১ চনৰ ১৫ আগষ্টত তালিবানে পুনৰ ক্ষমতালৈ আহে, আৰু লগে লগে মহিলাৰ স্বাধীনতাৰ ওপৰত পুনৰ বাধা আৰোপ কৰিবলৈ আৰম্ভ কৰে।[6] আমিৰীয়ে কামলৈ আহি দুৱাৰখন তলা লগোৱা দেখিলে, আৰু তেওঁৰ পুথিভঁৰালটো বন্ধ হৈ থকা দেখিলে। ইয়াৰ পিছত তেওঁ "আফগানিস্তানৰ মহিলাৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বতঃস্ফূৰ্ত আন্দোলন"ত যোগদান কৰে, য'ত তেওঁ সহযোগী মহিলাসকলৰ সৈতে ৰাজপথত আন্দোলন-প্ৰতিবাদ কৰি মহিলাৰ কৰ্মৰ অধিকাৰৰ পোষকতা কৰে।[7] কন্দুৱা গেছ, গুলী, আনকি মাৰপিট আদিৰো তেওঁলোক সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছতো আমিৰীয়ে নিজৰ আন্দোলন অব্যাহত ৰাখিছিল।[2]

বহু সহযোগী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আমিৰীয়ে তালিবানৰ পৰা পলায়ন কৰি নিৰাপদে ঘৰলৈ গুচি যায়।[2][8] কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক আৰু আন কেইবাগৰাকীও মহিলাক গ্ৰেপ্তাৰ কৰি স্বৰাজ পৰিক্ৰমা মন্ত্ৰালয়লৈ লৈ যোৱা হয় আৰু তাত তেওঁলোকক ১৮ দিনৰ বাবে ৰখা হয়।[8]

তাত থকাৰ সময়ত তেওঁ ভিডিঅ’যোগে কথা ক’ব লাগিছিল, তেওঁৰ নাম আৰু কোনে তেওঁক সহায় কৰি আছে সেই কথা ক’ব লাগিছিল। বিদেশত আফগান প্ৰতিবাদকাৰীয়ে তেওঁক প্ৰতিবাদ কৰিবলৈ কোৱা বুলিও ক’বলৈ কোৱা হৈছিল। এই বক্তব্যই এনে ধাৰণা দিছিল যে মহিলা প্ৰতিবাদকাৰীসকলে বিখ্যাত হ’বলৈ, আৰু আফগানিস্তানৰ পৰা উলিয়াই আনিবলৈ সমদল উলিয়াইছিল। আমিৰীৰ ভিডিঅ'টো আফগানৰ এটা প্ৰধান নিউজ চেনেল টোলো নিউজত সম্প্ৰচাৰ কৰা হৈছিল।[2]

অৱশেষত আমিৰী আৰু আন মহিলা প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়া হয়, আৰু পুনৰ প্ৰতিবাদ নকৰিবলৈ কোৱা হয়।[2][8] ভৱিষ্যতে তেওঁলোকৰ কৰ্তৃত্বক অৱজ্ঞা নকৰাটো নিশ্চিত কৰিবলৈ তালিবানে তেওঁৰ পৰিয়ালৰ ঘৰৰ নথি-পত্ৰ ৰাখিছিল।[8] পৰিয়ালৰ বুজাবুজিত আফগানিস্তান এৰি তাৰ পিছত পাকিস্তানত বাস কৰে।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ আফগানিস্তানত মহিলাসকলৰ সৈতে হোৱা ব্যৱহাৰৰ প্ৰতিবাদত দহ দিন ধৰি অনশন আৰম্ভ কৰা মহিলাৰ এটা দলত যোগদান কৰে। তেওঁৰ সতীৰ্থ প্ৰতিবাদকাৰীসকলৰ ভিতৰত আছিল তামানা জাৰয়াব পৰয়ানী আৰু নায়েৰা কোহিস্তানী[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "BBC 100 Women 2021: Who is on the list this year?" (en-GB ভাষাত). BBC News. 7 December 2021. https://www.bbc.com/news/world-59514598. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 "The librarian who defied the Taliban" (en-GB ভাষাত). BBC News. 11 August 2022. https://www.bbc.com/news/world-asia-62441553. 
  3. "One Year On, the Taliban Still Attacking Girls’ Right to Education" (en ভাষাত). Human Rights Watch. 24 March 2023. https://www.hrw.org/news/2023/03/24/one-year-taliban-still-attacking-girls-right-education। আহৰণ কৰা হৈছে: 8 March 2024. 
  4. "How the Taliban has changed Afghanistan, a year after taking power" (en-us ভাষাত). PBS NewsHour. 30 August 2022. https://www.cfr.org/backgrounder/taliban-afghanistan। আহৰণ কৰা হৈছে: 8 March 2024. 
  5. Unterhalter, Elaine (23 August 2022). "The history of secret education for girls in Afghanistan – and its use as a political symbol" (en-US ভাষাত). The Conversation. http://theconversation.com/the-history-of-secret-education-for-girls-in-afghanistan-and-its-use-as-a-political-symbol-188622। আহৰণ কৰা হৈছে: 8 March 2024. 
  6. "Reaffirming our commitment to the brave women of Afghanistan" (en ভাষাত). Amnesty International. 7 March 2023. https://www.amnesty.org/en/latest/campaigns/2023/03/reaffirming-our-commitment-to-the-brave-women-of-afghanistan/। আহৰণ কৰা হৈছে: 8 March 2024. 
  7. "Os diários secretos de mulheres afegãs após chegada do Talebã ao poder" (pt-br ভাষাত). Época Negócios. 23 August 2022. https://epocanegocios.globo.com/Mundo/noticia/2021/12/os-diarios-secretos-de-mulheres-afegas-apos-chegada-do-taleba-ao-poder.html। আহৰণ কৰা হৈছে: 8 March 2024. 
  8. 8.0 8.1 8.2 8.3 "Women, Protest and Power- Confronting the Taliban" (en ভাষাত). Amnesty International. 7 March 2023. https://www.amnesty.org/en/latest/campaigns/2023/03/women-protest-and-power-confronting-the-taliban/। আহৰণ কৰা হৈছে: 8 March 2024. 
  9. "Femena Stands in Solidarity with Brave Women of Afghanistan Demanding Justice and Accountability – Femena, Rights Peace Inclusion" (en-US ভাষাত). 13 September 2023. https://femena.net/2023/09/13/femena-stands-in-solidarity-with-brave-women-of-afghanistan-demanding-justice-and-accountability/। আহৰণ কৰা হৈছে: 27 June 2024.