এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা। এই পত্ৰিকাখন ফেচবুকৰ গোটত হোৱা আলোচনা অনুসৰি ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহৰ এটা। অসমীয়া ৱিকিপিডিয়াৰ এইখন মাহেকীয়া প্ৰতিবেদন হিচাপে চলাই নিবলৈ সক্ৰিয় ৱিকিপিডিয়ানসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। এই পৃষ্ঠাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আলোচনা পৃষ্ঠাত দিও আপুনি এই কাৰ্যত সহায় কৰিব পাৰে। এই পত্ৰিকাত সন্নিবিষ্ট বিষয়সমূহ হ’ব অসমীয়া ৱিকিপিডিয়াৰ বিগত মাহৰ ভাল কামসমূহ, সন্মিলন, কৰ্মশালা, যিকোনো মিডিয়াত প্ৰকাশিত অসমীয়া ৱিকিপিডিয়া সম্পৰ্কীয় প্ৰকাশিত বা-বাতৰি, সক্ৰিয় সদস্যসকলৰ তালিকা, উল্লেখযোগ্য বঁটা প্ৰাপ্ত সদস্যসকল, শেহতীয়াভাৱে লিখা একোটা ভাল প্ৰবন্ধ আদি। এই পৃষ্ঠাৰ পৰা পুনৰ বাৰ্ষিকভাৱে প্ৰকাশিত ৱিকিপত্ৰিকালৈ শ্ৰেষ্ঠতম সমলবোৰ বাচি উলিয়াই প্ৰকাশ কৰা হ'ব। ৱিকিপত্ৰিকাৰ শেহতীয়া কিছু শিতানৰ ভিতৰত আছে সদ্যপ্ৰয়াত ব্যক্তি, উল্লেখনীয় ৱিকিমিডিয়ান আৰু নিৰ্বাচিত উদ্ধৃতি।
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.44.0-wmf.16 (fbbe3b2)। |
মুঠ প্ৰবন্ধ সংখ্যা ১৫,৮০১ টা। |
মুঠ পৃষ্ঠা আছে ১,০২,৯৯৯ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৪,৭৯,৬৩৮ বাৰ। |
মুঠ ২,০৭৪ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৪৩,৯৬১ জন, সক্ৰিয় সদস্য ১২২ জন আৰু ৬ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪৩২ ভাস্কৰাব্দৰ ৰাতি ১১:২৫ বজালৈ প্ৰযোজ্য। |
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ'বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ'ল।