ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য (ইংৰাজী: Science information on Wikipedia) বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।
২০১৬ চনৰ এক সমীক্ষামতে ৱিকিপিডিয়াই অপেন এক্সেস ছায়েন্স পাব্লিকেশ্যনৰ বিতৰণ আৰু প্ৰভাৱ বৃদ্ধি কৰে।[1]২০১৭ চনৰ এক অধ্যয়নমতে তথ্যৰ উৎস হিচাপে ৱিকিপিডিয়াৰ জনপ্ৰিয়তাই জনসাধাৰণৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰা বা লেখা-মেলাটো প্ৰভাৱ পেলাইছে।[2][3]। ইউনেস্কোৰ ২০১৭ চনৰ এক তথ্যমতে তথ্যৰ উৎসৰূপে ৱিকিপিডিয়াৰ এই জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে ছাৰ্চ ইঞ্জিনসমূহত ৱিকিপিডিয়াৰ শীৰ্ষ ৰেংকিং।[4] ২০১৮ চনৰ এক গৱেষণাই ৱিকিপিডিয়াই কেনেকৈ নতুন বৈজ্ঞানিক তথ্যৰ একত্ৰীকৰণ কৰে তাৰ পৰীক্ষা কৰে।[5]
২০১৬ চনত ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন আৰু ছাইমন্স ফাউণ্ডেশ্যনে বিজ্ঞানৰ বৰ্ষ নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত ৱিকিপিডিয়াৰ এডুকেটৰ্চসকলে বিদ্যায়তনিক আলোচনাচক্ৰ কিছুমান অনুষ্ঠিত কৰে আৰু বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞানীসকলক আমন্ত্ৰিত কৰি ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ অনুৰোধ কৰে।[6] বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ-প্ৰশিক্ষণৰ অংশৰূপে ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ কাৰ্যসূচী অনুষ্ঠিত কৰে।[7]