Type of site |
Media repository |
---|---|
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
Created by | ৱিকিমিডিয়া সম্প্ৰদায় |
URL | commons.wikimedia.org |
Commercial | No |
Registration | ঐচ্ছিক (কিন্তু ফাইল আপলোড কৰিবৰ বাবে প্ৰয়োজনীয়) |
ৱিকিমিডিয়া কমন্স বা ৱিকিকমন্স (ইংৰাজী: Wikimedia Commons বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল[1]। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে ৱিকি বুকছ, ৱিকি চৰ্ছ, ৱিকি নিউজ আদিৰ ৱিকিপ্ৰকল্পৰ অন্তৰ্গত সকলো ভাষাৰ সম্পদ ভঁৰাল হিচাপে কাম কৰে[2]।
এই ভঁৰালত ২ কোটি ৭০ লাখতকৈও অধিক মিডিয়া ফাইল আছে।[3] ২০১৩ চনৰ জুলাইৰ তথ্য অনুসৰি কমন্সত সেই সময়লৈকে হোৱা সম্পাদনাৰ সংখ্যা ১০০,০০০,০০০।[4]
এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller) ’য়ে উত্থাপন কৰিছিল[5] আৰু ২০০৪ চনৰ ৭ ছেপ্তেম্বৰত মুক্তিলাভ কৰিছিল[6][7]। এই প্ৰকল্পটো খোলাৰ আগলৈকে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত সকলো প্ৰকল্প আৰু ভাষাত এখন চিত্ৰকে বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰকল্প খোলাৰ পাছত এনেদৰে চাৰ্ভাৰত পৰা অতিৰিক্ত চাপসমূহ আঁতৰি যায়।
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্পই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ কপিৰাইট নীতি অনুসৰি, ভাল ব্যৱহাৰৰ বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰণৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্ছনীয়। কমন্সত ব্যৱহৃত সাধাৰণ অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল (ইংৰাজী: GFDL-GNU Free Documentation License) অথবা ক্ৰিয়েটিভ কমন্সৰ (ইংৰাজী: Creative Commons) অনুজ্ঞাপত্ৰ[8], অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন" (ইংৰাজী: Public domain)।
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে ইংৰাজী, কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ উপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে।
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "নিৰ্বাচিত ছবি", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাছনি কৰিব পাৰে। এই পদ্ধতিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "উন্নত চিত্ৰসমূহ" আৰু আনটো "অমূল্য চিত্ৰসমূহ"।
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মিডিয়াসমূহ:
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ | ||||||||||||
|
ৱিকিমিডিয়া কমন্সত ৱিকিমিডিয়া কমন্স সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Meta has related information at: |
|