কোম্পানী / বিকাশক | মাইক্ৰ'ছফ্ট |
---|---|
প্ৰোগ্ৰাম কৰা ভাষা | |
OS পৰিয়াল | মাইক্ৰ'ছফ্ট ৱিণ্ড'জ |
উৎস মডেল |
|
বিপণন লক্ষ্য | ব্যক্তিগত পৰিকলন |
উপলভ্য প্ৰাকৃতিক ভাষা | অসমীয়া, আইচলেণ্ডীয়, আজাৰবাইজানী, আফ্ৰিকীয়, আমহাৰিক, আল্বেনীয়, আয়াৰলেণ্ডীয়, আৰবী, আৰ্মেনীয়, ইংৰাজী (আমেৰিকা যুক্তৰাষ্ট্ৰ), ইংৰাজী (যুক্তৰাজ্য), ইউক্ৰেনীয়, ইগবো, ইটালিয়ান, ইণ্ডোনেছীয়, ইয়োৰুবা, উইগুৰ, উজবেক, উৰ্দু, এষ্ট'নীয়, ওড়িয়া, ওলন্দাজ ভাষা, ওৱোলফ, ক'ছা, কাজাখ, কাতালান, কানাড়া, কিৰগিজ, কে'ইচে', কেচুৱা, কেন্দ্ৰিয় কুৰ্দিশ্ব, কোংকানী, কোৰিয়ান, ক্ৰ'ৱেছীয়, খেমাৰ, গুজৰাটী, গে'লিচিয়ান, গ্ৰীক, চীনা (পাৰম্পৰিক), চীনা (সৰলীকৃত), চেক ভাষা, চেৰোকী, ছাৰ্বীয় (চিৰিলিক, ছাৰ্বিয়া), ছাৰ্বীয় (চিৰিলিক, বছনিয়া আৰু হাৰ্জেগোভিনা), ছাৰ্বীয় (লেটিন), ছুইডেনীয়, ছৱানা, জাপানী, জাৰ্মান, জুলু, জৰ্জিয়ান, টাইগ্ৰিনিয়া, টাটাৰ, ডেনমাৰ্কীয়, তাজিক, তামিল, তুৰ্কমেন, তুৰ্কী, তেলেগু, থাই, দাৰি - পাৰ্চী (আফগানিস্তান), ন'ৰৱেজিয়ান নাইন'ৰ্স্ক, ন'ৰৱেজিয়ান বকমাল, নেপালী, নৰ্ডান ছ'থ', প'লেণ্ডীয়, পাঞ্জাৱী (আৰবী), পাঞ্জাৱী (গুৰমুখী), পাৰ্চী (ইৰাণ), পৰ্তুগীজ (পৰ্তুগাল), পৰ্তুগীজ (ব্ৰাজিল), ফিনলেণ্ডীয়, ফিলিপিনো, ফৰাচী (কানাডা), ফৰাচী (ফ্ৰাঞ্চ), বঙালী (বাংলাদেশ), বঙালী (ভাৰত), বাস্ক, বুলগেৰীয়, বেলাৰুছীয়, বোছনীয়, ভিয়েটনামী, ভেলেঞ্চিয়ান, মংগোলিয়ান, মাওৰী, মালটীয়, মালয়, মালায়ালম, মাৰাঠী, মেচিদোনীয়, ৰুছ ভাষা, ৰোমানীয়ান, ৰোৱাণ্ডীয়, লাও, লাক্সেমবাৰ্গীয়, লাটভীয়, লিথুৱানীয়, ৱেল্ছ, শ্লোভাক, শ্লোভানিয়ান, সিংহলা, সিন্ধি (আৰবী), স্কটিছ গেলিক, স্পেনীয় (মেক্সিকো), স্পেনীয় (স্পেইন), স্বাহিলী, হাংগেৰীয়, হিন্দী, হিব্ৰু, হৌছা |
সমৰ্থিত প্লেটফৰ্ম | x86-64, ARM64 |
কাৰ্ণেলৰ প্ৰকাৰ | হাইব্ৰিড (ৱিণ্ড'জ এন টি কাৰ্ণেল) |
ইউজাৰলেণ্ড | নেটীভ এপিআই ৱিণ্ড'জ এপিআই .NET ফ্ৰেমৱৰ্ক ইউনিভাৰ্ছেল ৱিণ্ড'জ প্লেটফৰ্ম লিনাক্সৰ বাবে ৱিণ্ড'জ ছাবছিষ্টেম এণ্ড্ৰইডৰ বাবে ৱিণ্ড'জ ছাবছিষ্টেম |
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | উইণ্ড'জ শ্বেল্ (গ্ৰাফিকেল) |
আধিকাৰিক ৱেবছাইট | www |
ৱিণ্ড'জ ১১[5] হৈছে মাইক্ৰ’ছফ্টদ্বাৰা বিকশিত ৱিণ্ড’জ এন টি অপাৰেটিং ছিষ্টেমৰ এক উল্লেখযোগ্য সংস্কৰণ যাৰ ঘোষণা ২০২১ চনৰ ২৪ জুনত কৰা হয়।[6] ই ছবছৰ আগতে মুক্তি লাভ কৰা ৱিণ্ড’জ ১০ৰ নৱসংস্কৰণ যি ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰে। [7] ৱিণ্ড’জ ১১ সুসংগত ৱিণ্ড’জ ১০ ডিভাইচসমূহত ৱিণ্ড’জ আপডে’টৰ জৰিয়তে বিনামূলীয়া আপগ্ৰে’ড হিচাপে উপলব্ধ কৰোৱা হয়।[8][9][10][11]
২০১৫ চনৰ ইগনাইট সন্মিলনত মাইক্ৰ'ছফ্টৰ কৰ্মচাৰী জেৰী নিক্সনে উল্লেখ কৰিছিল যে ৱিণ্ড'জ ১০ "ৱিণ্ড'জৰ অন্তিম সংস্কৰণ" হ'ব আৰু মাইক্ৰ'ছফ্টে নিশ্চিত কৰা এক বিবৃতিত একেই কথা প্ৰকাশ পাইছিল।[12][13][14] অপাৰেটিং ছিষ্টেমটো এক সেৱাৰূপে বিবেচিত হৈছিল যিয়ে সময়ে-সময়ে নতুন নতুন বিল্ড আৰু আপডে'ট লাভ কৰি থাকিব। অৱশ্যে ২০২১ চনৰ জানুৱাৰী মাহত মাইক্ৰ'ছফ্টে ৱিণ্ড'জৰ "ব্যাপক পুনৰুজ্জীৱিতকৰণ"ৰ কথা উল্লেখ কৰি চাকৰিৰ তালিকা প'ষ্ট কৰাৰ পিচত ৱিণ্ড'জৰ নতুন সংস্কৰণ বা পুনৰ্নিৰ্মাণৰ কথাক লৈ জল্পনা-কল্পনা আৰম্ভ হয়।[15] "ছান ভেলী" সাংকেতিক নামৰ অধীনত বিকশিত ৱিণ্ড'জৰ এক দৃষ্টিসংক্ৰান্ত নৱীকৰণে প্ৰণালীটোৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ আধুনিকীকৰণ কৰিব বুলি জনা গৈছিল।[16]
মাইক্ৰ'ছফ্ট বিল্ড ২০২১ৰ বিকাশকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ সত্য নাডেলাই তেওঁৰ মূল বক্তব্যৰ সময়ত ৱিণ্ড'জৰ পৰৱৰ্তী সংস্কৰণৰ কথা উল্লেখ কৰে। তেওঁ এয়াও উল্লেখ কৰে যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ'ব।[17] নাডেলাৰ মূল বক্তব্যৰ এসপ্তাহ পিচতেই মাইক্ৰ'ছফ্টে ২৪ জুন, ২০২১ তাৰিখে প্ৰাচ্য সময়-মণ্ডলৰ পুৱা ১১ বজাত ৱিণ্ড'জৰ এক সমৰ্পিত সংবাদ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰা আৰম্ভ কৰে।[18][19] মাইক্ৰ'ছফ্টে ১০ জুনত ইউটিউবত ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ এটা ১১ মিনিটৰ ভিডিঅ' প'ষ্ট কৰিছিল য'ত বহুলোকে মাইক্ৰ'ছফ্টৰ অনুষ্ঠান আৰু ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ ভিডিঅ'টোৰ দৈৰ্ঘ্য দুয়োটাই অপাৰেটিং ছিষ্টেমটোৰ নাম ৱিণ্ড'জ ১১ক সূচোৱা বুলি চিন্তা-চৰ্চা কৰে।[20][21]
২৪ জুন, ২০২১ তাৰিখে মুখ্য উৎপাদন বিষয়া পান'ছ পানায়দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত ৱিণ্ড'জ ১১ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।[22][23][24] নাডেলাৰ মতে ৱিণ্ড'জ ১১ "অপাৰেটিং ছিষ্টেমৰ পুনৰ্কল্পনা"।[25] একেদিনাই আন এক বিকাশকৰ্তা-কেন্দ্ৰীক অনুষ্ঠানত বিকাশকসকলৰ বাবে অধিক সবিশেষ যেনে- মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ আপডে'ট, নতুন ৱিণ্ড'জ এপ্ এছডিকে (সাংকেতিক নাম- "প্ৰজেক্ট ৰিইউনিয়ন"), নতুন সাবলীল ডিজাইন গাইডলাইন আৰু আন বহুতো কথা আলোচনা কৰা হয়।[26][27][28]
২০২১ চনৰ জুন মাহত ৱিণ্ড'জ ১১ নামটো ভুলক্ৰমে মাইক্ৰ'ছফ্টৰ সাহায্য নথিপত্ৰ এখনত মুকলি কৰা হয়।[29][30] ৱিণ্ড'জ ১১ৰ ডেস্কটপৰ কথিত বিটা বিল্ডৰ লীক হোৱা কেইখনমান ছবি ২০২১ চনৰ জুন মাহত ইণ্টাৰনেটত প্ৰকাশ পায়,[31][32] যাৰ পিচত একেদিনাই ওপৰোক্ত বিল্ডটো লীক হয়।[33] স্ক্ৰীণশ্বট আৰু লীক হোৱা বিল্ডটোত বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ দৰেই এক আন্তঃপৃষ্ঠৰ লগতে পুনৰ ডিজাইন কৰা আউট-অফ-বক্স অভিজ্ঞতা (অ' অ' বি ই) আৰু ৱিণ্ড'জ ১১ৰ ব্ৰেণ্ডিং দেখা যায়।[34] মাইক্ৰ'ছফ্টে পিচত লীক হোৱা বিটা সংস্কৰণটোৰ সত্যতা নিশ্চিত কৰে য'ত পানায়ে উল্লেখ কৰে যে সেইটো "প্ৰাৰম্ভিক অদ্ভুত বিল্ড" আছিল।[35][36]
২৪ জুনৰ সংবাদ অনুষ্ঠানত মাইক্ৰ'ছফ্টে কোনো সঠিক তাৰিখ নিদিয়াকৈয়ে "২০২১ৰ বন্ধৰ দিন"ত ৱিণ্ড'জ ১১ মুকলি কৰা হ'ব বুলি ঘোষণাও কৰে।[37][38] ইয়াৰ মুক্তিৰ লগতে সুসংগত ৱিণ্ড'জ ১০ ডিভাইচসমূহত বিনামূলীয়া আপগ্ৰেড প্ৰদান কৰা হ'ব।[39] ২৮ জুনত মাইক্ৰ'ছফ্টে ৱিণ্ড'জ ইনছাইডাৰত প্ৰথম প্ৰিভিউ বিল্ড আৰু ৱিণ্ড'জ ১১ৰ এছডিকে মুকলি কৰাৰ কথা ঘোষণা কৰে।[40]
২০১৫ চনত মুক্তি লাভ কৰা ৱিণ্ড'জ ১০ৰ পাচত ৱিণ্ড'জৰ আন এক উল্লেখযোগ্য সংস্কৰণ ৱিণ্ড'জ ১১ মাইক্ৰ'ছফ্টৰ নতুন সবলীল ডিজাইন গাইডলাইন অনুসৰি ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ পুনৰ্নিৰ্মাণ কৰি ইয়াৰ পূৰ্ব-সংস্কৰণৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। ব্যৱহাৰৰ সহজতা আৰু নমনীয়তাৰ ওপৰত গুৰুত্ব দিয়া পুনৰ্নিৰ্মিত সংস্কৰণটোত নতুন উৎপাদনশীলতা আৰু সামাজিক সা-সুবিধাৰ লগতে সুৰক্ষা আৰু অভিগম্যতাৰ উন্নতিসাধন প্ৰদান কৰা হৈছে যিয়ে ৱিণ্ড'জ ১০ৰ কিছুমান অসুবিধা দূৰ কৰিছে।[41][42]
এপ্ আৰু অন্যান্য সমলৰ কেন্দ্ৰ হিচাপে কাম কৰা মাইক্ৰ'ছফ্ট ষ্ট'ৰ ৱিণ্ড'জ ১১ত পুনৰ ডিজাইন কৰা হৈছে। মাইক্ৰ'ছফ্টে এতিয়া বিকাশকাৰীসকলক মান্য ইউনিভাৰ্চেল ৱিণ্ড'জ প্লেটফৰ্ম এপ্ছৰ সৈতে মাইক্ৰ'ছফ্ট ষ্ট'ৰত ৱিন৩২, প্ৰগতিশীল ৱেব এপ্লিকেশ্যন আৰু অন্যান্য পেকেজিং প্ৰযুক্তি বিতৰণ কৰিবলৈ অনুমতি দিয়ে।[43]
সহযোগিতাৰ মঞ্চ মাইক্ৰ'ছফ্ট টীম্ছ ৱিণ্ড'জ ১১ৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত একত্ৰিত কৰা হৈছে আৰু টাস্কবাৰৰ জৰিয়তে পাব পাৰি। এতিয়া আৰু স্কাইপ অবিকল্পিতভাৱে অ'এছ-ৰ সৈতে প্ৰদান কৰা নহ'ব।[44][45][46]
মাইক্ৰ'ছফ্টে আপডে'টৰ সৰু আকাৰ, "যিকোনো ব্ৰাউজাৰ"ত দ্ৰুত ৱেব ব্ৰাউজিং, দ্ৰুতগতিত নিদ্ৰা ম'ডৰ জাগ্ৰত হোৱা আৰু দ্ৰুত ৱিণ্ড'জ হেল' প্ৰমাণীকৰণৰ দৰে কাৰ্যক্ষমতাৰ উন্নতিসাধনৰ প্ৰচাৰ কৰিছে।[47][48]
উন্নত এক্সবক্স এপটো ৱিণ্ড'জ ১১ৰ সৈতে প্ৰদান কৰা হৈছে।[49][50] এক্সবক্স ছিৰীজ এক্স আৰু ছিৰীজ এছ-এ আগবঢ়োৱা স্বয়ং এইচ ডি আৰ আৰু ডাইৰেক্টষ্ট'ৰেজ প্ৰযুক্তি ৱিণ্ড'জ ১১ত একত্ৰিত কৰা হ'ব; পিচৰ সংস্কৰণত ডিৰেক্টএক্স ১২ আলটিমেট সমৰ্থন কৰা গ্ৰাফিক্স কাৰ্ড আৰু কমেও ১ টেৰাবাইটৰ NVMe ছ'লিড-ষ্টে'ট ড্ৰাইভৰ প্ৰয়োজন।[51][52]
অপাৰেটিং ছিষ্টেমজুৰি পুনৰ ডিজাইন কৰা ইণ্টাৰফে'চ দেখা গৈছে; সমগ্ৰ ইউআই-জুৰি অৰ্দ্ধস্বচ্ছতা, ছাঁ, ৰঙৰ নতুন পেলেট আৰু বৃত্তাকাৰ জ্যামিতি প্ৰচলিত।[53] টাস্কবাৰৰ বুটামবোৰ অবিকল্পিতভাৱে কেন্দ্ৰ-সংৰেখিত,[54] আৰু নতুন "ৱিজেট" বুটামটোৱে মাইক্ৰ'ছফ্ট সংবাদদ্বাৰা চালিত বাতৰি সংগ্ৰহৰ (যি ৱিণ্ড'জ ১০ৰ পিচৰ বিল্ডসমূহত আগবঢ়োৱা "বাতৰি আৰু আগ্ৰহ" পেনেলৰ সম্প্ৰসাৰণ) লগতে ৱিজেটৰ এটা পেনেল দেখুৱায়।[55][56] টাস্কবাৰটো স্থায়ীভাৱে স্ক্ৰীণৰ তলভাগত লাগি থাকে আৰু ৱিণ্ড'জ ১১ত স্ক্ৰীণৰ ওপৰ, বাওঁ বা সোঁকাষলৈ স্থানান্তৰ কৰিব নোৱাৰি (অথচ কেন্দ্ৰীভূত আইকনবোৰ বাওঁফালে স্থানান্তৰ কৰিব পাৰি)।[57]
আৰম্ভ মেন্যু গুৰুত্বপূৰ্ণভাৱে পুনৰ ডিজাইন কৰা হৈছে, ৱিণ্ড'জ ৮.এক্স আৰু ১০ৰ দ্বাৰা ব্যৱহৃত "লাইভ টাইল"ৰ সলনি "পিন কৰা" এপ্লিকেশ্যনৰ গ্ৰিড আৰু শেহতীয়া এপ্লিকেশ্যন আৰু নথিপত্ৰৰ এখন তালিকা দেখুওৱা হয়।[44][58]
ৱিণ্ড'জ ১০ত আগবঢ়োৱা টাস্ক ভিউ নামৰ এটা সুবিধাত এক সতেজ ডিজাইন দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো ভাৰ্চুৱেল ডেস্কটপত পৃথককৈ ওৱালপেপাৰ ৰাখিব পাৰি। ৱিণ্ড'জ স্নেপিং কাৰ্যক্ষমতা দুটা অতিৰিক্ত সুবিধাৰে উন্নত কৰা হৈছে; "স্নেপ লে'আউট"-এ ব্যৱহাৰকাৰীক এটা ডিছপ্লে'ত একাধিক ৱিণ্ড'জ টাইল কৰাৰ বাবে ব্যৱহাৰ কৰিব বিচৰা পূৰ্ব-নিৰ্ধাৰিত লে'আউট বাছনি কৰিবলৈ দিয়ে। ৱিণ্ড'জৰ টাইলযুক্ত সজ্জা মিনিমাইজ কৰি "স্নেপ গ্ৰুপ" হিচাপে টাস্কবাৰৰ পৰা পুনঃস্থাপন কৰিব পাৰি।[58]
ৱিণ্ড'জ ১১ত এটা নতুন ফণ্ট— ছীগ' ইউআই ভেৰিয়েবল যোগ কৰা হৈছে। ফণ্টটো প্ৰতি ইঞ্চিত অধিক পৰিমাণৰ বিন্দু থকা মনিটৰৰ সৈতে ভালদৰে সৰু-ডাঙৰ হ'বলৈ প্ৰস্তুত কৰা হৈছে, যি পুৰণি ছীগ' ইউআই-এ কৰিব নোৱাৰিছিল।[59] ছিষ্টেমৰ অন্যান্য সাল-সলনিৰ ভিতৰত আছে নতুন ছিষ্টেম আইকন, এনিমেশ্যন, ধ্বনি আৰু ৱিজেট।[60][61] সৰহভাগ ইণ্টাৰফে'চ আৰু আৰম্ভ মেন্যু এতিয়া বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ পৰা ঘাইকৈ অনুপ্ৰাণিত।[62] ফাইল এক্সপ্ল'ৰাৰ আৰু ৱিণ্ড'জ ছেটিংছ এপতো নতুন ডিজাইন দেখিবলৈ পোৱা গৈছে।[63][64]
ৱিণ্ড'জ ১১ত ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইডৰ বাবে নতুন ৱিণ্ড'জ ছাবছিষ্টেম (ডব্লিউ এছ এ) আৰু এণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প (এ অ' এছ পি) ব্যৱহাৰ কৰি তেওঁলোকৰ ডিভাইচত এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব আৰু চলাব পাৰিব। এই এপ্বোৰ মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ ভিতৰৰ পৰা আমাজন এপ্ষ্ট'ৰৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰি। এই সুবিধাটোৰ বাবে মাইক্ৰ'ছফ্ট একাউণ্ট, এটা এমাজন একাউণ্ট আৰু ৱিণ্ড'জ আমাজন এপ্ষ্ট'ৰ ক্লায়েণ্ট এবাৰ ইনষ্টল কৰিব লাগিব।[65][66][67][68] ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইড এপ্লিকেশ্যন পেকেজ (এ পি কে) ফাইল ফৰ্মেট ব্যৱহাৰ কৰি যিকোনো উৎসৰ জৰিয়তে এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব পাৰে।[69]
নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাৰ অংশ হিচাপে ৱিণ্ড'জ ১১ কেৱল ট্ৰাষ্টেড প্লেটফৰ্ম মডিউল ২.০ সুৰক্ষা ক'প্ৰচেছৰ থকা ডিভাইচসমূহতহে চলে। মাইক্ৰ'ছফ্টৰ মতে ফাৰ্মৱেৰ আৰু হাৰ্ডৱেৰ আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ বাবে টিপিএম ২.০ ক'প্ৰচেছৰ হৈছে এক "গুৰুত্বপূৰ্ণ বিল্ডিং ব্লক"। ইয়াৰ উপৰিও ৱিণ্ড'জ ১১ থকা ডিভাইচসমূহত মাইক্ৰ'ছফ্টক এতিয়া ভাৰ্চুৱেলাইজেশ্যন-বে'জ্ড ছিকিউৰিটী (ভি বি এছ), হাইপাৰভাইজৰ-প্ৰ'টেক্টেড ক'ড ইণ্টিগ্ৰিটী (এইচ ভি চি আই) আৰু সুৰক্ষিত বুট অন্তৰ্নিৰ্মিত আৰু অবিকল্পিতভাৱে সক্ষম থকাটো প্ৰয়োজনীয়।[70] অপাৰেটিং ছিষ্টেমটোত শূণ্য-দিনীয়া আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰদান কৰিবলৈ সমৰ্থিত ইণ্টেল আৰু এএমডি প্ৰচেছৰৰ বাবে হাৰ্ডৱেৰ-এনফ'ৰ্চ্ড ষ্টেক সুৰক্ষাও আছে।
পূৰ্বৰ সংস্কৰণৰ দৰেই ৱিণ্ড'জ ১১তো ৱিণ্ড'জ হেল'ৰ জৰিয়তে বহু-কাৰক প্ৰমাণীকৰণ আৰু বায়'মেট্ৰিক প্ৰমাণীকৰণ সমৰ্থিত।[71]
যদিও এইটো মাইক্ৰ'ছফ্টদ্বাৰা নিশ্চিত কৰা হোৱা নাই আৰু পূৰ্বলোকন সংস্কৰণৰ ত্ৰুটি হ'ব পাৰে, কেইবাটাও ৱেবছাইটে জনাইছে যে ৱিণ্ড'জ ১১ৰ বিএছঅ'ডি-ৰ ৰং ক'লালৈ সলনি কৰা হৈছে।[72][73]
ৱিণ্ড'জ ১১ৰ প্ৰথম ৰাজহুৱা প্ৰিভিউ বিল্ড ২৮ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ ইনছাইডাৰ্ছৰ ডেভ চেনেলত উপলব্ধ কৰোৱা হৈছিল।[40]
ৱিণ্ড'জ ১১ৰ প্ৰিভিউ বিল্ডসমূহ | |||
---|---|---|---|
সংস্কৰণ | মুক্তি লাভ কৰা তাৰিখ | হাইলাইটসমূহ | |
১০.০.২২০০০.৫১ [40] |
ডেভ চেনেল: ২৮ জুল, ২০২১ |
প্ৰাৰম্ভিক প্ৰিভিউ উন্মোচন
|
উপাদান | নিম্নতম |
---|---|
প্ৰচেছৰ | কমেও ১ গিগাহাৰ্জ ঘড়ীৰ হাৰ আৰু কমেও ২টা ক'ৰ থকা সুসংগত ৬৪-বিট প্ৰচেছৰ (x86-64 বা ARM64) |
মেম'ৰী (RAM) | কমেও ৪ জিবি |
সংৰক্ষণৰ বাবে খালী ঠাই | কমেও ৬৪ জিবি |
ছিষ্টেম ফাৰ্মৱেৰ | UEFI |
নিৰাপত্তা | সুৰক্ষিত বুট, অবিকল্পিতভাৱে সক্ষম |
ট্ৰাষ্টেড প্লেটফৰ্ম মডিউল (টিপিএম) সংস্কৰণ ২.০ | |
গ্ৰাফিক্স কাৰ্ড | WDDM ২.০ ড্ৰাইভাৰসহ ডিৰেক্টএক্স ১২ বা তাৰ পাচৰ সংস্কৰণৰ সৈতে সুসংগত |
ডিছপ্লে' | হাই ডেফিনিশ্যন (৭২০পি) ডিছপ্লে' যি এফলীয়াকৈ ৯ইঞ্চিতকৈ ডাঙৰ, ৮ বিট প্ৰতি ৰঙৰ চেনেল |
ইণ্টাৰনেট সংযোগ আৰু মাইক্ৰ'ছফ্ট একাউণ্ট | ৱিণ্ড'জ ১১ হ'মত প্ৰথমবাৰৰ ছেটআপ সম্পূৰ্ণ কৰিবলৈ ইণ্টাৰনেট সংযোগ আৰু মাইক্ৰ'ছফ্ট একাউণ্টৰ প্ৰয়োজন। |
সুবিধা | প্ৰয়োজনীয়তা |
---|---|
5G সমৰ্থন | 5G সক্ষম মডেম |
স্বয়ং এইচ ডি আৰ | এইচ ডি আৰ সক্ষম মনিটৰ |
বায়'মেট্ৰিক প্ৰমাণীকৰণ আৰু ৱিণ্ড'জ হেল' | উদ্দীপ্ত অৱলোহিত কেমেৰা বা ফিংগাৰপ্ৰিণ্ট ৰীডাৰ |
বিট্লকাৰ টু গ' | ইউ এছ বি ফ্লেশ্ব ড্ৰাইভ (ৱিণ্ড'জ ১১ প্ৰ' আৰু ওপৰৰ সংস্কৰণত উপলব্ধ) |
হাইপাৰ-ভি | ছেকেণ্ড লেভেল এড্ৰেছ ট্ৰাঞ্চলেশ্যন (SLAT) |
ডিৰেক্টষ্ট'ৰেজ | কমেও ১ টেৰাবাইট সঞ্চয়াগাৰ থকা NVMe ছ'লিড-ষ্টে'ট ড্ৰাইভ আৰু শ্বেডাৰ মডেল ৬.০সহ ডিৰেক্টএক্স 12 আল্টিমেট গ্ৰাফিক্স কাৰ্ড |
ডিৰেক্টএক্স 12 আল্টিমেট | সমৰ্থিত গেম আৰু গ্ৰাফিক্স কাৰ্ডৰ সৈতে উপলব্ধ |
স্থানিক ধ্বনি | হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সমৰ্থন কৰা |
দুই-কাৰক প্ৰমাণীকৰণ | পিন, বায়'মেট্ৰিক প্ৰমাণীকৰণ, অথবা ৱাই-ফাই বা ব্লুটুথৰ সুবিধা থকা ফোনৰ ব্যৱহাৰ |
কণ্ঠস্বৰ চিনাক্তকৰণ | মাইক্ৰ'ফ'ন |
ৱাই-ফাই 6E সমৰ্থন | নতুন WLAN IHV হাৰ্ডৱেৰ আৰু ড্ৰাইভাৰ, ৱাই-ফাই 6E সক্ষম AP/ৰাউটাৰ |
ৱিণ্ড'জ প্ৰক্ষেপণ | ৱাই-ফাই ডিৰেক্ট, WDDM 2.0 ছাপ'ৰ্ট কৰা ৱাই-ফাই এডাপ্টাৰ |
ৱিণ্ড'জ ১১ৰ প্ৰাথমিক ছিষ্টেম-প্ৰয়োজনীয়তা ৱিণ্ড'জ ১০ৰ দৰেই। অৱশ্যে ৱিণ্ড'জ ১১ত কেৱল x86-64 বা ARM64 প্ৰচেছৰ ব্যৱহাৰ কৰা ছিষ্টেমসমূহৰ দৰে ৬৪-বিট ছিষ্টেমসমূহৰহে সমৰ্থন আছে; IA-32 প্ৰচেছৰৰ বাবে সমৰ্থন আঁতৰোৱা হৈছে।[76] নিম্নতম ৰেম আৰু সঞ্চয়াগাৰৰ প্ৰয়োজনীয়তাও বৃদ্ধি কৰা হৈছে; ৱিণ্ড'জ ১১ত এতিয়া কমেও ৪ জিবি ৰেম আৰু ৬৪ জিবি সঞ্চয়াগাৰৰ প্ৰয়োজন। S ম'ড কেৱল ৱিণ্ড'জ ১১ৰ হ'ম সংস্কৰণৰ বাবে সমৰ্থিত।[77] ২০২১ চনৰ জুন মাহলৈকে কেৱল ইণ্টেল ক'ৰ এইট্থ জেনেৰেশ্যন (কফি লে'ক, হুইস্কী লে'ক) আৰু পিচৰ সংস্কৰণ, এএমডি জেন+ (ৰাইজেন ফাৰ্ষ্ট জেন "এএফ" ৰিভিজ্যনৰ বাহিৰে) আৰু পিছৰ সংস্কৰণ আৰু কুৱালকম স্নেপড্ৰেগন ৮৫০ আৰু পিছৰ প্ৰচেছৰসমূহ আনুষ্ঠানিকভাৱে সমৰ্থিত।[78]
লিগেচী BIOS এতিয়া আৰু সমৰ্থিত নহয়; এতিয়া সুৰক্ষিত বুট থকা UEFI ছিষ্টেম আৰু টিপিএম ২.০ সুৰক্ষা ক'প্ৰচেছৰৰ প্ৰয়োজন।[79][80][81][82] বিশেষকৈ টিপিএম-ৰ প্ৰয়োজনীয়তাই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কিয়নো বহুতো মাদাৰব'ৰ্ডত টিপিএম সমৰ্থন নাই, মাদাৰব'ৰ্ডত শাৰীৰিকভাৱে ইনষ্টল কৰিবলৈ এটা সুসংগত টিপিএম মডিউলৰ প্ৰয়োজন অথবা চিপিইউ ফাৰ্মৱেৰ বা হাৰ্ডৱেৰ স্তৰত এটা অন্তৰ্নিৰ্মিত টিপিএম থাকিব লাগিব যি অবিকল্পিতভাৱে নিষ্ক্ৰিয় কৰা থাকে যাৰ বাবে কম্পিউটাৰৰ UEFI-ত ছেটিংছ সলনি কৰিব লাগে।[83] মূল সাজ-সৰঞ্জাম নিৰ্মাতাসকলে তথাপি মাইক্ৰ'ছফ্টৰ অনুমোদনৰ পিচত টিপিএম ২.০ ক'প্ৰচেছৰ অবিহনে কম্পিউটাৰ প্ৰেৰণ কৰিব পাৰে। ইনষ্টলেশ্যন মিডিয়া সম্পাদনা কৰি লিগেচী BIOS-ত বা সুৰক্ষিত বুট বা টিপিএম 2.0 অবিহনে ৱিণ্ড'জ ১১ ইনষ্টল কৰিব পাৰি।[74][84]
পূৰ্বলোকন সংস্কৰণ প্ৰকাশ পোৱাৰ পিচত ৱিণ্ড'জ ১১এ ইতিবাচক সঁহাৰি লাভ কৰিছে য'ত সমালোচকসকলে নতুন ডিজাইন আৰু উৎপাদনশীলতাৰ সুবিধাসমূহৰ প্ৰশংসা কৰিছে,[85] অৱশ্যে ৱিণ্ড'জ ১১ৰ নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাক লৈ অনিচ্ছাকৃতভাৱে বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে মাইক্ৰ'ছফ্টক সমালোচনা কৰা হৈছে।[86] মাইক্ৰ'ছফ্টে আৰম্ভণিতে প্ৰকাশ কৰা বৰ্ধিত ছিষ্টেম-প্ৰয়োজনীয়তা (ৱিণ্ড'জ ১০ৰ তুলনাত) অনুসৰি দেখা গৈছিল যে বৰ্তমানৰ ৱিণ্ড'জ ১০ পিচি-ৰ প্ৰায় ৬০ শতাংশই ৱিণ্ড'জ ১১লৈ আপগ্ৰেড কৰিব নোৱাৰিব।[87]