দল-হৰিণা (Barasingha or Swamp deer)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Cervidae |
গণ: | Rucervus |
প্ৰজাতি: | R. duvaucelii |
বৈজ্ঞানিক নাম | |
Rucervus duvaucelii (G. Cuvier, 1823) | |
দল-হৰিণাৰ বিতৰণ, ঐতিহাসিক বিতৰণ-হালধীয়া; বৰ্তমানৰ বিতৰণ: duvaucelii (ৰঙা); branderi (সেউজীয়া); ranjitsinhi (নীলা) |
দল-হৰিণা (ইংৰাজী: Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও[2] এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷ এই বৈশিষ্ট্যপূৰ্ণ ১২ টা ভাগৰ বাবেই হিন্দী ভাষাত ইয়াক বাৰাশিঙ্গা (Barasingha) বুলি কোৱা হয়৷[3] ই ভাৰত উপ-মহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত অন্যতম৷
দল-হৰিণা মধ্যমীয়া আকাৰৰ পহুৰ প্ৰজাতি ৷ ইয়াৰ দেহৰ উচ্চতা প্ৰায় ১৩০ ছে: মি: আৰু ওজন প্ৰায় ১৮০ কি:গ্ৰা: হয় ৷ দেহৰ বৰণ মটীয়া ৷ প্ৰজননৰ সময়ত দেহৰ বৰণ গাঢ় হৈ পৰে ৷ মতা দল-হৰিণাৰ দীঘল শিং থাকে ৷
এসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷[4] অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷[5][6][7]অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷[8]
দল-হৰিণাই প্ৰধানতঃ নৈ বা জলাহ অঞ্চলৰ কাষৰ ওখ ঘাঁহনিত চৰিবলৈ ভাল পায়৷
দল-হৰিণাই সাধাৰণতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৮-২০ টাকৈ প্ৰাণী থাকে ৷ প্ৰজননৰ সময় সাধাৰণতে ছেপ্টেম্বৰৰ পৰা এপ্ৰিল পৰ্য্যন্ত ৷ ২৪০-২৫০ দিন ধৰি গৰ্ভধাৰণ কৰাৰ পিছত পোৱালিৰ জন্ম দিয়ে৷[9]
দল-হৰিণা সাধাৰণতে তৃণভোজী৷ মূলত: গছৰ পাত আৰু ঘাঁহ খাদ্য হিচাপে গ্ৰহণ কৰে৷[3]
দল-হৰিণাক আই.ইউ. চি. এন (IUCN) ৰ তালিকাত অসুৰক্ষিত (Vulnerable) প্ৰাণী বুলি ঘোষণা কৰা হৈছে৷ [10]বনাঞ্চল ধ্বংস, জলাহ ভূমিৰ খেতিৰ বাবে ৰূপান্তৰণ আদিৰ বাবে এই প্ৰাণী বিধৰ প্ৰাকৃতিক বসতিস্হল ক্ৰমান্বয়ে লোপ পাই আহিবলৈ ধৰিছে৷ তাৰোপৰি দল-হৰিণাক ইয়াৰ শিঙৰ বাবেও চিকাৰ কৰা হয় বুলি জনা যায়৷