চান্নাপাটনা খেলনা | |
---|---|
ভৌগোলিক স্বীকৃতি | |
চান্নাপাটনাৰ কাঠৰ খেলনা | |
প্ৰকাৰ | হস্তশিল্প |
অঞ্চল | চান্নাপাটনা, কৰ্ণাটক |
দেশ | ভাৰত |
উপাদান | কাঠৰ পুতলা |
চান্নাপাটনা খেলনা (ইংৰাজী: Channapatna toys) ভাৰত কৰ্ণাটক ৰাজ্যৰ চান্নাপাটনা চহৰৰ একপ্ৰকাৰৰ প্ৰাচীন কাঠৰ হস্তশিল্প। এই শিল্পৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুতলা, খেলনা, ফল-মূল পাচলি আদিৰ আকৃতি, গাড়ী, হুইছেল, বাঁহী, মানৱ আকৃতি আদি বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী কাঠেৰে প্ৰস্তুত কৰা হয়।[1] এই পৰম্পৰাগত শিল্প কৰ্ণাটক চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা হয় আৰু বিশ্ব বাণিজ্য সংস্থাৰ অধীনত ই ভৌগোলিক স্বীকৃতি লাভ কৰিছে।[2] এই খেলনাবোৰৰ জনপ্ৰিয়তাৰ ফলস্বৰূপে চান্নাপাটনাক কৰ্ণাটকৰ 'গোম্বেগালা ওৰু' (খেলনা-চহৰ) বুলি অভিহিত কৰা হয়।[3] পৰম্পৰাগতভাৱে এই শিল্পত ৰাইতিয়া টিণ্টোৰিয়া (বৈজ্ঞানিক নাম: Wrightia tinctoria) গছৰ কাঠৰ ওপৰত কাৰুকাৰ্য কৰি বাৰ্নিছ মাৰি প্ৰস্তুত কৰা হয়।[4] এই কাঠৰ উজ্জ্বল বগা ৰঙৰ বাবে স্থানীয়ভাৱে ইয়াক 'আলে মাৰা' অৰ্থাৎ হাতীদাঁতৰ-কাঠ বুলি কোৱা হয়।[5]
এই খেলনাবোৰৰ উৎপত্তি টিপু চুলতানৰ ৰাজত্বকালত আৰম্ভ হৈছিল। তেওঁ পাৰস্যৰ শিল্পীসকলক কাঠৰ পুতলা নিৰ্মাণত স্থানীয় শিল্পীসকলক প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ জনাইছিল। বাভাস মিয়ান চান্নাপাটনা খেলনাৰ পিতৃস্বৰূপ। তেওঁ গোটেই জীৱন চান্নাপাটনা খেলনাৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ খেলনা নিৰ্মাণৰ বাবে জাপানী প্ৰযুক্তি গ্ৰহণ কৰিছিল আৰু স্থানীয় শিল্পীসকলক তেওঁলোকৰ কলা উন্নত কৰাত সহায় কৰিছিল।[3] প্ৰায় দুই শতিকা ধৰি এই খেলনা নিৰ্মাণত ব্যৱহৃত মুখ্য হাতীদাঁত কাঠ আছিল। যদিও ৰজউড আৰু চন্দন কাঠো মাজে মাজে ব্যৱহাৰ কৰা হৈছিল।
চান্নাপাটনা খেলনা মুখ্যতঃ কাঠেৰে নিৰ্মাণ কৰা হয়। বৰ্তমান পৰম্পৰাগত হাতীদাঁত-কাঠৰ উপৰিও অন্যান্য কাঠ যেনে ৰবৰ, চিকামোৰ, চিদাৰ, পাইন আৰু চেগুন আদিও ব্যৱহাৰ কৰা হয়।[6] উৎপাদন পৰ্যায়বোৰ হৈছে কাঠ ক্ৰয় কৰা, কাঠখিনিক পাৰম্পৰিক প্ৰক্ৰিয়াৰে পুতলা নিৰ্মাণৰ বাবে উপযোগী কৰি তোলা, কাঠবোৰ আকাংক্ষিত আকৃতিত কটা, খেলনাবোৰ কটা আৰু কলাকৃতি তৈয়াৰ কৰা, ৰং বোৰ প্ৰয়োগ কৰা আৰু অৱশেষত সমাপ্ত সামগ্ৰী পলিচ কৰা। শিশুৰ দ্বাৰা ব্যৱহাৰৰ বাবে খেলনাসমূহ সুৰক্ষিত হোৱাটো নিশ্চিত কৰিবলৈ ৰং প্ৰক্ৰিয়াত প্ৰাকৃতিক ৰং যেনে পাৰম্পৰিক ফল-পাচলিৰ ৰং ব্যৱহাৰ কৰা হয়।[3] ২০১১ চনৰ অক্টোবৰ মাহলৈকে এই শিল্পৰ লগত প্ৰত্যক্ষভাবে নিয়োজিত মুঠ জনসংখ্যা হৈছে ৭১,৯০২ গৰাকী। ইয়াৰে ২৫৪ গৃহ উৎপাদন ইউনিটত আৰু ৫০টা সৰু কাৰখানাত আছে আছে। কৰ্ণাটক হস্তশিল্প উন্নয়ন নিগমে উৎপাদিত সামগ্ৰীৰ বিপণন প্ৰচেষ্টাত সহায়তা প্ৰদান কৰে। আটাইতকৈ পুৰণি আৰু আটাইতকৈ জনপ্ৰিয় উৎপাদন গোট ভাৰত কলা আৰু শিল্পই অভিনৱ সামগ্ৰী বিকশিত কৰাত সহায় কৰে।[7]
কোনো সঠিক আঁচনি বা বিপণন নথকাৰ বাবে চান্নাপাটনা খেলনা উদ্যোগে এক দশকতকৈও অধিক সময় ধৰি বিত্তীয় সংকটৰ সন্মুখীন হৈছিল আৰু প্ৰায় মৃত্যুৰ পথত আছিল।[6] অৱশ্যে কৰ্ণাটক হস্তশিল্প উন্নয়ন নিগমৰ সহায়ত শিল্পটো পুনৰুজ্জীৱিত কৰা হৈছে আৰু ইয়াৰ লগত জড়িত শিল্পীসকলক উদ্যোগৰ প্ৰৱণতা সলনি কৰাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ বাবে তেওঁলোকক বৰ্তমানৰ পৰিস্থিতিৰ পৰা অৱগত ৰখাত সহায় কৰা হৈছে। গুৰু কাৰুশিল্পৰ দ্বাৰা ডিজাইন কৰা মূল আৰ্হিসমূহ স্থানীয় শিল্পীসকলৰ সৈতে পৰিচয় কৰা হয়। যাতে তেওঁলোকে ভালদৰে ডিজাইন কৰা পুতলা আধুনিক উদ্ভাৱনমূলক পুতলা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। কৰ্ণাটক চৰকাৰে এটা লেকাৰৱেৰ ক্ৰাফ্ট কমপ্লেক্স নিৰ্মাণ কৰি সহায়তা প্ৰদান কৰিছে। ইয়াত ৩২টা ঘূৰি থকা লেথ মেচিনৰ সৈতে এটা উৎপাদন কেন্দ্ৰ আছে।[6] ডাচ্ছ চৰকাৰ আৰু কৰ্ণাটক চৰকাৰৰ বিশ্ব আঁচনিৰ সহায়ত শিল্পীসকলক বিত্তীয় সহায় প্ৰদান কৰা হৈছে।
বহুতো নতুন কোম্পানী আৰু সামাজিক উদ্যোগে আধুনিক চাহিদাৰ সৈতে খাপ খোৱাৰ বাবে চান্নাপাটনা শিল্পক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা চলাই আছে।[8] আইফক চান্নাপাটনা টয়জ এণ্ড হেণ্ডিক্ৰাফ্ট (iFolk Channapatna toys and handicrafts) ভাৰত কলা আৰু শিল্পৰ দ্বাৰা গঠিত এটা গোট। এইগোটে সামগ্ৰীৰ উদ্ভাৱন আৰু আধুনিকীকৰণ কৰিবলৈ বাৰ্নিছ শিল্পীসকলক প্ৰচাৰ আৰু সমৰ্থন কৰে।