চৈতন্য মহাপ্ৰভু

চৈতন্য মহাপ্ৰভু

ধামেশ্বৰ হিচাপে চৈতন্যৰ কাঠৰ মূৰ্তি, নবদ্বীপ[1]
জন্ম ১৮ ফেব্ৰুৱাৰী, ১৪৮৬
নবদ্বীপ, বংগ চুলতানী
(বৰ্তমানৰ পশ্চিমবংগ, ভাৰত)
মৃত্যু ১৪ জুন, ১৫৩৪ (৪৮ বছৰ)
পুৰী, গজপতি ৰাজ্য
(বৰ্তমানৰ ওড়িশা, ভাৰত)
প্ৰকৃত নাম বিশ্বম্ভৰ মিশ্ৰ
প্ৰতিষ্ঠাপক গৌড়ীয় বৈষ্ণৱবাদ
অচিন্ত্য ভেদ অভেদ
গুৰু স্বামী ঈশ্বৰ পুৰী (মন্ত্ৰ গুৰু); স্বামী কেশৱ ভাৰতী (সন্ন্যাস গুৰু)
দৰ্শন ভক্তি যোগ, অচিন্ত্য ভেদ অভেদ
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

চৈতন্য মহাপ্ৰভু (বঙালী: মহাপ্ৰভু শ্ৰীচৈতন্য দেব; সংস্কৃত: चैतन्य महाप्रभु), জন্ম বিশ্বম্ভৰ মিশ্ৰ (IAST: Viśvambhara Miśra[2]) (১৮ ফেব্ৰুৱাৰী ১৪৮৬ – ১৪ জুন ১৫৩৪[3]), এগৰাকী ভাৰতীয় হিন্দু সন্ত আছিল। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বংগৰ নদিয়া জিলাৰ অন্তৰ্গত নবদ্বীপৰ বাসিন্দা আছিল। চৈতন্য মহাপ্ৰভুৰ ভজন-কীৰ্তন আৰু নৃত্যৰ সৈতে কৃষ্ণক উপাসনা কৰা পদ্ধতিয়ে বংগৰ বৈষ্ণৱ ধৰ্মৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁক ৰাধা কৃষ্ণৰ যুুুগল প্ৰেমাৱতাৰ বোলা হয়।[4]

তেওঁক অচিন্ত্য ভেদ অভেদৰ বেদান্ত দৰ্শনৰ প্ৰধান প্ৰবক্তা বুলি গণ্য কৰা হয়। অৱশ্যে, অচিন্ত্য-ভেদাভেদ নামেৰে জনাজাত অবিভাজ্য পাৰ্থক্যৰ ধাৰণাটো পৰৱৰ্তী সময়ত জীৱ গোস্বামীয়ে তেওঁৰ ভাগৱত সন্ধৰ্ভ নামৰ গ্ৰন্থত বিকশিত কৰিছিল।[5]

মহাপ্ৰভুৱে গৌড়ীয় বৈষ্ণৱবাদ (অৰ্থাৎ ব্ৰহ্মা-মাধ্ব-গৌড়ীয় সম্প্ৰদায়)ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ভক্তি যোগৰ ব্যাখ্যা আগবঢ়াই হৰে কৃষ্ণ মহামন্ত্ৰৰ জপক জনপ্ৰিয় কৰি তুলিছিল।[6] তেওঁ শিক্ষাষ্টক (আঠটা ভক্তিমূলক প্ৰাৰ্থনা) ৰচনা কৰিছিল।

তেওঁৰ গাৰ বৰণ গলিত স্বৰ্ণ–সদৃশ হোৱাৰ বাবে চৈতন্যক কেতিয়াবা গৌৰাঙ্গ (IAST: Gaurāṅga) বা গৌৰ বুলিও কোৱা হয়।[7] তেওঁৰ জন্মদিনটো গৌৰ-পূৰ্ণিমা হিচাপে পালন কৰা হয়।[8][9] নিম গছৰ তলত জন্ম হোৱা বাবে তেওঁক নিমাই বুলিও কোৱা হয়।[10]

পুৰীৰ গঙ্গা মাতা মঠত ষড়ভুজ গৌৰাঙ্গ দেৱতা

বিশ্বম্ভৰ মিশ্ৰ ওৰফে নিমাই নামেৰে এক ব্ৰাহ্মণ পৰিয়ালত চৈতন্যৰ জন্ম হৈছিল। তেওঁ আছিল জগন্নাথ মিশ্ৰ আৰু তেওঁৰ পত্নী শচী দেৱীৰ দ্বিতীয় পুত্ৰ। পিতৃ-মাতৃ দুয়ো চিলেট অঞ্চলৰ ব্ৰাহ্মণ আছিল। তেওঁৰ মাতৃ শচী দেৱী আছিল নীলাম্বৰ চক্ৰৱৰ্তীৰ কন্যা।[2] জগন্নাথ মিশ্ৰৰ পৰিয়াল শ্ৰীহট্ট (চিলেট)ৰ ঢাকাদক্ষিণ গাঁৱৰ (বৰ্তমান বাংলাদেশত) বাসিন্দা আছিল। বৰ্তমান বাংলাদেশত তেওঁলোকৰ পৈতৃক গৃহৰ ধ্বংসাৱশেষ এতিয়াও বিদ্যমান।[11][12][13]

চৈতন্য চৰিতামৃতৰ মতে, নবদ্বীপত (বৰ্তমানৰ পশ্চিমবংগত) ১৪৮৬ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পূৰ্ণিমাৰ নিশা, চন্দ্ৰগ্ৰহণৰ সময়ত চৈতন্যৰ জন্ম হৈছিল।[14][15][16]

তেওঁ ছাত্ৰাৱস্থাত থাকোঁতেই তেওঁৰ পিতৃৰ বিয়োগ ঘটে আৰু অতি কম বয়সতে তেওঁ লক্ষ্মীপ্ৰিয়া দেৱীক বিয়া কৰায়। তেওঁ পণ্ডিত হৈ পৰিয়াল পোহপাল দিবলৈ পূব বংগলৈ গৈছিল যদিও তেওঁৰ অনুপস্থিতিত পত্নীৰ মৃত্যু হয়। তাৰ পিছত তেওঁ পণ্ডিত সনাতন মিশ্ৰৰ কন্যা বিষ্ণুপ্ৰিয়া দেৱীক বিয়া কৰায়। বিশ্বম্ভৰ, নিমাই পণ্ডিত নামেৰেও পৰিচিত, এগৰাকী মেধাৱী সংস্কৃত পণ্ডিত আছিল আৰু এবাৰ সংস্কৃত গদ্যৰ ওপৰত হোৱা এক বিতৰ্কত তেওঁ নিম্বাৰ্ক সম্প্ৰদায়ৰ কেশৱ ভট্টকো পৰাস্ত কৰিছিল।[13]

অনুগামীৰে বেষ্টিত নিজৰ চকুলোৰ ডোঙাত নৃত্যৰত চৈতন্যৰ কিষানগড় চিত্ৰকৰ্ম, আনুমানিক ১৭৫০।

১৫০৮-১৫০৯ চনত তেওঁ নবদ্বীপ এৰি গয়ালৈ গৈ মৃত পিতৃৰ শ্ৰাদ্ধানুষ্ঠান সম্পন্ন কৰে। তাতে তেওঁ ঈশ্বৰ পুৰী নামৰ এজন তপস্বীক লগ পায়, যিয়ে তেওঁক মন্ত্ৰ ব্যৱহাৰ কৰি কৃষ্ণৰ উপাসনাৰ দীক্ষা দিছিল। এই সাক্ষাৎৰ পিছত বিশ্বম্ভৰে সকলো শৈক্ষিক আৰু গাৰ্হস্থ্য কাম-কাজ পৰিত্যাগ কৰি কৃষ্ণৰ কথা শুনা আৰু কোৱাৰ বাহিৰে আন কোনো বিষয়তে আগ্ৰহী নাছিল। এবছৰৰ ভিতৰতে তেওঁ সন্ন্যাস লয় আৰু তেওঁৰ গুৰু কেশৱ ভাৰতীৰ অধীনত তেওঁৰ নাম সলনি কৰি কৃষ্ণ চৈতন্য ৰাখে। তেতিয়া তেওঁৰ মাতৃয়ে তেওঁক অন্ততঃ পুৰী চহৰত থাকিবলৈ কৈছিল যাতে তেওঁ বংগৰ পৰা বেছি দূৰত নাথাকে।[13]

সন্ন্যাসী হোৱাৰ পিছত, তেওঁ অনুগামীসকলক কৃষ্ণ ভক্তিৰ নীতিলৈ ৰূপান্তৰিত কৰা আৰু তেওঁলোকক নিৰ্দেশ দিয়া আৰু সাম্প্ৰদায়িক সংকীৰ্তনত লিপ্ত হোৱাত সময় অতিবাহিত কৰিছিল। এইটো লক্ষণীয় যে তেওঁ অদ্বৈত বেদান্তৰ অনুগামীসকলৰ সৈতে বিতৰ্ক কৰি তেওঁলোকক ধৰ্মান্তৰিত কৰিছিল। ১৫১৫ চনত তেওঁ বৃন্দাবনত দুমাহ অতিবাহিত কৰে, যʼত তেওঁ সনাতন গোস্বামী আৰু ৰূপ গোস্বামীক দীক্ষা দিয়ে। তেওঁৰ জীৱনৰ শেষৰ দুটা দশক পুৰীত অতিবাহিত হৈছিল, যʼত তেওঁ নিজকে আৰু তেওঁৰ সংগীসকলক কৃষ্ণ আৰু মুখ্যতঃ ৰাধাৰ ভক্তিত নিমজ্জিত কৰাত গুৰুত্ব দিছিল। প্ৰায় ১৫২৮-১৫৩৪ চনত তেওঁৰ মৃত্যু হয়।[13]

জীৱনীসমূহ

[সম্পাদনা কৰক]

চৈতন্যৰ ওপৰত ৰচনাৰাজি:[17][18][19]

  • কৃষ্ণ-চৈতন্য-চৰিতামৃত (সাঁচ:C. ১৫১৩ বা ১৫৩৬–১৫৪০; সংস্কৃত)
মুৰাৰী গুপ্তৰ দ্বাৰা ৰচিত। ইয়াক কড়চা বা ক্ৰনিকল বুলি জনা যায়। ইয়াত চৈতন্যৰ নবদ্বীপ লীলা আৰু পঞ্চ-তত্ত্বৰ প্ৰতিটো ঈশ্বৰৰ ৰূপ হিচাপে উপস্থাপন কৰা হৈছে। চৈতন্যই প্ৰথমবাৰৰ বাবে নবদ্বীপৰ মুৰাৰীৰ ঘৰলৈ গৈছিল। মুৰাৰীৰ পাণ্ডিত্য আৰু শিক্ষণৰ খ্যাতিৰ বাবে তেওঁৰ জীৱনীমূলক সামগ্ৰীসমূহ বৈষ্ণৱ সমাজত অতিশয় মূল্যৱান হৈ পৰিছিল। এই কড়চা (টোকা) আন জীৱনীকাৰৰ বাবে পথ প্ৰদৰ্শকস্বৰূপ হৈ পৰিছিল।
  • কড়চা বা ক্ৰনিকল (সংস্কৃত)
স্বৰূপ দামোদৰৰ দ্বাৰা ৰচিত। তেওঁ চৈতন্যৰ ব্যক্তিগত সম্পাদক আছিল। চৈতন্যৰ জীৱনৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছে।
  • গোবিন্দদাসেৰ কড়চা (বাংলা)
দাক্ষিণাত্যৰ ভ্ৰমণকালত চৈতন্যৰ লগত যোৱা গোবিন্দ দাসৰ দ্বাৰা ৰচিত। এই কবিতাটোত তেওঁলোকৰ যাত্ৰাৰ অভিজ্ঞতা আৰু চৈতন্যৰ জীৱনৰ কিছুমান কাল্পনিক পৰিঘটনাৰ লগতে তেওঁৰ ধাৰণা আৰু দৰ্শনৰ বৰ্ণনা কৰা হৈছে। ই আন এক উল্লেখযোগ্য জীৱনীমূলক কৰ্ম যদিও প্ৰামাণ্যতাৰ বাবে ইয়াক বিতৰ্কিত বুলি গণ্য কৰা হৈছিল।
  • চৈতন্য ভাগৱত (সাঁচ:C. ১৫৩৫ বা ১৫৪৬–১৫৫০; বাংলা)
বৃন্দাবন দাস ঠাকুৰাৰ দ্বাৰা ৰচিত। তিনিটা খণ্ড: আদি-খণ্ড, মধ্য-খণ্ড, আৰু অন্ত্য-খণ্ড। নৱদ্বীপত চৈতন্যৰ আগৰ জীৱন, কাৰ্যকলাপ, প্ৰাথমিক আন্দোলন।
  • কৃষ্ণ-চৈতন্য-চৰিত-মহাকাব্য (সাঁচ:C. ১৫৩৫)
কবি কৰ্ণপুৰ (পৰমানন্দ সেন)ৰ দ্বাৰা ৰচিত।
  • কৃষ্ণ-চৈতন্য-চন্দ্ৰোদয়-নাটকম (সাঁচ:C. ১৫৩৫ – ১৫৭০ৰ দশক)
কবি কৰ্ণপুৰৰ দ্বাৰা ৰচিত। মুৰাৰী গুপ্তৰ কৃষ্ণ-চৈতন্য-চৰিতামৃতৰ আধাৰত। কৰ্ণপুৰে সৰুতে চৈতন্যৰ লগত ব্যক্তিগতভাৱে মত বিনিময় কৰিছিল।
  • চৈতন্য-চন্দ্ৰোদয়-নাটকম (সাঁচ:C. ১৫৩৮ বা ১৫৪০ বা ১৫৭২ বা ১৫৭৯; সংস্কৃত)
কবি কৰ্ণপুৰ (পৰমানন্দ সেন)ৰ দ্বাৰা ৰচিত। চৈতন্যৰ জীৱনৰ অৱলম্বনত ৰচিত এক নাট্য কৃতি।
  • চৈতন্য-চৰিতামৃত-কাব্য (সাঁচ:C. ১৫৪২ – ১৫০০ৰ দশকৰ শেষৰ ফালে; সংস্কৃত)
কবি কৰ্ণপুৰ (পৰমানন্দ সেন)ৰ দ্বাৰা ৰচিত। চৈতন্যৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এটি দীঘলীয়া জীৱনীমূলক কবিতা।
  • চৈতন্য-চৰিতামৃত (সাঁচ:C. ১৫৫৭ বা ১৫৮০ বা ১৬১৫; বাংলা)
কৃষ্ণদাস কবিৰাজৰ দ্বাৰা ৰচিত। তিনিটা খণ্ড: আদি-লীলা,মধ্য-লীলা, আৰু অন্ত্য-লীলা। চৈতন্যৰ জীৱনী আৰু শিক্ষাৰ ব্যাপক কৰ্তৃত্বশীল ৰচনা। মানৰিঙৰ মতে, ৰূপৰ কৰ্তৃত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি ধৰা কবি কৰ্ণপুৰৰ ৰচনাসমূহ বাদ দি তেওঁ শুদ্ধ বুলি ভবা মতে পূৰ্বৰ লেখক (কবি, ধৰ্মতত্ত্ববিদ আৰু জীৱনীকাৰ)ৰ পৰা উদাৰতাৰে আহৰণ কৰে।
  • চৈতন্য-মঙ্গল (সাঁচ:C. ১৫৬০ বা ১৫০০ৰ দশকৰ শেষৰ ফালে; বাংলা)
জয়নন্দৰ দ্বাৰা ৰচিত। নটা খণ্ড: আদিখণ্ড, নদিয়াখণ্ড, বৈৰাগ্যখণ্ড, সন্ন্যাসখণ্ড, উৎকলখণ্ড, প্ৰকাশখণ্ড, তীৰ্থখণ্ড, বিজয়খণ্ড, আৰু উত্তৰখণ্ড। চৈতন্যৰ ঈশ্বৰীয় প্ৰতিচ্ছবিক কেন্দ্ৰ কৰি আখ্যানমূলক নাটকৰ ৰূপত এটি জীৱনীমূলক কবিতা। ইয়েই একমাত্ৰ গ্ৰন্থ যʼত তেওঁৰ মৃত্যুৰ কথা উল্লেখ আছে। প্ৰস্তাৱনাত পূৰ্বৰ কেইবাজনো জীৱনীকাৰৰ কথা উল্লেখ কৰা হৈছে, যাৰ ভিতৰত কেৱল বৃন্দাবনৰ কথাহে জনা যায়। সাধাৰণ মানুহৰ বাবে (ভক্তৰ বাবে নহয়) লিখা।
  • চৈতন্যমঙ্গল (সাঁচ:C. ১৫৬০–৬৬ বা ১৫৭৫)
লোচন দাস (ওৰফে ত্ৰিলোকন দাস)ৰ দ্বাৰা ৰচিত। চাৰিটা খণ্ড: সূত্ৰখণ্ড, আদিখণ্ড, মধ্যখণ্ড, আৰু অন্ত্যখণ্ড। চৈতন্যৰ শৈশৱৰ কাৰ্যকলাপ আৰু তেওঁৰ মানৱীয় পক্ষক জনপ্ৰিয় কৰি তুলিবলৈ কোনো ধৰণৰ ঐশ্বৰিক বিষয়ৰ ওপৰত আলোকপাত নকৰাকৈ চিত্ৰিত কৰা এখন আখ্যানমূলক নাটক। মুৰাৰী গুপ্তৰ কৃষ্ণ-চৈতন্য-চৰিতামৃত আৰু বৃন্দাবন দাস ঠাকুৰৰ চৈতন্য ভাগৱতৰ লগতে মহাভাৰত আৰু বিভিন্ন পুৰাণৰ দ্বাৰা প্ৰভাৱিত।
  • চৈতন্য-চন্দ্ৰোদয়-কৌমুদী (বাংলা)
প্ৰেমদাস (পুৰুষোত্তম মিশ্ৰ)ৰ দ্বাৰা ৰচিত। কবি কৰ্ণপুৰৰ চৈতন্য-চন্দ্ৰোদয়-নাটকম নামৰ নাটকৰ পদ্য অভিযোজন।
  • গৌৰ-গণোদ্দেশ-দীপিকা (সাঁচ:C. ১৫৭৬)
কবি কৰ্ণপুৰ (পৰমানন্দ সেন)ৰ দ্বাৰা ৰচিত।
  • চৈতন্য-সংহিতা (বাংলা)
ভাগীৰথ বন্ধুৰ দ্বাৰা ৰচিত। শিৱই পত্নীক কোৱা কাহিনী হিচাপে উপস্থাপনত কামে আগম বা তান্ত্ৰিক গ্ৰন্থৰ পৰম্পৰা অনুসৰণ কৰে।
  • চৈতন্য-বিলাস (সাঁচ:C. ১৫০০ৰ দশক; ওড়িয়া)
মাধৱ দাসৰ দ্বাৰা ৰচিত। চৈতন্যৰ জীৱন সম্পৰ্কীয় দহটা খণ্ডত এখন চুটি কাব্যিক গ্ৰন্থ। কবিয়ে হয়তো সাধুজনৰ সংস্পৰ্শলৈ আহিছিল যেতিয়া পিছৰজন পুৰীলৈ আহিছিল।
  • গৌৰাঙ্গ-বিজয় (সাঁচ:C. ১৫০০ৰ দশক)
চুন্দমনি দাসৰ দ্বাৰা ৰচিত। তিনিটা খণ্ডত লিখা বুলি বিশ্বাস কৰা জীৱনীমূলক মহাকাব্য, প্ৰথম খণ্ডৰ মাত্ৰ এটা অংশহে এতিয়াও আছে। ইয়াত চৈতন্য, নিত্যানন্দ আৰু মাধবেন্দ্ৰ পুৰীৰ বিষয়ে আন ঠাইত পোৱা নোপোৱা কিছু তথ্য সন্নিবিষ্ট কৰা হৈছে।
  • শ্ৰীমান-মহাপ্ৰভোৰ-অষ্ট-কলীয়া-লীলা-স্মৰণ-মঙ্গল-স্তোত্ৰম (সাঁচ:C. ১৬০০ৰ দশকৰ শেষৰ ফালে; সংস্কৃত)
বিশ্বনাথ চক্ৰৱৰ্তীৰ দ্বাৰা ৰচিত। সুন্দৰ জটিল ভগৱানৰ চিৰন্তন আঠগুণ দৈনন্দিন ক্ৰীড়াৰ বৰ্ণনা কৰা এঘাৰটা সূত্ৰ (বীজ পদ)।
  • শ্ৰী গৌৰাঙ্গ-লীলামৃত (সাঁচ:C. ১৬০০ – ১৭০০ৰ দশকৰ শেষৰ ফালে; বাংলা)
কৃষ্ণ দাস (বিশ্বনাথ চক্ৰৱৰ্তীৰ শিষ্য)ৰ দ্বাৰা ৰচিত। তেওঁৰ গুৰুৰ এঘাৰটা সূত্ৰৰ ওপৰত ব্যাখ্যা কৰা, প্ৰায়ে বৃন্দাবন দাস ঠাকুৰৰ চৈতন্য ভাগৱতৰ শ্লোক উদ্ধৃত, লগতে নৰহৰী ঘনশ্যাম (ভক্তি-ৰত্নাকৰৰ লেখক) আৰু লোচন দাস (চৈতন্য-মংগলৰ লেখক)ৰ গীত।
  • চৈতন্য-উপনিষদ
এই গ্ৰন্থখন অথৰ্ববেদৰ অংশ যিয়ে চৈতন্যৰ পৰম ভগৱান আৰু যুগ অৱতাৰ হিচাপে পৰিচয়ৰ আপ্লুত প্ৰমাণ আগবঢ়ায়।
  • শ্ৰী চৈতন্য-চৰণামৃত ভাস্ব (১৮৮৭)
শ্ৰীল ভক্তিবিনোদ ঠাকুৰাৰ দ্বাৰা ৰচিত। চম্বল-পুৰৰ এজন পণ্ডিত মধুসুদন মহাৰাজৰ পৰা চৈতন্য-উপনিষদৰ এখন মূল হাতে লিখা পাণ্ডুলিপিৰ টীকা।
  • অমৃত-প্ৰবাহ-ভাষ্য (সাঁচ:C. ১৮০০ৰ দশকৰ শেষৰ ফালে – ১৯০০ৰ দশকৰ আৰম্ভণি; সংস্কৃত)
ভক্তিবিনোদ ঠাকুৰৰ দ্বাৰা ৰচিত। চৈতন্য-উপনিষদৰ টীকা।
  • অনুভাষ্য (১৯১৫)
ভক্তিসিদ্ধান্ত সৰস্বতীৰ দ্বাৰা ৰচিত। কৃষ্ণদাস কবিৰাজৰ চৈতন্য-চৰিতামৃতৰ টীকা।
  • শ্ৰী চৈতন্য-চৰিতামৃত (১৯৭৪; ইংৰাজী)
মূল বাংলা আৰু সংস্কৃতৰ সৈতে ইংৰাজীত অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদৰ দ্বাৰা ৰচিত। ভক্তিবিনোদ ঠাকুৰৰ অমৃত-প্ৰবাহ-ভাষ্য আৰু ভক্তিসিদ্ধান্ত সৰস্বতীৰ অনুভাষ্য টীকাৰ আধাৰত কৃষ্ণদাস কবিৰাজৰ চৈতন্য-চৰিতামৃতৰ টীকা।
  • কৃষ্ণ-চৈতন্য, তেওঁৰ জীৱন আৰু শিক্ষা (২০১৪; ইংৰাজী; আই.এচ.বি.এন. 978-91-981318-1-9)
ৱালথাৰ আইডলিটজৰ দ্বাৰা ৰচিত, মূলতঃ জাৰ্মান ভাষাত ৰচিত - কৃষ্ণ-চৈতন্য: চেইন লেবেন উণ্ড চেইন লেহ্ৰে, আৰু ষ্টকহোম বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত, ১৯৬৮, বৈজ্ঞানিক শৃংখলাৰ অংশ হিচাপে "তুলনামূলক ধৰ্মত ষ্টকহ'ম অধ্যয়ন।"

চৈতন্যৰ জ্ঞানতত্ত্ব, ধৰ্মতত্ত্ব আৰু অধিবিদ্যাৰ শিক্ষাসমূহক দহটা মৌলিক নীতি হিচাপে সংক্ষিপ্তকৰণ কৰা হৈছে, যাক দশমূল বুলি কোৱা হয়।[20]

দৰ্শন আৰু পৰম্পৰা

[সম্পাদনা কৰক]

বংগত চৈতন্যৰ ভক্তি আন্দোলনৰ আৰম্ভণিৰ পৰাই হৰিদাস ঠাকুৰ আৰু অন্যান্য, জন্মগতভাৱে মুছলমান হওক বা হিন্দু হওক, ইয়াত অংশগ্ৰহণ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ঊনবিংশ শতিকাত, দক্ষিণেশ্বৰৰ মহান সন্ত ৰামকৃষ্ণ পৰমহংসই চৈতন্যৰ ভক্তি পথৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাক তেওঁ "গৌৰাঙ্গ" (শ্ৰীশ্ৰীৰামকৃষ্ণকথামৃত) বুলি অভিহিত কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ঊনবিংশ শতিকাৰ শেষৰ ফালে ভক্তিবিনোদ ঠাকুৰৰ বহল দৃষ্টিভংগীৰ দ্বাৰা এই উন্মুক্ততাৰ বিকাশ ঘটিছিল আৰু বিংশ শতিকাত ভক্তিসিদ্ধান্ত সৰস্বতীয়ে তেওঁৰ গৌড়ীয় মঠত ইয়াক প্ৰতিষ্ঠানিক ৰূপ দিছিল।[21][বিসংগতিপূৰ্ণ উৎস]

বিংশ শতিকাত বাবা প্ৰেমানন্দ ভাৰতীয়ে (১৮৫৮-১৯১৪) প্ৰথমে চৈতন্যৰ শিক্ষাসমূহ পাশ্চাত্যলৈ আনিছিল।[22] তেওঁৰ ৰচিত শ্ৰীকৃষ্ণ-দ্য লৰ্ড অফ লাভ নামৰ গ্ৰন্থখন ইংৰাজীত গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ প্ৰথম সম্পূৰ্ণ দৈৰ্ঘ্যৰ বৰ্ণনা আছিল।[23] ১৯০২ চনত, তেওঁ নিউয়ৰ্ক মহানগৰত স্বল্পস্থায়ী "কৃষ্ণ সমাজ" চʼচাইটিৰ প্ৰতিষ্ঠা কৰে আৰু লছ এঞ্জেলছত এটি মন্দিৰ নিৰ্মাণ কৰে।[24][25] তেওঁ গুৰু প্ৰভু জগদ্বন্ধুৰ অনুগামী আছিল[26] আৰু তেওঁৰ শিক্ষাসমূহ পৰৱৰ্তীকালৰ ইস্কন অভিযানৰ দৰেই আছিল।[25] তেওঁৰ অনুগামীসকলে পিছত কেইবাটাও সংগঠন সৃষ্টি কৰে, যাৰ ভিতৰত আছে বৰ্তমান নিষ্ক্ৰিয় হৈ পৰা অৰ্ডাৰ অফ লিভিং চাৰ্ভিচ আৰু ইউনিভাৰ্চেল ট্ৰুথৰ এইউএম টেম্পল।[25] আন এগৰাকী বিশিষ্ট ধৰ্মপ্ৰচাৰক আছিল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদ (১৮৯৬-১৯৭৭), চৈতন্য পৰম্পৰাৰ ভক্তিসিদ্ধান্ত সৰস্বতী শাখাৰ প্ৰতিনিধি। প্ৰভুপাদে সমগ্ৰ বিশ্বতে চৈতন্যৰ শিক্ষা বিয়পাবলৈ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ (ইস্কন)ৰ নামত তেওঁৰ আন্দোলন আৰম্ভ কৰিছিল।[27] সাৰস্বত গুৰু আৰু আচাৰ্য, গোস্বামী বংশৰ সদস্য, আৰু চৈতন্য মহাপ্ৰভুক শ্ৰদ্ধা কৰা আন বহুতো হিন্দু সম্প্ৰদায়, মথুৰা জিলা, পশ্চিম বংগ আৰু ওড়িয়াৰ মুখ্য বৈষ্ণৱ মন্দিৰৰ ভক্তসকলে বিংশ শতিকাৰ শেষ দশকত ভাৰতৰ বাহিৰত কৃষ্ণ আৰু চৈতন্যক উৎসৰ্গিত মন্দিৰ স্থাপন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

সাংস্কৃতিক উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

বংগ, ওড়িশা আৰু মণিপুৰৰ সাংস্কৃতিক উত্তৰাধিকাৰৰ ওপৰত চৈতন্যৰ প্ৰভাৱ উল্লেখযোগ্য,[28] বহু বাসিন্দাই তেওঁক কৃষ্ণৰ অৱতাৰ হিচাপে দৈনিক পূজা-অৰ্চনা কৰে। কিছুমানে তেওঁক বংগৰ এক নৱজাগৰণৰ বাবে দায়ী কৰে,[29] যি উনবিংশ শতিকাৰ বংগৰ নৱজাগৰণতকৈ পৃথক। বাংলাদেশী ভাষাবিদ ছালিমুল্লাহ খান (জন্ম ১৯৫৮)ৰ মতে, "ষোড়শ শতিকাটোৱেই হৈছে চৈতন্য দেৱৰ সময়, আৰু ই বংগত আধুনিকতাবাদৰ আৰম্ভণি। ফলপ্ৰসূ হোৱা 'মানৱতা'ৰ ধাৰণাটো ইউৰোপৰ সমসাময়িক।" [30]

চৈতন্যৰ জীৱনৰ ওপৰত নিৰ্মিত বিখ্যাত বাংলা জীৱনীমূলক চলচ্চিত্ৰখন হʼল নীলাচলে মহাপ্ৰভু (১৯৫৭)। ছবিখনৰ পৰিচালক আছিল কাৰ্তিক চট্টোপাধ্যায় (১৯১২-১৯৮৯)।[31] চৈতন্যৰ মৃত্যুৰ ওপৰত আধাৰিত এখন বাংলা চলচ্চিত্ৰ হʼল লহো গৌৰাঙ্গেৰ নাম ৰে। সৃজিত মুখোপাধ্যায়ৰ দ্বাৰা পৰিচালিত এই ছবিখনত পৰমব্ৰত চট্টোপাধ্যায়ে চৈতন্য মহাপ্ৰভুৰ চৰিত্ৰত অভিনয় কৰিছিল।[32]

স্বীকৃতি

[সম্পাদনা কৰক]

২০২৪ চনত ভক্তিসিদ্ধান্ত সৰস্বতীৰ ১৫০তম জন্ম জয়ন্তীৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাষণ দি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৈতন্য মহাপ্ৰভুক “কৃষ্ণৰ প্ৰতি প্ৰেমৰ স্পৰ্শশিলা” বুলি অভিহিত কৰে। “তেওঁ আধ্যাত্মিকতাবাদ আৰু ধ্যান-ধাৰণাক জনসাধাৰণৰ বাবে সুলভ কৰি তুলিছিল”[33] আৰু কীৰ্তনৰ জৰিয়তে ভক্তিৰ পৰিৱৰ্তনশীল শক্তিৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰে।[33]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Valpey, Kenneth (2018). "Caitanya". In Jacobsen, Knut A.. Brill's Encyclopedia of Hinduism Online. Brill. 
  2. 2.0 2.1 Stewart, Tony K (2012). "Chaitanya, Sri". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 25 April 2025. 
  3. Delmonico 2007, p. 549: "The form of Vaishnavism inspired by the sixteenth-century saint-reformer Shri Krishna Chaitanya (1486–1533 C.E.) rested heavily upon a belief in the purifying and salvific powers of the names of God, whose fullest self-revelation Chaitanya believed to be Krishna".
  4. "Ravi Shankar discusses Sri Chaitanya Mahaprabhu". http://www.collectbritain.co.uk/galleries/faith/object.cfm?f=hinduism&uid=033ZZZ014133GG7U00001000। আহৰণ কৰা হৈছে: ২৭ ফেব্ৰুৱাৰী ২০১০. 
  5. Dasa 2007, pp. 377-378: "The Bhagavat Sandarbha [...] describes the concept of Bhagavan alluded to in Bhagavata 1.2.11. Jiva explains [...] [t]he relation between Bhagavan and His potency is one of inconceivable difference in non-difference, known as achintya-bhedabheda. It is in recognition of the nature of this relation that Chaitanya’s philosophy is called Achintya bhedaabheda-vada".
  6. Sri Chaitanya Mahaprabhu Archived 28 December 2017 at the Wayback Machine "He spread the Yuga-dharma as the practice for attainment of pure love for Radha-Krishna. That process is Harinam-Sankirtan, or the congregational chanting of the Holy Names of Krishna "Hare Krishna Hare Krishna Krishna Krishna Hare Hare, Hare Rama Hare Rama Rama Rama Hare Hare"
  7. In the Name of the Lord (Deccan Herald) "He was also given the name of ‘Gora’ because of his extremely fair complexion." Archived 7 December 2006 at the Wayback Machine
  8. "Gaura Purnima". www.krishna.com. Archived from the original on 12 March 2008. https://web.archive.org/web/20080312140828/http://www.krishna.com/node/1407। আহৰণ কৰা হৈছে: 16 December 2008. 
  9. Sri Gaura Purnima Archived 1 October 2020 at the Wayback Machine"givegita.com"
  10. KCM Archive"They named Him Nimai, as he was born under a neem tree." Archived 24 April 2008 at the Wayback Machine
  11. Sen, Dinesh Chandra. "Chaitanya and his age" (en ভাষাত). Internet Archive. https://archive.org/details/chaitanyahisage00senduoft। আহৰণ কৰা হৈছে: 16 August 2020. 
  12. Nair 2007, পৃষ্ঠা. 87.
  13. 13.0 13.1 13.2 13.3 Valpey, Kenneth (2018). "Caitanya". In Jacobsen, Knut A.. Brill's Encyclopedia of Hinduism Online. Brill. 
  14. Chattopadhyay, Nripendra Krishna (1961). Sri Sri Chaitanya Charitamrita. http://archive.org/details/in.ernet.dli.2015.265084. 
  15. Kabiraj, Krishnadas (1897). "Sachitra Sree Sree Chaitanyacharitamrita(Adi Lila)" (bn ভাষাত). Internet Archive. https://archive.org/details/in.ernet.dli.2015.453768। আহৰণ কৰা হৈছে: 29 July 2020. 
  16. Swami, A. C. Bhaktivedanta. "Śrī Caitanya-caritāmṛta(Ādi-līlā)" (en ভাষাত). vedabase.io. https://vedabase.io/en/library/cc/adi/। আহৰণ কৰা হৈছে: 12 August 2020. 
  17. Mukherjee 1999, পৃষ্ঠা. 65–66, 174, 280.
  18. Manring 2005, পৃষ্ঠা. 34–42, 44.
  19. PDF Archived 26 June 2020 at the Wayback Machine."Chapter 14". History of Vaishnavite cultures in Assam and Bengal a comparative study. পৃষ্ঠা. 253–255. http://hdl.handle.net/10603/127571. "Note, Sarma Mamoni is a researcher at Gauhati University under Chakraborty Amalendu." 
  20. Thakura, B. (1993). Jaiva dharma: The universal religion (K. Das, Trans.). Los Angeles, CA: Krishna Institute.
  21. Sherbow 2004, পৃষ্ঠা. 138.
  22. Carney 2020, পৃষ্ঠা. 135–136.
  23. Carney 2020, পৃষ্ঠা. 140.
  24. Carney 2020, পৃষ্ঠা. 152.
  25. 25.0 25.1 25.2 Jones & Ryan 2007, Baba Premanand Bharati.
  26. Carney 2020, পৃষ্ঠা. 140–143.
  27. "History of the Hare Krishna Movement | Krishna.com". www.krishna.com. Archived from the original on 24 January 2021. https://web.archive.org/web/20210124195422/http://krishna.com/history-hare-krishna-movement-0। আহৰণ কৰা হৈছে: 22 January 2021. 
  28. "Lord Chaitanya Mahaprabhu". Archived from the original on 7 June 2002. https://web.archive.org/web/20020607045307/http://www.krishna.com/printarticles/Lord_Chaitanya.html। আহৰণ কৰা হৈছে: 2 November 2020. 
  29. Bengal Studies Conference Archived 17 December 2014 at the Wayback Machine "History says that the Bengali people experienced the renaissance: not only once but also twice in the course of history. Bengalis witnessed the first renaissance in the 16th century when Hossain Shah and Sri Chaitanya’s idealism influenced a sect of the upper literal class of people"
  30. "Chaitanya Mahaprabhu". https://gaudiyahistory.iskcondesiretree.com/caitanya-mahaprabhu/। আহৰণ কৰা হৈছে: 2 November 2020. 
  31. Sur, Ansu; Goswami, Abhijit (1999). Bengali Film Directory. Nandan, West Bengal Film Centre. পৃষ্ঠা. 96. https://books.google.com/books?id=R-hkAAAAMAAJ. 
  32. Chakraborty, Shamayita (16 July 2021). "Parambrata to play Gourango in Srijit's next; will also sing in the film" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/parambrata-to-play-gourango-in-srijits-next-will-also-sing-in-the-film/articleshow/84485145.cms. 
  33. 33.0 33.1 Modi 2024.

উদ্ধৃত ৰচনাসমূহ

[সম্পাদনা কৰক]

<div style="-moz-column-count:

-webkit-column-count
column-count
">

অধিক পঢ়ক

[সম্পাদনা কৰক]

<div style="-moz-column-count:

-webkit-column-count
column-count
">

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Prone to spam