জৌনসাৰী | |
---|---|
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | উত্তৰাখণ্ড |
জাতীয়তা | Jaunsari |
স্থানীয় ভাষিক |
136,779 (2011)[1] |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | Sirmauri script(Historical)[2] Devanagari |
ভাষা সংকেত | |
ISO 639-3 | jns |
জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে।
জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।[3]
ঐতিহাসিকভাৱে জৌনসাৰী ভাষাৰ বাবে জৌনসাৰী লিপি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানে কিছু কিছু কামৰ বাবে দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।[4]
জৌনসাৰী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে ই "নিশ্চিতভাৱে লুপ্তপ্ৰায়" শাখাত পৰে। ইয়াৰ অৰ্থ হ'ল যে জৌনসাৰী ভাষা শিশুসকলে প্ৰায় নিশিকা হৈ পৰিছে[5] এথ'ন'লগৰ অনুমান ইয়াৰ বিপৰীতে।
২০১৬ চনত উত্তৰাখণ্ডৰ ৰাজ্যিক শিক্ষা ব'ৰ্ডে গঢ়ৱালী, কুমাঊঁনী, জৌনসাৰী আৰু ৰং ভাষাসমূহক পইলট ভিত্তিত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে শিকোৱাৰ ব্যৱস্থা কৰিছে, "নিজৰ উত্তৰাখণ্ডক জানক" নামৰ প্ৰকল্পৰ অধীনত।[6]