![]() এবেলাৰ্ড আৰু ইল’ইজ | |
সম্পূৰ্ণ নাম | পীয়েৰ এবেলাৰ্ড |
---|---|
জন্ম | ১০৭৯ নেটৰ ওচৰৰ লে পেলে, ফ্ৰান্স |
মৃত্যু | ২১ এপ্ৰিল ১১৪২ ছেল’ ছিৰ ছ’নৰ ওচৰৰ ছেইণ্ট মাৰ্চেলৰ এবে, ফ্ৰান্স |
যুগ | মধ্যযুগীয় দৰ্শন |
অঞ্চল | পাশ্চাত্য দৰ্শন |
ধাৰা | স্ক’লাষ্টিচিজ্ম পেৰিপেটেটিক ধাৰণাবাদ |
আগ্ৰহ | মেটাফিজিক্স, তৰ্কশাস্ত্ৰ, ভাষাৰ দৰ্শন, ধৰ্মতত্ত্ব |
উল্লেখযোগ্য কৰ্ম | ধাৰণাবাদ, লিম্ব’, প্ৰায়শ্চিত্তৰ নৈতিক প্ৰভাৱ তত্ত্ব[1][2] |
পীয়েৰ এবেলাৰ্ড (ফৰাচী: Pierre Abélard) আছিল মধ্যযুগৰ এগৰাকী ফৰাচী দাৰ্শনিক, বিদ্বান, আগশাৰীৰ যুক্তিবিদ, ধৰ্মতত্ত্ববিদ, কবি আৰু সংগীতজ্ঞ।[3]
দৰ্শন শাস্ত্ৰত, নমিনেলিজ্ম আৰু ধাৰণাবাদৰ জৰিয়তে সাৰ্বজনীনতাৰ সমস্যা (Problem of universals) সমাধান কৰাৰ লগতে নীতিশাস্ত্ৰত অভিপ্ৰায়ৰ (Intent in ethics) ওপৰত কৰা যুগান্তকাৰী কামৰ বাবে তেওঁ প্ৰশংসিত।[4] এবেলাৰ্ডক প্ৰায়ে “দ্বাদশ শতিকাৰ ডেকাৰ্টে” বুলি কোৱা হয়। ইয়াৰ উপৰিও তেওঁক ৰুছ’, কাণ্ট আৰু স্পিনোজাৰ পূৰ্বসূৰী বুলিও গণ্য কৰা হয়।[5] তেওঁক কেতিয়াবা আধুনিক অনুভৱবাদৰ মুখ্য অগ্ৰদূত হিচাপেও গণ্য কৰা হয়।[6]
ছাত্ৰী তথা পাছলৈ পত্নী হোৱা ইল’ইজৰ সৈতে এবেলাৰ্ডৰ আবেগিক তথা কৰুণ প্ৰেম আৰু তেওঁলোকৰ মাজত হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ বাবেহে এবেলাৰ্ড ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত বেছি বিখ্যাত। এবেলাৰ্ড নাৰী আৰু তেওঁলোকৰ শিক্ষাৰ ৰক্ষক আছিল। এবেলাৰ্ড আৰু ইল’ইজৰ মাজত হোৱা নিষিদ্ধ মিলনৰ বাবে ইল’ইজৰ খুৰাকে মানুহ পঠিয়াই এবেলাৰ্ডক ভগ্নমুষ্ক কৰি অপুৰুষ কৰি পেলায়। এই পৰিঘটনাৰ পিছত দুয়োজনেই মঠলৈ গৈ অৱসৰ লোৱাৰ পিছতো ইল’ইজে নিজকে তেওঁৰ পত্নী বুলি গণ্য কৰি ৰাজহুৱাভাৱে এবেলাৰ্ডৰ হকে মাত মাতিছিল যেতিয়া তেওঁৰ মতবাদক পোপ ইনোচেণ্ট দ্বিতীয়ই নিন্দা কৰিছিল আৰু এবেলাৰ্ডক বিদ্বেষী বুলি গণ্য কৰিছিল।[7]
কেথ’লিক ধৰ্মতত্ত্বত তেওঁ লিম্বোৰ ধাৰণাটোৰ বিকাশৰ বাবে, আৰু প্ৰায়শ্চিত্তৰ নৈতিক প্ৰভাৱ তত্ত্বৰ প্ৰৱৰ্তনৰ বাবে বেছিকৈ পৰিচিত। তেওঁক (হিপ্পোৰ অগষ্টিনৰ সৈতে) আধুনিক আত্ম-প্ৰতিফলিত আত্মজীৱনীকাৰৰ আটাইতকৈ উল্লেখযোগ্য অগ্ৰদূত হিচাপে গণ্য কৰা হয়। তেওঁৰ আত্মজীৱনী “হিষ্ট’ৰিয়া কেলামিটেটাম” আৰু ৰাজহুৱা চিঠি-পত্ৰৰ ব্যাপক বিতৰণৰ জৰিয়তে তেওঁ ভৱিষ্যতৰ এপিষ্ট’লাৰী উপন্যাস আৰু চেলিব্ৰিটি টেল-অলৰ (ব্যক্তিগত তথ্য সদৰি কৰা আত্মজীৱনী) বাবে ভেটি স্থাপন কৰিছিল আৰু শৈলী প্ৰতিষ্ঠা কৰিছিল।
আইনৰ ক্ষেত্ৰত এবেলাৰ্ডে জোৰ দি কৈছিল যে, যিহেতু বিষয়ভিত্তিক অভিপ্ৰায়ে মানুহৰ কাৰ্যৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে, গতিকে কোনো কাৰ্যৰ আইনী পৰিণতি কেৱল কাৰ্যৰ সৈতে নহয়, সেই ব্যক্তিজনৰ সৈতে জড়িত। এই মতবাদৰ জৰিয়তে এবেলাৰ্ডে মধ্যযুগত ব্যক্তিগত বিষয়ৰ ধাৰণাটোৰ ভেটি স্থাপন কৰিছিল যিটো আধুনিক আইনী নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে অৱশেষত স্কুল অৱ নট্ৰে-ডেম ডি পেৰিছ (পিছলৈ পেৰিছ বিশ্ববিদ্যালয়)ক আইনৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে স্বীকৃতি দিয়া হয়।