পৰিসংখ্যা | |
---|---|
বৈদ্যুতিক শক্তিৰ বিস্তৃতি | ৯৯.৭% (৯ জানুৱাৰী ২০১৯)[1][2] |
প্ৰতিস্থাপিত ধাৰণক্ষমতা | ৩৭০.১১ গিগাৱাট[3] |
জীৱাশ্ম ইন্ধনৰ অংশ | ৭৯.৮% |
নৱীকৰণযো্গ্য শক্তিৰ অংশ | ১৭.৩% |
বিদ্যুৎ শক্তিৰ পৰা গ্ৰীনহাউছ গেছৰ নিৰ্গমন | ২,১৯৪.৭৪ মেগাটন কাৰ্বন ডাই অক্সাইড[4] |
গড় হিচাপত বিদ্যুৎ শক্তিৰ ব্যৱহাৰ (২০১৮-১৯) | ১,১৮১ কিলোৱাট-আৱাৰ প্ৰতিজন |
বিতৰন আৰু সংবহন ক্ষতি (২০১৭-১৮) | ২১.০৪%[5] |
ঘৰুৱা ব্যৱহাৰ | ২৪.৭৬% (২০১৮-১৯[5]) |
ঔদ্যোগিক ব্যৱহাৰ (মুঠৰ শতাংশ, ২০১৮-১৯) |
৪১.১৬%[5] (২০১৮-১৯) |
কৃষিখণ্ডৰ ব্যৱহাৰ (মুঠৰ শতাংশ, ২০১৮-১৯) |
১৭.৬৯%[5] |
বাণিজ্যিক ব্যৱহাৰ (মুঠৰ শতাংশ, ২০১৮-১৯) |
৮.২৪%[5] |
Traction ব্যৱহাৰ (মুঠৰ শতাংশ, ২০১৮-১৯) |
১.৫২%[5] |
সেৱাসমূহ | |
বিদ্যুৎ উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশ | ৪৬% (মাৰ্চ ২০১৯) |
প্ৰতিষ্ঠানসমূহ | |
আঁচনি-প্ৰস্তুতকৰণৰ দায়িত্ব | ভাৰতৰ শক্তি মন্ত্ৰণালয় |
নৱীকৰণযোগ্য শক্তিৰ দায়িত্ব | নতুন আৰু নবীকৰণযোগ্য শক্তিৰ মন্ত্ৰণালয় |
পৰিৱেশৰ দায়িত্ব | পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰণালয় |
বৈদ্যুতিক খণ্ডৰ আইন | বিদ্যুৎ আইন, ২০০৩ |
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বিদ্যুৎ উৎপাদনকাৰী দেশ।[6]
২০২৩–২৪ চনৰ বিত্তীয় বৰ্ষত (বিত্তীয় বছৰ) দেশত মুঠ বিদ্যুৎ উৎপাদন আছিল ১,৯৪৯ টেৰাৱাট ঘণ্টা৷ ইয়াৰে ১,৭৩৪ টেৰাৱাট ঘণ্টা ইউটিলিটিৰ দ্বাৰা উৎপাদন কৰা হৈছিল।[7]
২০২৩-২৪ বিত্তীয় বৰ্ষত জনমূৰি মুঠ বিদ্যুৎ উৎপাদন আছিল ১,৩৯৫ কিলোৱাট ঘণ্টা।[7] ২০১৫ বিত্তীয় বৰ্ষত কৃষিক্ষেত্ৰত বৈদ্যুতিক শক্তিৰ ব্যৱহাৰ বিশ্বজুৰি সৰ্বাধিক (১৭.৮৯%) বুলি লিপিবদ্ধ কৰা হৈছে।[5]
ভাৰতত বিদ্যুতৰ শুল্ক কম হোৱাৰ পিছতো আন বেছিভাগ দেশৰ তুলনাত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ কম।[8]
ভাৰতীয় ৰাষ্ট্ৰীয় বৈদ্যুতিক গ্ৰীডৰ স্থাপন ক্ষমতা ২০২৪ চনৰ ৩১ মাৰ্চলৈকে ৪৪২.০ গিগাৱাট।[9] নবীকৰণযোগ্য শক্তি উদ্যোগসমূহে, য’ত বৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰসমূহো অন্তৰ্ভুক্ত কৰা হৈছে, মুঠ স্থাপন কৰা ক্ষমতাৰ ৪৩%।
ভাৰতৰ বিদ্যুৎ উৎপাদন বিশ্বৰ গড় (৪৮০ gCO2/kWh)তকৈ অধিক কাৰ্বন-নিবিড় (৭১৩ গ্ৰাম CO2 প্ৰতি কিলোৱাট ঘণ্টাত) আৰু ২০২৩ চনত কয়লাৰ উৎপাদনৰ তিনি চতুৰ্থাংশ।[10][11][12][13]
নবীকৰণযোগ্য শক্তিৰ বিনিয়োগ বৃদ্ধিৰ বাবে চৰকাৰে প্ৰচেষ্টা ঘোষণা কৰে। চৰকাৰৰ ২০২৩-২০২৭ চনৰ ৰাষ্ট্ৰীয় বিদ্যুৎ পৰিকল্পনাৰ অধীনত ভাৰতে বৰ্তমান নিৰ্মাণৰত জীৱাশ্ম ইন্ধন শক্তি কেন্দ্ৰৰ বাহিৰেও ইউটিলিটি খণ্ডত কোনো নতুন জীৱাশ্ম ইন্ধন শক্তি কেন্দ্ৰ নিৰ্মাণ নকৰে।[14][15] আশা কৰা হৈছে যে ২০২৯–৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধন উৎপাদনৰ অৱদান মুঠ মুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ৪৪.৭% হোৱাৰ সম্ভাৱনা আছে।[16]
১৮৭৯ চনৰ ২৪ জুলাইত কলিকতাত পোনপ্ৰথমবাৰৰ বাবে বৈদ্যুতিক বাল্ব অৰ্থাৎ বিজুলী-চাকিৰ প্ৰদৰ্শন কৰা হৈছিল। সম্পন্ন কৰিছিল পি.ডব্লিউ. ফ্লিউৰি আৰু কোম্পানীয়ে। ১৮৯৭ চনৰ ৭ জানুৱাৰীত কিলবাৰ্ণ এণ্ড কোম্পানীয়ে ইণ্ডিয়ান ইলেক্ট্ৰিক কোম্পানীৰ প্ৰতিনিধি হিচাপে কলিকতাৰ বৈদ্যুতিকীকৰণৰ অনুজ্ঞা পত্ৰ লাভ কৰে, যাৰ পঞ্জীয়ন হৈছিল ১৮৯৭ চনৰ ১৫ জানুৱাৰীত, লণ্ডনত। এমাহৰ পিছত এই কোম্পানীটোক কলিকতা বৈদ্যুতিক যোগান নিগম হিচাপে নামাংকিত কৰা হয়। অৱশ্যে কোম্পানীৰ নিয়ন্ত্ৰণটো ১৯৭০ চনতহে লণ্ডনৰ পৰা কলিকতালৈ বদলি কৰা হয়। যি কি নহওক, কলিকতাত বিদ্যুৎ বিতৰণে লাভ কৰা সফলতাৰ পাছত বোম্বাইত (এতিয়া মুম্বাই)লৈ বিদ্যুৎ শক্তি অনা হ'ল।[18] ১৮৮২ চনত মুম্বাইৰ ক্ৰফৰ্ড বজাৰত পোনপ্ৰথমবাৰৰ বাবে বিদ্যুৎ প্ৰজ্বলন প্ৰদৰ্শন কৰা হয়। ১৯০৫ চনত বোম্বাই বিদ্যুৎ যোগান আৰু ট্ৰামৱেইছ কোম্পানী (BEST)-এ ট্ৰামপথত (Tramways) শক্তি যোগানৰ বাবে এটা উৎপাদন কেন্দ্ৰ স্থাপন কৰে।[19]
১৮৯৭ চনত দাৰ্জিলিঙ পৌৰনিগমৰ বাবে ছিদ্ৰাপঙৰ এখন চাহ-বাগিচাৰ কাষত ভাৰতৰ প্ৰথমটো প্ৰকল্প ছিদ্ৰাপংগ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হয়।[20] ১৯০৫ চনৰ ৫ আগষ্টত বাংগালোৰত এছিয়াৰ প্ৰথমটো বৈদ্যুতিক পথ-চাকি (Street-Light) স্থাপন কৰা হয়।[21]১৯২৫ চনৰ ৩ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰে'ল চলে। ৰে'লখন চলিছিল মুম্বাইৰ হাৰ্বাৰ লাইনত; ভিক্টোৰিয়া টাৰ্মিনাছৰ পৰা পৰা কুৰ্লা ৰে'লৱে ষ্টেচনলৈকে।[22] ২০১৫ চনৰ ১৮ আগষ্টত, CIAL সৌৰশক্তি প্ৰকল্পটো শুভাৰম্ভণিৰ লগেলগেই কোচী আন্তৰ্জাতিক বিমানবন্দৰটো সৌৰশক্তিৰে চালিত পৃথিৱীৰ প্ৰথমটো পূৰ্ণপৰ্যায়ৰ বিমানবন্দৰ হৈ পৰে।[23][24]
১৯৬০ চনত ভাৰতে গ্ৰীড-পৰিচালনাৰ ধাৰণাটোক আঞ্চলিক পৰ্যায়লৈ লৈ আহে। ৰাজ্যিক গ্ৰীডসমূহ সম্পৰ্কিত কৰি ৫টা আঞ্চলিক গ্ৰীড সজা হয়। যিয়ে ভাৰতৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু উত্তৰ-পূবক সংলগ্ন কৰিলে। প্ৰতিটো খণ্ডৰে ৰাজ্যসমূহত অতিৰিক্তভাৱে বিদ্যুৎ শক্তিৰ সংবহন কৰিবলৈকে এই আঞ্চলিক গ্ৰীডসমূহ সংযুক্ত কৰা হ'ল। ১৯৯০ চনত ভাৰত চৰকাৰে এখন ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰিকল্পনা প্ৰস্তুত কৰে। আঞ্চলিক গ্ৰীডসমূহ পোনপ্ৰথমতে অসমলয়ী উচ্চবিভৱভেদ একমুখী প্ৰৱাহ (Asynchronous High Voltage Direct Current, HVDC)ৰ জৰিয়তে সংযুক্ত কৰা হ'ল আৰু সীমিত পৰিমাণৰ নিয়মীয়া শক্তিৰ বিনিময় কৰাৰ বাটটো মুকলি কৰা হ'ল। এই লিংক বা সংযোগবিন্দুসমূহ পৰ্যায়ক্ৰমে উন্নীতকৰণ হৈ থাকিল আৰু এসময়ত উচ্চক্ষমতাৰ সমলয়ী সংযোগবিন্দুলৈ তাক বিকশিত কৰা হ'ল।[25]
১৯৯১ চনৰ অক্টোবৰ মাহত আঞ্চলিক গ্ৰীডসমূহৰ মাজত প্ৰথমটো আন্তঃসংযোগ স্থাপন কৰা হ'ল যেতিয়া উত্তৰ-পূব আৰু আৰু পূব গ্ৰীডৰ মাজত সংযোগটো স্থাপন হ'ল। ২০০৩ চনৰ মাৰ্চত পশ্চিম গ্ৰীডটোক ইয়াৰ লগত সংযুক্তকৰণ হ'ল। ২০০৬ চনৰ আগষ্টত উত্তৰ গ্ৰীডটোকো ইয়াৰ লগত জড়িত কৰা হ'ল যাৰফলত একেটা কম্পনাংকতে চালিত হৈ থকা এটা কেন্দ্ৰীয় গ্ৰীড ভাৰতত তৈয়াৰ হ'ল।[25] ২০১৩ চনৰ ৩১ ডিচেম্বৰত ৭৬৫ কিলোভল্ট ৰায়চোৰ-চোলাপুৰ সংবহন তাঁৰৰ মাজেৰে প্ৰৱাহ চালিত কৰাৰ লগেলগে অৱশিষ্ট দক্ষিণ গ্ৰীডটোও কেন্দ্ৰীয় গ্ৰীডৰ লগত সংযুক্ত হৈ পৰিল।[25][26]
জলবিদ্যুৎ উৎপাদনৰ কিছু বিফলতা সত্ত্বেও ২০১৫ কেলেণ্ডাৰ বৰ্ষৰ সমাপ্তি পৰ্যন্ত, ভাৰত এখন শক্তি-অতিৰিক্ত দেশ (Power Surplus Nation) হৈ পৰে।[27][28][29] ২০১৭ চনৰ ২৯ মাৰ্চত, কেন্দ্ৰীয় বিদ্যুৎ শক্তি কৰ্তৃপক্ষ (CEA)-য়ে জনোৱা মতে, পোনপ্ৰথমবাৰৰ বাবে ভাৰত বিদ্যুৎ শক্তিৰ ৰপ্তানিকাৰী হৈ পৰিছে। ৫,৫৮৫ মিলিয়ন ইউনিট শক্তি আমদানি কৰাৰ পৰিৱৰ্তে ৫,৭৯৮ মিলিয়ন ইউনিট শক্তি ভাৰতে ইয়াৰ চুবুৰীয়া দেশসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।[30]
তাৰিখ |
তাপবিদ্যুৎ (মেগাৱাট) | নিউক্লিয়াৰ (মেগাৱাট) |
নৱীকৰণযোগ্য (মেগাৱাট) | মুঠ(মেগাৱাট) | বিকাশৰ শতাংশ (বৰ্ষভিত্তিত) | |||||
---|---|---|---|---|---|---|---|---|---|---|
কয়লা | গেছ | ডিজেল | সৰ্বমুঠ তাপ |
জল | অন্যান্য নৱীকৰণযোগ্য |
সৰ্বমুঠ নৱীকৰণযোগ্য | ||||
31-Dec-1947 | 756 | - | 98 | 854 | - | 508 | - | 508 | 1,362 | - |
31-Dec-1950 | 1,004 | - | 149 | 1,153 | - | 560 | - | 560 | 1,713 | 8.59% |
31-Mar-1956 | 1,597 | - | 228 | 1,825 | - | 1,061 | - | 1,061 | 2,886 | 13.04% |
31-Mar-1961 | 2,436 | - | 300 | 2,736 | - | 1,917 | - | 1,917 | 4,653 | 12.25% |
31-Mar-1966 | 4,417 | 137 | 352 | 4,903 | - | 4,124 | - | 4,124 | 9,027 | 18.80% |
31-Mar-1974 | 8,652 | 165 | 241 | 9,058 | 640 | 6,966 | - | 6,966 | 16,664 | 10.58% |
31-Mar-1979 | 14,875 | 168 | 164 | 15,207 | 640 | 10,833 | - | 10,833 | 26,680 | 12.02% |
31-Mar-1985 | 26,311 | 542 | 177 | 27,030 | 1,095 | 14,460 | - | 14,460 | 42,585 | 9.94% |
31-Mar-1990 | 41,236 | 2,343 | 165 | 43,764 | 1,565 | 18,307 | - | 18,307 | 63,636 | 9.89% |
31-Mar-1997 | 54,154 | 6,562 | 294 | 61,010 | 2,225 | 21,658 | 902 | 22,560 | 85,795 | 4.94% |
31-Mar-2002 | 62,131 | 11,163 | 1,135 | 74,429 | 2,720 | 26,269 | 1,628 | 27,897 | 105,046 | 4.49% |
31-Mar-2007 | 71,121 | 13,692 | 1,202 | 86,015 | 3,900 | 34,654 | 7,760 | 42,414 | 132,329 | 5.19% |
31-Mar-2012 | 112,022 | 18,381 | 1,200 | 131,603 | 4,780 | 38,990 | 24,503 | 63,493 | 199,877 | 9.00% |
31-Mar-2017 | 192,163 | 25,329 | 838 | 218,330 | 6,780 | 44,478 | 57,260 | 101,138 | 326,841 | 10.31% |
31-Mar-2018 | 197,171 | 24,897 | 838 | 222,906 | 6,780 | 45,293 | 69,022 | 114,315 | 344,002 | 5.25% |
31-Mar-2019[3] | 200,704 | 24,937 | 637 | 226,279 | 6,780 | 45,399 | 77,641 | 123,040 | 356,100 | 3.52% |
নিষ্ক্ৰিয় অৱস্থাত থকা বহনক্ষমতাক(য'তেই প্ৰযোজ্য) বিয়োগ কৰিহে এইখন প্ৰস্তুত কৰা হৈছে। ৩১ মাৰ্চ ২০১৯ পৰ্যন্ত প্ৰায় ৪০,০০০ মেগাৱাট শক্তি নিৰ্মীয়মান পৰ্যায়ত আছে।[31]
২০১৯ চনৰ ৩১ জুলাই পৰ্যন্ত বিদ্যুৎ শক্তিৰ (ব্যৱহাৰ্য) উৎপাদনভিত্তিক বহনক্ষমতা, খণ্ড আৰু প্ৰকাৰ হিচাপে তলত দিয়া হৈছে- [32]
খণ্ড | তাপ (মেগাৱাট) | নিউক্লিয়াৰ (মেগাৱাট) |
নৱীকৰণযোগ্য (মেগাৱাট) | সৰ্বমুঠ (মেগাৱাট) | % | |||||
---|---|---|---|---|---|---|---|---|---|---|
কয়লা | লিগনাইট | গেছ | ডিজেল | Sub-Total তাপ |
জল | অন্যান্য নৱীকৰণযোগ্য | ||||
ৰাজ্য চৰকাৰসমূহ | 64,736.50 | 1,290.00 | 7,118.71 | 363.93 | 73,509.13 | 0.00 | 26,958.50 | 2,349.98 | 102,817.61 | 29 |
কেন্দ্ৰীয় চৰকাৰ | 56,340.00 | 3,140.00 | 7,237.91 | 0.00 | 66,717.91 | 6,780.00 | 15,046.72 | 1,632.30 | 90,176.93 | 25 |
ব্যক্তিগত | 74,733.00 | 1,830.00 | 10,580.60 | 273.70 | 87,417.30 | 0.00 | 3,394.00 | 76,650.52 | 167,461.82 | 46 |
সৰ্বভাৰতীয় | 195,809.50 | 6,260.00 | 24,937.22 | 637.63 | 227,644.34 | 6,780.00 | 45,399.22 | 80,632.80 | 360,456.37 | 100 |
৩১ মাৰ্চ ২০১৯ পৰ্যন্ত উদ্যোগ-নিয়ন্ত্ৰিত(১ মেগাৱাটতকৈ ঊৰ্ধৰ) আবদ্ধ শক্তি কেন্দ্ৰৰ মুঠ বহনক্ষমতা হৈছে ৫৮,০০০ মেগাৱাট। ২০১৮-১৯ ৰাজহবৰ্ষত মুঠ ১৭৫,০০০ গিগাৱাট-ঘণ্টা শক্তি ইয়াত উৎপাদন হৈছিল।[5][33]৭৫,০০০ মেগাৱাটৰ শক্তিসম্পন্ন ডিজেল জেনেৰেটৰৰ ছেটো দেশত স্থাপিত হৈছে।[34][35] ইয়াৰ লগতে ১০০ কে.ভি.এ.তকৈ কমশক্তিসম্পন্ন বহুতো ডিজেল জেনেৰেটৰো স্থাপিত হৈ আছে- যিবোৰে সকলোধৰণৰ খণ্ডতে হ'ব পৰা জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকে। [36]
ক্ৰমাংক | উৎস | আবদ্ধ শক্তিৰ বহনক্ষমতা (মেগাৱাট) | অংশীদাৰিত্ব | উৎপাদিত শক্তি (গিগাৱাট-ঘণ্টা) | অংশীদাৰিত্ব |
---|---|---|---|---|---|
১ | কয়লা | 34,833 | 60.06% | 141,137 | 80.64% |
২ | জলবিদ্যুৎ | 48 | 0.08% | 97 | 0.09% |
৩ | নৱীকৰণযোগ্য শক্তিৰ উৎস | 1,881 | 3.24% | 2,258 | 1.28% |
৪ | প্ৰাকৃতিক গেছ | 7,753 | 13.37% | 23,785 | 13.58% |
৫ | তেল | 13,485 | 23.25% | 7,723 | 4.41% |
মুঠ | 58,000 | 100.00% | 175,000 | 100.00% |
Year* | Population (millions) |
Consumption (GWh) |
% of Total | Per-Capita Consumption (in kWh) | |||||
---|---|---|---|---|---|---|---|---|---|
Domestic | Commercial | Industrial | Traction | Agriculture | Misc | ||||
1947** | 330 | 4,182 | 10.11% | 4.26% | 70.78% | 6.62% | 2.99% | 5.24% | 16.3 |
1950** | 376 | 5,610 | 9.36% | 5.51% | 72.32% | 5.49% | 2.89% | 4.44% | 18.2 |
1956 | 417 | 10,150 | 9.20% | 5.38% | 74.03% | 3.99% | 3.11% | 4.29% | 30.9 |
1961 | 458 | 16,804 | 8.88% | 5.05% | 74.67% | 2.70% | 4.96% | 3.75% | 45.9 |
1966 | 508 | 30,455 | 7.73% | 5.42% | 74.19% | 3.47% | 6.21% | 2.97% | 73.9 |
1974 | 607 | 55,557 | 8.36% | 5.38% | 68.02% | 2.76% | 11.36% | 4.13% | 126.2 |
1979 | 681 | 84,005 | 9.02% | 5.15% | 64.81% | 2.60% | 14.32% | 4.10% | 171.6 |
1985 | 781 | 124,569 | 12.45% | 5.57% | 59.02% | 2.31% | 16.83% | 3.83% | 228.7 |
1990 | 870 | 195,098 | 15.16% | 4.89% | 51.45% | 2.09% | 22.58% | 3.83% | 329.2 |
1997 | 997 | 315,294 | 17.53% | 5.56% | 44.17% | 2.09% | 26.65% | 4.01% | 464.6 |
2002 | 1089 | 374,670 | 21.27% | 6.44% | 42.57% | 2.16% | 21.80% | 5.75% | 671.9 |
2007 | 1179 | 525,672 | 21.12% | 7.65% | 45.89% | 2.05% | 18.84% | 4.45% | 559.2 |
2012 | 1,220 | 785,194 | 22.00% | 8.00% | 45.00% | 2.00% | 18.00% | 5.00% | 883.6 |
2013 | 1,235 | 824,301 | 22.29% | 8.83% | 44.40% | 1.71% | 17.89% | 4.88% | 914.4 |
2014 | 1,251 | 881,562 | 22.95% | 8.80% | 43.17% | 1.75% | 18.19% | 5.14% | 957 |
2015 | 1,267 | 938,823 | 23.53% | 8.77% | 42.10% | 1.79% | 18.45% | 5.37% | 1010.0 |
2016 | 1,283 | 1,001,191 | 23.86% | 8.59% | 42.30% | 1.66% | 17.30% | 6.29% | 1075 |
2017 | 1,299 | 1,066,268 | 24.32% | 9.22% | 40.01% | 1.61% | 18.33% | 6.50% | 1122 |
2018 | 1,322 | 1,130,244 | 24.20% | 8.51% | 41.48% | 1.27% | 18.08% | 6.47% | 1149 |
2019 | 1,345 | 1,196,309 | 24.76% | 8.24% | 41.16% | 1.52% | 17.69% | 6.63% | 1181 |
* Data from fiscal year ending on 31 March of each year.
** Refers to fiscal year ending on 31 December.
Note: Per Capita Consumption=(gross electricity generation by all sources plus net import) / mid year population. 'Consumption' is 'gross electricity generation by all sources plus net import' after subtracting transmission loses and auxiliary consumption in electricity generation.
The per capita annual domestic electricity consumption in India during the year 2009 was 96 kWh in rural areas and 288 kWh in urban areas for those with access to electricity. Globally the per capita annual average is 2,600 kWh and in the European Union it is 6,200 kWh.[37]
State/Union territory | Region | Per-Capita Consumption (kWh/year) |
---|---|---|
Dadra and Nagar Haveli | Western | 15,783 |
Daman and Diu | Western | 7,965 |
Goa | Western | 2,466 |
Gujarat | Western | 2,279 |
Chhattisgarh | Western | 2,016 |
Maharashtra | Western | 1,307 |
Madhya Pradesh | Western | 989 |
Puducherry | Southern | 1,784 |
Tamil Nadu | Southern | 1,847 |
Andhra Pradesh[39] | Southern | 1,319 |
Telangana | Southern | 1,551 |
Karnataka | Southern | 1,367 |
Kerala | Southern | 763 |
Lakshadweep | Southern | 633 |
Punjab | Northern | 2,028 |
Haryana | Northern | 1,975 |
Delhi | Northern | 1,574 |
Himachal Pradesh | Northern | 1,340 |
Uttarakhand | Northern | 1,454 |
Chandigarh | Northern | 1,128 |
Jammu and Kashmir | Northern | 1,282 |
Rajasthan | Northern | 1,166 |
Uttar Pradesh | Northern | 585 |
Odisha | Eastern | 1,622 |
Sikkim | Eastern | 806 |
Jharkhand | Eastern | 915 |
West Bengal | Eastern | 665 |
Andaman and Nicobar Islands | Eastern | 370 |
Bihar | Eastern | 272 |
Arunachal Pradesh | North Eastern | 648 |
Meghalaya | North Eastern | 832 |
Mizoram | North Eastern | 523 |
Nagaland | North Eastern | 345 |
Tripura | North Eastern | 470 |
Assam | North Eastern | 339 |
Manipur | North Eastern | 326 |
National | 1,122 |
Note: Per capita consumption = (gross electricity generation + net import) / mid year population.
<ref>
টেগ;
capacity
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
<ref>
টেগ;
exmaa
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই